১১-৩০ বজাত দাখিল হ’ব 'অসম বাজেট ২০২৫-২৬': ৰাজ্যবাসীৰ অপেক্ষা বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটলৈ
দুপৰীয়া ১১-৩০ বজাত খোলা খাব বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটৰ মোনাত কি কি আঁচনি বা পৰিকল্পনাই ২০২৫-২৬ বৰ্ষৰ বাবে অপেক্ষা কৰি আছে ।

Published : March 10, 2025 at 9:45 AM IST
|Updated : March 10, 2025 at 10:33 AM IST
গুৱাহাটী: মাজত মাত্ৰ কিছু সময় বাকী ৷ সোমবাৰে পুৱা ১১-৩০ বজাত অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ’অসম বাজেট ২৫-২৬' ৷ সন্মুখত ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচন । সেয়ে ৰাজ্যবাসী আৰু সকলো ৰাজনৈতিক দলৰেই দৃষ্টি নিবদ্ধ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কিছু সময়ৰ পিছত বিধানসভাৰ মজিয়াত দাখিল কৰিলগীয়া আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটখনৰ ওপৰত । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন হ’ব শেষৰখন পূৰ্ণাংগ বাজেট ।
প্ৰাক বাজেট দাখিলকালীন সময়চোৱাত বিশ্লেষকসকলে ধাৰণা কৰিছে যে ২০২৫-২৬ বৰ্ষৰ বাজেটখনত ২০২৬ৰ নিৰ্বাচনমুখী ভালেমান চমক থাকিব । দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক লক্ষ্য কৰি ঘোষণা কৰা হ’ব একাধিক আঁচনি । ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে মহিলা সবলীকৰণ, কৃষক, নিবনুৱা যুৱক-যুৱতী আৰু সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ ঘোষণাৰ ইংগিত দিছে ।
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেওবাৰে গুৱাহাটীত বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । সোমবাৰে বাজেট দাখিলৰ পূৰ্বে এই বৈঠক যথেষ্ট গুৰুত্বপূৰ্ণ বুলে বিবেচিত হয় ।
মনকৰিবলগীয়া যে মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰে, “দাখিল কৰিবলগীয়া বাজেটত সমাজৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক উন্নীত কৰাৰ লক্ষ্যৰে কেইবাখনো কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰা হ’ব । ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক উপকৃত কৰা পদক্ষেপসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব ।” লগতে, অসম বাজেট ২০২৫-২৬ত একাধিক নতুন আন্তঃগাঁথনি প্ৰকল্পৰ কথাও কৰা হ’ব বুলিও শৰ্মাই ঘোষণা কৰে ।
ইফালে খন্তেক পিছত দাখিল কৰিবলগীয়া বাজেট প্ৰসংগত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ইংগিত দিছিল, “মহিলা, যুৱক-যুৱতী, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক সমানে গুৰুত্ব দিয়া হ’ব ।” সি যিয়েই নহঁওক, ২০১৬ ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ২০২৫-২৬ বৰ্ষৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । কিছু সময়ৰ পাছত দুপৰীয়া ১১-৩০ বজাত খোলা খাব বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটৰ মোনাত কি কি আঁচনি বা পৰিকল্পনাই ২০২৫-২৬ বৰ্ষৰ বাবে অপেক্ষা কৰি আছে ।

