গুৱাহাটী : প্ৰত্যেক বছৰেই ব্যাপক ঢাক-ঢোল বজাই ৰাজ্যত অনুষ্ঠিত কৰা হয় গুণোৎসৱ । চৰকাৰী শিক্ষাখণ্ডৰ অভাৱ-অভিযোগ দূৰ কৰি গুণগত শিক্ষাৰে সৰ্বাংগীন উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰি অহা হৈছে গুণোৎসৱ ।
এই গুণোৎসৱৰ যোগেদি শিক্ষা খণ্ডৰ বহু দিশ পোহৰলৈ আহে যদিও বাস্তৱত সেই দিশত কাম কৰা নহয় । যাৰ বাবে ৰাজহুৱা শিক্ষা খণ্ডটোৱে সময়ৰ সৈতে আগুৱাই যাবলৈ সক্ষম হোৱা নাই ।

ৰাজ্য চৰকাৰে কথাই কথাই ডিজিটেল অসমৰ কথা কয় যদিও শিক্ষার্থীৰ মাজত কম্পিউটাৰ শিক্ষা প্ৰদানৰ ক্ষেত্রত চৰম অবজ্ঞা কৰিছে । ৰাজহুৱাখণ্ডৰ বিদ্যালয়সমূহ বিশেষকৈ গাঁও অঞ্চলত বৰ্তি আছে আৰু সাধাৰণ শ্ৰেণীৰ পৰিয়ালৰ সন্তানে এই শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰে । কিন্তু অতি পৰিতাপৰ কথা যে ৰাজহুৱা খণ্ডৰ ৭১ শতাংশৰো অধিক হাইস্কুল এতিয়াও কম্পিউটাৰ শিক্ষাৰ পৰা দূৰৈত আছে ।
শিক্ষা ব্যৱস্থাক 'ডিজিটেলী' আগুৱাই নিয়াৰ পৰিকল্পনা কৰি ৰাজ্য চৰকাৰে ই-এডুকেশ্বনৰ বাবে বিষয় নির্ধাৰণ কৰিছে যদিও ৰাজ্যত হাইস্কুল পর্যায়তো কম্পিউটাৰ শিক্ষাৰ অৱস্থা এতিয়াও তথৈবচ হৈয়ে আছে ।
- চৰকাৰী হাইস্কুল আৰু কম্পিউটাৰ শিক্ষা :
শিক্ষা বিভাগৰ এগৰাকী যুটীয়া সঞ্চালক পৰ্যায়ৰ বিষয়াই দিয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ৩৩২৫ খন হাইস্কুল আছে । শিক্ষা সেতুত উপস্থিতি প্ৰদানৰ পৰা আৰম্ভ কৰি মূল্যায়ন, মার্কশ্বিট, এডমিট কার্ড ডাউনলোড কৰালৈ ব্যৱস্থাসমূহ ডিজিটেল পদ্ধতিত কৰা হৈছে । কিন্তু ইয়াৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ ৩৩২৫ খন হাইস্কুলৰ ভিতৰত ১২৯৫ খন হাইস্কুলতহে বাণীকান্ত কাকতি কম্পিউটাৰ শিক্ষাৰ সুবিধা আছে ।
কম্পিউটাৰ সাক্ষৰতাৰ ব্যৱস্থা থকা হাইস্কুলসমূহত কম্পিউটাৰ শিক্ষক আছে ১২১৩ গৰাকী । তাৎপর্যপূর্ণ যে জনজাতীয় লোক বসতিপ্রধান তথা পিছ পৰা জিলাসমূহত কম্পিউটাৰ সাক্ষৰতাৰ প্ৰতি সম্পূর্ণভাৱে অনীহা প্ৰদৰ্শন কৰি আহিছে ৰাজ্য চৰকাৰে ।

বিষয়াগৰাকীয়ে দিয়া তথ্য মতে ডিমা হাছাও জিলাত ৩১ খন হাইস্কুল আছে আৰু জিলাখনৰ কোনো এখন হাইস্কুলতে কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা নাই ।
সেইদৰে চিৰাং জিলাত ৪০ খন হাইস্কুলৰ ভিতৰত ৫ খনত, কাৰ্বি আংলং (অবিভক্ত) জিলাত ১২৪ খন হাইস্কুলৰ ভিতৰত ৬ খনত, বাক্সাৰ ১৫৬ খন হাইস্কুলৰ ১১ খনত, ওদালগুৰি জিলাৰ ৭০ খন হাইস্কুলৰ ৮ খনত আৰু কোকৰাঝাৰৰ ৭৪খন হাইস্কুলৰ ভিতৰত ১৭ খনত কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা আছে ।

