ETV Bharat / state

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাৰ্বি আংলং সীমান্তৰ এটা জলপ্ৰপাত ! আপুনি চালে নে ?

প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এটা জলপ্ৰপাত । গোলাঘাট আৰু কাৰ্বি আংলং সীমান্তত অৱস্থিত এটা জলপ্ৰপাত । চাৰিওফালে পাহাৰ তাৰ মাজৰে পৰা ওলাই আহিছে জলধাৰা ।

The charming Kaksang water fall on the Karbi Anglong border
কাৰ্বি আংলং সীমান্তৰ এটা জলপ্ৰপাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2024 at 6:41 PM IST

4 Min Read
Choose ETV Bharat

গোলাঘাট: আপুনি যদি পৰিয়াল, আত্মীয় বা বন্ধুৰ সৈতে প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় অতিবাহিত কৰিব বিচাৰিছে তেনেহলে আহক গোলাঘাট জিলাৰ বোকাখাট সমজিলাৰ পৰা মাত্ৰ ৮ কিলোমিটাৰ নিলগৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত অৱস্থিত কাকচাং জলপ্ৰপাতলৈ । ইয়াৰ মনোমোহা সৌন্দৰ্যই দেহ মন পুলকিত কৰি তুলিব আপোনাৰ । নৈসৰ্গিক পৰিবেশৰ মাজত অৱস্থিত কাকচাং জলপ্ৰপাতৰ মনোৰম দৃশ্য উপভোগ কৰি আপুনি উপলব্ধি কৰিব স্বৰ্গীয় অনুভৱ ।

যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ পৰ্যটন পেকেজত অন্তৰ্ভুক্ত হ'ব কাকচাং জলপ্ৰপাত । পৰ্যটন নিগমৰ অধ্যক্ষই পৰিদৰ্শন কৰিলে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত থকা কাইফুলাংচো জলপ্ৰপাত । ইতিমধ্যেই অসমৰ প্ৰকৃতিপ্ৰেমীৰ পৰিচিত নাম হৈ পৰিছে কাকচাং জলপ্ৰপাত । খৰালি হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে ইয়ালৈ । কাৰ্বি-আংলঙৰ প্ৰায় ১০০ ফুট উচ্চতাত পৰা উলম্ব গতিত নামি অহা পৰ্বত দুহিতা কাকচাং জলপ্ৰপাত ।

কাৰ্বি আংলং সীমান্তৰ এটা জলপ্ৰপাত (ETV Bharat Assam)

সমতলত সৃষ্টি হৈছে বিশাল জলাশয় । প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰে জলমল কাক'চাং জলপ্ৰপাত চাবলৈ আৰম্ভ হৈছে পৰ্যটকৰ আগমন । সেয়ে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পৰ্যটকক কাক'চাং জলপ্ৰপাত পৰিদৰ্শন কৰোৱাৰ বাবে বিশেষ পদক্ষেপ হাতত ল'ব অসম পৰ্যটন উন্নয়ন নিগমে । বোকাখাতৰ সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ কাক'চাং জলপ্ৰপাতৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই দৃষ্টি আকৰ্ষণ কৰে প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ ।

বোকাখাতত উপস্থিত হৈ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই পৰিদৰ্শন কৰে কাক'চাং জলপ্ৰপাত ভ্ৰমণৰ বাবে পৰ্যটকৰ থকাৰ সা-সুবিধা উপলব্ধ থকা হিং চং ৰিজ'ৰ্ট । বোকাখাত নগৰৰ পৰা কাক'চাংলৈ পৰ্যটক অনায়াসে উপস্থিত হ'ব পৰাকৈ অঞ্চলটোৰ উন্নয়নৰ পোষকতা কৰি এটিডিচিৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কয় যে, ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ সহযোগত অচিৰেই এলানি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হ'ব ।

ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পিছতে নুমলীগড়ৰ দেওপাহাৰকো অসম পৰ্যটন মানচিত্ৰৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰিব এটিডিচিয়ে । এটা কথাৰ প্ৰতি কিন্তু সকলো সাৱধান হোৱা প্ৰয়োজন । কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা প্ৰতিগৰাকী লোকেই জলপ্ৰপাতটোত নিৰ্ধাৰণ কৰি দিয়া বিপদ সীমা অতিক্ৰমৰ মুঠেও চেষ্টা নকৰা ভাল । অন্যথা যিকোনো অঘটনৰ সমুখিন হ'ব লগা হ'ব পাৰে ।

এই বিষয়ে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কয়,"বোকাখাত চহৰৰ পৰা মাত্ৰ ৮ কিল'মিটাৰ দুৰত অৱস্থিত কাকচাং জলপ্ৰপাত উপস্থিত হ'বলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ ইয়াৰ উপৰিও মই আগতে জনা নাছিলোঁ যে কাজিৰঙাৰ গাতে লাগি ইমান সুন্দৰ জলপ্ৰপাত আছে আৰু এতিয়া সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।"

তেওঁ লগতে কয়,"কাজিৰঙাত এটা নিশা কটোৱাৰ পাছত পাছ দিনা জীপ চাফাৰী আৰু হাতী চাফাৰী কৰাৰ পাছত পৰ্যটকৰ বিশেষ যাবলগীয়া ঠাই নাই । কিন্তু, আমি একেবাৰে কাষত পাহাৰৰ বুকুত থকা এই জলপ্ৰপাত কাজিৰঙাৰ দ্বিতীয় এটা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ অৱকাশ আছে যাৰ বাবে মই নিজে ইয়াত উপস্থিত হৈছোঁ আৰু অনাগত দিনত আমাৰ বিভাগৰ তৰফৰ পৰা এই কাকচাং জলপ্ৰপাত প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ বাবে আমি গুৰুত্ব আৰোপ কৰিম তাৰ লগে লগে বোকাখাতৰ পৰা এই স্থানত অহা পথচোৱা কিছু মেৰামতিৰ বাবে বিভাগৰ সৈতে আলোচনা কৰি সমাধান কৰিম ।"

ইয়াৰ উপৰিও অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে কয়,"এই জলপ্ৰপাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত গতিকে অতি সোনকালে আমাৰ পৰ্যটন বিভাগৰ ফালৰ পৰা তেখেতসকলৰ সৈতে আলোচনা কৰি এই নৈসৰ্গিক পৰিৱেশৰ মাজত থকা কাকচাং জলপ্ৰপাত চাবলৈ মানুহৰ যে হেঁপাহ আছে সেইয়া যাতে পুৰণ কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম । ইয়াৰ উপৰিও মেঘালয়ত এনেধৰণৰ জলপ্ৰপাতৰ পৰা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে ভৰি থাকে । যদি আমিও কাজিৰঙাৰ একেবাৰে কাষত থকা এই জলপ্ৰপাত প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰোঁ নিশ্চিত ভাৱে অনাগত দিনত এই জলপ্ৰপাত পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব । গতিকে অনাগত দিনত এই জলপ্ৰপাত অসম নহয় ভাৰতবৰ্ষৰ এটা অন্যতম পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব আমাৰ বিভাগৰ তৰফৰ পৰা প্ৰচেষ্টা অব্যাহত থাকিব ।"

লগতে পঢ়ক: অচিনাক্ত বিষাক্ত পোকৰ আতংকই খেদি ফুৰিছে অসমৰ এটা অঞ্চলবাসীক

ব্যক্তিগত বিদ্যালয়ৰ ২৫ শতাংশ আসনত পঢ়িব দৰিদ্ৰ শিক্ষাৰ্থীয়ে, শীঘ্ৰে মুকলি হ’ব প'ৰ্টেল