প্ৰেমিকৰ বাবেই ল’লে নেকি এই সিদ্ধান্ত; বন্ধ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ
যুৱতীৰ মৃত্য়ুৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতো বিজেপি কাৰ্যকৰ্তাৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা নাই ব্য়ৱস্থা ।

Published : June 18, 2025 at 7:44 AM IST
গুৱাহাটী : মহানগৰীত পুনৰ সংঘটিত হৈছে এক ৰহস্যজনক মৃত্য়ুৰ ঘটনা । এই ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ চিলাৰায় পথত । নিজৰ ঘৰৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ । ২১ বছৰীয়া যুৱতীগৰাকীয়ে কিয় হঠাতেই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ ।
এতিয়ালৈকে মৃত্য়ুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰেমৰ বাবে মানসিক নিৰ্যাতনৰ বলি হৈ চৰমপন্থা লোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । মহানগৰীৰ চানমাৰীৰ চিন্টু কলিতা নামৰ যুৱক এজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । প্ৰেমিক চিন্টু কলিতাৰ প্ৰবঞ্চনাৰ বলি হৈ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ কৰিছে । শুকুৰবাৰে নিশা যুৱতীগৰাকীয়ে এই চৰম পন্থা বাচি লৈছিল
সংবাদ মাধ্যমৰ আগত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয়, "দূৰ সম্পৰ্কীয় মামাক চিন্টু কলিতাই ২১ বছৰীয়া যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল । প্ৰায় ডেৰ মাহ আগতে পৰিয়ালৰ লোকে এই কথা গম পাইছিল । তেতিয়াই মাতৃয়ে চিন্টুক বহুবাৰ ফোন কৰি বুজনি দিছিলে -তুমি মোক বাইদেউ বুলি মাতা । তাই তোমাৰ ভাগিন হয় । তুমি বহু ডাঙৰ, তাই সৰু হৈ আছে । তাই তোমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে নকৰিবা । ব্লক কৰি দিবা; কিন্তু সেই কথা নুশুনিলে ।"
যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে পুনৰ কয়, "তাৰ ভাল পোৱাৰ উদ্দেশ্য নাছিল । তাইক প্ৰেমৰ জালত পেলাই টকা সৰকোৱা উদ্দেশ্য আছিল । তাইক হয়তো ব্লেক মেইলিং কৰিছিল যাৰ বাবে তাই এই পথ বাচি লৈছে । চিন্টু কলিতাৰ ১৫ বছৰ ধৰি আন এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পিছতো তাইৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল । "
আৰক্ষীৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগী পৰিয়ালৰ :
এই ঘটনাটো সংঘটিত হোৱাৰ পিচত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী থানাত অভিযোগ উত্থাপন কৰিছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । চিন্টু কলিতা বিজেপিৰ কৰ্মকৰ্তা হোৱাৰ বাবে আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰাৰ পিচতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । আৰক্ষীৰ সহায় বিচাৰি যাওঁতে আৰক্ষীয়ে পৰিয়ালটোক অপদস্ত কৰি ওভতাই পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে ।
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

