গুৱাহাটী: সোণাপুৰৰ ট্ৰাইবেল বেল্ট-ব্লকৰ কচুতলীৰ উচ্ছেদথলী বুধবাৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে মাটিৰ দালালক সকীয়দি দি প্ৰয়োজনত এন এছ এ অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰো হুংকাৰ দিলে সোণাপুৰৰ উচ্ছেদথলীত । গুৱাহাটীৰ কাহিলীপাৰাত থকা দশম অসম বেটেলিয়ান স্থানান্তৰ কৰি প্ৰতিষ্ঠা কৰা হ’ব কচুতলীৰ এই ভূমিত ।
১০০ বিঘা মাটিত হ’বলগীয়া দশম এ পি বি এনৰ ভূমিখিনি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য যে ছমাহৰ ভিতৰত আৰম্ভ হ’ব বেটেলিয়ানটোৰ নিৰ্মাণ কাৰ্য । ১০০ বিঘা মাটিৰ উপৰিও বাকী থকা দখলমুক্ত হোৱা ভূমিখিনি ভাল কামত ব্যৱহাৰ হোৱাত গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰীৰ । এই মাটিত বিশ্ববিদ্যালয়, মেডিকেল কলেজ আদি স্থাপনৰো পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে ৷
“আমি সকলোৰে লগত আলোচনা কৰি বাকী থকা মাটিখিনি কিদৰে সদব্যৱহাৰৰ কৰিব পাৰি চাম ৷ এখন মেডিকেল কলেজ হ’ব পাৰে, এখন ইউনিভাৰ্চিটি হ’ব পাৰে, ইঞ্জিনিয়াৰিং কলেজ হ’ব পাৰে । নাইবা জনজাতি লোক হ’লে ভূমিহীনক আবণ্টন দিব পৰা যায় নেকি, আলোচনা কৰিম । ছমাহৰ পিছৰ পৰা বেটেলিয়নৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷ বেছি মাটি নালাগে । ১০০ বিঘা মাটি হ’লেই হ’ব ।”—ক’লে মুখ্যমন্ত্ৰীয়ে ৷
আনহাতে উচ্ছেদৰ পিছতো পুনৰ মাটি দখলৰ আশাত কচুতলীৰ মছজিদত থকা একাংশ লোকৰ সৈতে পোনপটীয়াভাৱে কথা পাতি তেওঁলোকক সেই ঠাই এৰিবলৈ উপদেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ মন্তব্য, “উচ্ছেদিত কিছু লোক মছজিদ এটাত আছে । কিছু দালালে তেঁওলোকক মাতি মাতি আনে । মই এডভোকেট জেনেৰেলক কৈছো, কেছটো শেষ কৰিবলৈ ৷ আজিৰ পৰা তেঁওলোকে গম পাব যে চৰকাৰ এইক্ষেত্ৰত কঠোৰ । আমি পুনৰ কেতিয়াও বহিব নিদিও ।"
উচ্ছেদথলীত এতিয়াও মাটি ঘূৰাই পাম বুলি আশা পালি থকাসকলক মুখ্যমন্ত্ৰীয়ে পোনপটীয়াভাৱে কথা পাতি তেওঁলোকক নিজৰ ঠাইলৈ ঘূৰি যাবলৈ আহবান জনায় । লোকসকলক ভাৰতীয় নাগৰিক আৰু ভূমিহীন হ’লে নিজৰ পূৰ্বৰ ঠাইত ভূমিৰ ব্যৱস্থা কৰাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে । সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে কয়, “উচ্ছেদিত মানুহবিলাক যদি সঁচাকৈ ভূমিহীন হয়, ভাৰতীয় হয়, তেন্তে তেওঁলোক য’ৰ পৰা আহিছে তাতেই ভূমি দিয়াৰ ব্যৱস্থা কৰিব পাৰিম । ভূমিহীন ভাৰতীয় হ’লে ভূমি দিয়াত অসুবিধা নাই একো ।”
কচুতলীত একাংশ দালালজাতীয় লোকে এতিয়াও কিছু লোকক মাটি দখল কৰিবলৈ বাৰে বাৰে মাতি আনে । এনে দালালক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি দীৰ্ঘদিন কাৰাগাৰত ৰাখিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “কচুতলীত আমি প্ৰায় এহেজাৰ বিঘা মাটি উচ্ছেদ কৰি ৰাখিব পাৰিছোঁ । কিন্তু কিছুমান মাটিৰ দালাল আছে, তেঁওলোকে মানুহবোৰক পুনৰ বাৰে বাৰে মাতি আনে । দালালখিনিক আমি এন এছ এত গ্ৰেপ্তাৰ কৰি ল’ম । কালি আমি তিনি-চাৰিজনমানক এৰেষ্ট কৰিছোঁ । কিন্তু তেঁওলোকক আমি দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব । আমি ইয়াত এটা পুলিচ বেটেলিয়ন স্থাপন কৰিম । যাতে মাটিখিনি সুৰক্ষিত থাকে ৷”
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আপোনালোকে জানে কচুতলীত এই গোটেই অঞ্চলটো ট্ৰইবেল বেল্ট আৰু ব্লক । হ’লেও দুটা নিয়ম আছে, বেল্ট আৰু ব্লক হোৱাৰ আগৰে পৰা যিসকল অজনজাতীয় লোক আছে, তেওঁলোক থাকিব পাৰে ৷ বেল্ট আৰু ব্লক হোৱাৰ পিছত ইয়াত কোনো আহিব নোৱাৰে । গতিকে ট্ৰাইবেল বেল্ট আৰু ব্লক হোৱাৰ আগৰে পৰা যিসকল ইয়াত আছে তেওঁলোকক আমনি কৰাৰ কোনো কথাই নাহে । কিন্তু বেল্ট আৰু ব্লক হোৱাৰ পিছত যিসকল আহিছে তেওঁলোকক আমি লাহে লাহে পঠিয়াব লাগিব ৷ সমস্যটো হৈছে, আমি ৰাজনীতি কৰা মানুহসকলে কাৰোবাক ইলেকট্ৰিচিটি দিলোঁ, কাৰোবাক ৰাস্তা বনাই দিলো, পানীৰ সুবিধা দিলোঁ । লাহে লাহে বিষয়টো আমাৰ হাতৰ বাহিৰত ওলাই গৈছিলগৈ ৷”