- কম্পিউটাৰ শিক্ষক আৰু শিক্ষানুষ্ঠান :
লক্ষণীয় বিষয় যে পূৰ্বতে ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা অভিযান আছিল যদিও এই অভিযানৰ নাম ২০১৮ চনত ড° বাণীকান্ত কাকতি সাক্ষৰতা অভিযান হিচাপে সলনি কৰা হয় । এই আঁচনিৰ অধীনত ৰাজ্যৰ ৩৩২৫ খন হাইস্কুলৰ ভিতৰত ১২১৩ গৰাকী অংশকালীন কম্পিউটাৰ শিক্ষক নিযুক্তি হৈ আছে ।
তেওঁলোকৰ চাকৰি কাল মাজে মাজে বৃদ্ধি কৰি মাত্র ১৪ হাজাৰ টকাত নিয়োজিত কৰি ৰখা হৈছিল । অৱশ্যে ২০২৫-২৬ চনৰ বাজেটত কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি সেৱা কাল ৬০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰা হয় ।
আনহাতে তেওঁলোকৰ দৰমহা ২০ হাজাৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ বাজেটত ৰখা হৈছে । শিক্ষাৰ্থীৰ মাজত কম্পিউটাৰ শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ বাবে বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰ অভিযানে সকলো হাইস্কুলকে এই পর্যন্ত সামৰি ল'ব পৰা নাই ।

সাধাৰণতে পিছপৰা বুলি অভিযোগ উঠি অহা জিলাসমূহৰ অধিকাংশ হাইস্কুলো কম্পিউটাৰ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । কাৰণ মাজুলীত ৫৮ খন হাইস্কুলৰ ভিতৰত ১২ খনত, হাইলাকান্দিত ৪২ খনৰ ভিতৰত ৮ খনত, শ্ৰীভূমিৰ ৭৮ খনৰ ভিতৰত ১৯খন হাইস্কুলতহে কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা আছে ।
ইয়াৰ বিপৰীতে যোৰহাট জিলাত ১১৩ খন হাইস্কুলৰ ৮৪ খনত, চৰাইদেউ জিলাৰ ৪৪ খনৰ ভিতৰত ২২খনত, কামৰূপ মহানগৰত ৯০ খনৰ ৫০খনত, শিৱসাগৰৰ ১০৮ খনৰ ৭৪ খন হাইস্কুলত কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা আৰু শিক্ষক আছে ।
চৰকাৰে সকলোবোৰ ক্ষেত্ৰতে অনলাইন, প'ৰ্টেল, এপছ ব্যৱহাৰ কৰি সমগ্ৰ ব্যৱস্থাক ডিজিটাইজ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়াও সকলো হাইস্কুলতে কম্পিউটাৰ শিক্ষা প্ৰৱৰ্তন কৰিব পৰা নাই । যাৰ বাবে ৰাজহুৱা খণ্ডৰ অধিকাংশ শিক্ষার্থীয়ে কম্পিউটাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।
- হ্ৰাস পাইছে চৰকাৰী বিদ্যালয় আৰু শিক্ষক-শিক্ষাৰ্থীৰ সংখ্যা :
শেহতীয়াকৈ বিধানসভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দিয়া তথ্য অনুসৰি ২০১৫-১৬ বৰ্ষত ৰাজ্যত প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ আদৰ্শ বিদ্যালয়কে ধৰি চৰকাৰী তথা প্ৰদেশীকৃত বিদ্যালয়ত সংখ্যা আছিল ৫২,২৩২ খন । ২০২৩-২৪ বৰ্ষত সেই সংখ্যা ৪৪,৫৬৪ খনলৈ হ্ৰাস পালে । অৰ্থাৎ বিগত এই সময়চোৱাত চৰকাৰী বিদ্যালয়ৰ সংখ্যা ৭৬৬৮খন হ্ৰাস পালে ।

