ETV Bharat / state

ৰঙানদীৰ সংহাৰৰ নেপথ্যত বাৰে বাৰে নীপকো কিয় ? ৰহস্য ফাদিল - RANGANADI DAM DOWNSTREAM IMPACTS

নীপকোৱে বছৰি ৰঙানদীত প্ৰকল্পৰ পানী এৰি দি লখিমপুৰক হতাশাৰ মাজলৈ থেলি দিয়ে । ইয়াক নিয়ন্ত্ৰণৰ উপায় আছেনে ?

Ranganadi Dam downstream impacts
ৰঙানদীৰ সংহাৰৰ নেপথ্যত নীপকো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 2:13 PM IST

5 Min Read

লখিমপুৰ: প্ৰতিবছৰে বাৰিষাৰ লগে লগে ৰঙানদী চৰ্চালৈ আহে । কিয়নো ৰঙানদীৰ বানে লখিমপুৰকে ধৰি বিভিন্ন জিলাত বিভীষিকাৰ সৃষ্টি কৰে । বহুতৰ বাবে ৰঙানদী অভিশাপ হৈ পৰে । কিন্তু ৰঙানদীয়ে কালৰূপ ধৰাৰ অন্যতম কাৰণ হৈছে নীপকো । যাৰ বাবে উত্তৰ পূব শক্তি নিগম চমুকৈ নীপকোৰ বিৰুদ্ধে ক্ষোভিত ৰাজ্যবাসী ।

এইবছৰো ব্যতিক্ৰম নহয় । শেহতীয়াকৈ ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে নীপকো । বিশেষকৈ কিছুদিন পূৰ্বে লখিমপুৰত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানৰ লগে লগে নীপকোৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ । আচলতে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলতে লখিমপুৰকে ধৰি বিভিন্ন জিলা প্লাৱিত হয় । কিন্তু কিয় প্ৰকল্পটোৰ পৰা অত্যধিক হাৰত পানী এৰিবলগীয়া হয় নীপকোৱে ? কি আছে ইয়াৰ নেপথ্যৰ কাহিনী । ই টিভি ভাৰতৰ সন্মুখত সকলো কথা উন্মোচন কৰিলে বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়াই ।

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ ফলত ক্ষতিগ্ৰস্ত লখিমপুৰ (ETV Bharat)

লখিমপুৰৰ বানৰ উৎস কি ?

শেহতীয়াকৈ ভয়ংকৰ বানৰ কবলত পৰিছে লখিমপুৰ জিলা । ইয়াৰ কাৰণ নীপকো ! কিয়নো নীপকোৱে অৰুণাচলৰ অভ্যন্তৰৰ য়াজালিত নিৰ্মাণ কৰা ৪০৫ মেগাৱাটৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা বহু বেছি পৰিমাণৰ পানী ৰঙানদীত এৰি দিয়ে আৰু এই বিশাল জলৰাশিয়ে লখিমপুৰত ধ্বংসলীলাৰ সূচনা কৰে । এয়া লখিমপুৰৰ বাবে এক চিনাকি দৃশ্যপট । বাৰিষা কালত প্ৰতি বছৰে এনে ঘটনাৰ পুনৰাবৃত্তি হৈ আহিছে । কিন্তু আজিও কোনো সমাধান সূত্র নাই । নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ বাবে বছৰি এনেদৰে পানী এৰি দিবলগীয়া হয় । নহ'লে নদীৰ পানীৰ প্ৰচণ্ড চাপত প্ৰকল্পটো তচনচ হৈ পৰিব ।

Ranganadi Dam downstream impacts
গ্ৰীণ হেৰিটেজৰ সদস্য ড৹ প্ৰৱাল শইকীয়া (ETV Bharat)

লখিমপুৰৰ মাজেৰে বৈ যোৱা ৰঙানদী

উল্লেখ্য যে প্ৰকল্পটো নিৰ্মাণৰ সময়ত বিশেষজ্ঞই এই দিশটো কিয় মন কৰা নাছিল বুলি এতিয়া সততে প্ৰশ্ন উঠিছে । এনে সময়তে পোহৰলৈ আহিছে আন এক অপ্ৰকাশিত তথ্য । এই সন্দৰ্ভত পৰিৱেশ সুৰক্ষাত সংযুক্ত গ্ৰীণ হেৰিটেজৰ সদস্য তথা দীর্ঘদিনে পৰিৱেশ সংৰক্ষণৰ কাম কৰি অহা কৰ্মী তথা বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়াই কয়, "ৰঙানদী ওলাইছে অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ পশ্চিম সীমাৰ পৰা । অৰুণাচলৰ ভিতৰত নদীখনৰ দৈৰ্ঘ্য প্ৰায় ৯০ কিলোমিটাৰ । নদীখন অৰুণাচলৰ পৰা আহি লখিমপুৰ জিলাৰ মাজেৰে বৈ গৈ সোৱণশিৰিত বিলীন হৈছে । লখিমপুৰৰ পৰা ব্ৰহ্মপুত্ৰত পৰালৈ সমতল ভূমিত নদীখনৰ দৈৰ্ঘ্য ৬০ কিলোমিটাৰ । এইখন নদীত অৰুণাচলৰ ভিতৰৰ য়াজালিত ৪০৫ মেগাৱাটৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পটো স্থাপন কৰি নীপকোৱে ২০০২ চনৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰিছে ।"