সেইদৰে ২০১৫-১৬ বৰ্ষত উক্ত চৰকাৰী বিদ্যালয়ত শিক্ষকৰ সংখ্যা আছিল ২,২৩,৬৮৯ গৰাকী । ২০২৩-২৪ বৰ্ষত সেই সংখ্যা ২,১৫,৮৫৪ গৰাকীলৈ হ্ৰাস পালে । অৰ্থাৎ বিজেপি চৰকাৰৰ দিনত চৰকাৰী শিক্ষকৰ সংখ্যা হ্ৰাস পালে ৭৮৩৫ গৰাকীলৈ । আনহাতে ২০১৫-১৬ বৰ্ষত উক্ত বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সংখ্যা আছিল ৪৮,৯৯,০৫৬ গৰাকী । ২০২৩-২৪ বৰ্ষত ছাত্র-ছাত্রীৰ সংখ্যা হ'লগৈ ৪৫,৯৮,১৪০ গৰাকী । অৰ্থাৎ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা ৩,০০,৯১৬ গৰাকী হ্ৰাস পালে ।
চৰকাৰী বিদ্যালয়ৰ এনে অৱস্থাৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত বৃদ্ধি পাইছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা । ২০১৫-১৬ বৰ্ষত ৰাজ্যত ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছিল ৪৪২১ খন । ২০২৩-২৪ বৰ্ষত ইয়াৰ সংখ্যা ৫৭২৫ খনলৈ বৃদ্ধি পালে । অৰ্থাৎ বিগত সময়চোৱাত ব্যক্তিগত বিদ্যালয়ৰ সংখ্যা ১৩০৪ খন বৃদ্ধি পালে ।
সেইদৰে ২০১৫-১৬ বৰ্ষত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৮,৭৬,১৭৯ গৰাকী । ২০২৩-২৪ বৰ্ষত এই সংখ্যা ১৪,২১,৯৪১ গৰাকীলৈ বৃদ্ধি পালে । বিগত সময়চোৱাত ব্যক্তিগত বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সংখ্যা ৫,৪৫,৭৬৩ গৰাকী বৃদ্ধি পালে ।
- কি অৱস্থাত আছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় :
বিধানসভাৰ শেহতীয়া তথ্য অনুসৰি ২০২৪-২৫ বৰ্ষত অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত শিক্ষকবিহীন বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে তিনিখন । এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ সংখ্যা হৈছে ২২৯৫ খন । আনহাতে ৫ শ্রেণীযুক্ত বিদ্যালয়ত ৫ জনীয়া শিক্ষকৰ (প্রধান শিক্ষকক বাদ দি) দ্বাৰা পৰিচালিত প্রাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ২২৭০ খন ।

৬ শ্রেণীযুক্ত বিদ্যালয়ত ৬ জনীয়া শিক্ষকৰ (প্রধান শিক্ষকক বাদ দি) দ্বাৰা পৰিচালিত প্রাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ১৩৯৯ খন । সেইদৰে শ্ৰেণী অনুসৰি পৃথক পৃথক কোঠা থকা মুঠ বিদ্যালয়ৰ সংখ্যা ১২১১২ খন আৰু পৃথক কোঠা নথকা বিদ্যালয়ৰ সংখ্যা ২১৯৬১ খন । আনহাতে স্থায়ী প্রধান শিক্ষক নোহোৱা বিদ্যালয়ৰ সংখ্যা ৭০১৪ খন ।
- উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অভাৱ :
অসমৰ উচ্চ প্রাথমিক বিদ্যালয়ত খালী থকা বিজ্ঞান শিক্ষকৰ সংখ্যা ৫৭১ জন আৰু হিন্দী শিক্ষকৰ সংখ্যা ৫২৬ জন । আনহাতে অসমৰ সাধাৰণ এলেকাৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ আছে বহু শিক্ষকৰ পদ । তাৰ ভিতৰত বিজ্ঞান শিক্ষকৰ ৪৩৬৮ টা পদ, কলা শিক্ষকৰ ৫১৮৫ টা পদ, হিন্দী শিক্ষকৰ ১০০৪ টা পদ খালী হৈ আছে ।
সেইদৰে অসমৰ সাধাৰণ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত গণিত শিক্ষকৰ পদ ৭১ টা, ইংৰাজী শিক্ষকৰ পদ ১২১ টা আৰু হিন্দী শিক্ষকৰ পদ ১৩ টা পদ খালী হৈ আছে ।
ইফালে অসমৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ জিলাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত বিজ্ঞান শিক্ষকৰ ৩১৭ টা, কলা শিক্ষকৰ ৩২২ টা আৰু হিন্দী শিক্ষকৰ পদ ২৪৬ টা পদ খালী হৈ আছে ।
অসমৰ ষষ্ঠ অনুসুচীৰ অধীনস্থ এলেকাৰ জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ ভিতৰত গণিত শিক্ষকৰ ৩৯ টা, ইংৰাজী শিক্ষকৰ ৪৯ টা আৰু হিন্দী শিক্ষকৰ ৫৮ টা পদ খালী হৈ আছে ।