অদূৰদৰ্শী নীপকো

তেওঁ লগতে কয়, "এই প্ৰকল্পটো নিৰ্মাণ কৰাৰ প্ৰস্তাৱনাত প্ৰকল্পটোৰ উজনিৰ দিশত একেখন নদীতে ১২০ মেগাৱাটৰ আৰু এটা প্ৰকল্প স্থাপনৰ আঁচনি আছিল । এই প্ৰকল্পটো নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল সঞ্চিত জলাধাৰৰ লগতে বিদ্যুৎ উৎপাদন কৰা । তলৰ ৪০৫ মেগাৱাটৰ 'ৰাণ অৱ দ্যা ৰিভাৰ' প্ৰকল্পটোত পানীৰ চাপ নিয়ন্ত্রণ কৰাত উজনিৰ প্ৰকল্পটোৱে সহায় কৰিলেহেঁতেন । পিছে প্ৰস্তাৱ থাকিলেও উজনিৰ প্ৰকল্পটো নিৰ্মাণ নকৰি নীপকোৱে তলৰ ৪০৫ মেগাৱাটৰ প্ৰকল্পটো নিৰ্মাণ সম্পূর্ণ কৰি উৎপাদন আৰম্ভ কৰে । পৰিণতিত বিশেষকৈ ৰঙানদী যেতিয়া পানীৰে ওপচি পৰে তেতিয়া ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী বিপদসীমালৈ যায় । তেতিয়া প্ৰকল্পটোৰ জলাধাৰৰ গেট খুলি দিয়াৰ বাহিৰে নীপকোৰ প্ৰকল্পৰ সুৰক্ষা কৰিবলৈ আন একো উপায়ে নাথাকে । যাৰ বাবে লখিমপুৰ জিলা প্ৰতিবছৰে বানত ফলত বিধ্বস্ত হৈ আহিছে ।"

ৰঙানদীৰ বান নিয়ন্ত্ৰণৰ উপায়

বিজ্ঞানীগৰাকীয়ে কয়, "নদীখনৰ বছৰি এনে ধ্বংসলীলাৰ নেপথ্যৰ শক্তি হ'ল নীপকো । নীপকোৱে যদি বৰ্তমানৰ প্ৰকল্পটোৰ উজনিৰ দিশত পৰিকল্পনা অনুসৰি আন প্ৰকল্প এটা স্থাপন কৰিলেহেঁতেন তেতিয়া নদীখনৰ পানী নিয়ন্ত্রণত থাকিলেহেঁতেন আৰু লখিমপুৰ জিলাই প্ৰলয়ংকৰী বানৰ পৰা ৰেহাই পালেহেঁতেন । পিছে এতিয়া চলি থকা প্ৰকল্পটো ভাঙি পেলোৱাটো সম্ভৱ নহয় । এনে দুৰ্যোগ নিৰাময়ৰ বাবে পূর্ব পৰিকল্পনা অনুসৰি উজনিৰ প্ৰকল্পটো নিৰ্মাণ কৰিবই লাগিব । তাৰ বাহিৰে ৰঙানদীৰ বান নিয়ন্ত্রণৰ বিকল্প নাই । ৰাইজ তথা বিভিন্ন দল-সংগঠনে এই ক্ষেত্রত নীপকোক বাধ্য কৰাবলৈ চৰকাৰক হেঁচা দিয়াৰ বাহিৰে একো উপায় নাই ।"

তেওঁ লগতে কয়, "প্ৰকল্পৰ নামনিৰ দিশত হোৱা ক্ষয়-ক্ষতিৰ বাবে নীপকো দায়বদ্ধ নহয় । নীপকোৱে বিগত সময়ত প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত স্পষ্টকৈ এই কথা উল্লেখ কৰিছে । দৰাচলতে কোনো বৃহৎ নদীবান্ধেই নামনিৰ দিশত হোৱা ক্ষয়-ক্ষতিৰ বাবে দায়বদ্ধ হোৱাকৈ ক'তো স্বাক্ষৰ নকৰে । যিটো ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্রতো বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰা হৈছে । তেন্তে এই সমস্যাৰ সমাধান ক'ত ? এই বিষয়ে ড৹ শইকীয়াই কয়, "প্ৰকল্পটো নিৰ্মাণ কালৰ প্ৰাৰম্ভিক অৱস্থাত যিটো উজনিৰ দিশত সঞ্চিত জলাধাৰৰ প্ৰস্তাৱ আছিল সেইটো এতিয়া কাৰ্যকৰী কৰাৰ বিকল্প নাই । পৰিৱেশকৰ্মী তথা বিজ্ঞানী ড৹ প্ৰৱাল শইকীয়াৰ বক্তব্যই এটা কথা স্পষ্ট কৰিছে যে প্ৰস্তাৱনাৰ মতে নীপকোৱে কাম নকৰাৰ বাবে এতিয়া এনে দুৰ্যোগৰ সৃষ্টি হৈছে । পৰিণতিত ৰাইজে হেৰুৱাবলগীয়া হৈছে জীৱন আৰু সম্পদ ।

লগতে পঢ়ক :ভূগৰ্ভত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা বাধ্যতামূলক : কি আছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশত - RAINWATER CONSERVATION SYSTEMS

লগতে পঢ়ক :মৰমৰ ঘৰখন পুতি পেলালে বোকা-পলসে: কেনেকৈনো ঘূৰি যায় এৰি থৈ অহা ঘৰখনলৈ - ASSAM FLOOD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.