বিৰামহীন : পুনৰ ১৬ ছেপ্টেম্বৰত ১৫০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
ঋণ ল’বৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ৰিজাৰ্ভ বেংকৰ ওচৰত চৰকাৰী ষ্টক নিলামৰ জৰিয়তে বিছ বছৰৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে ।

Published : September 14, 2025 at 10:33 PM IST
গুৱাহাটী : কাৰো কথাত কোনো ভ্ৰুক্ষেপ নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । ঋণৰ ওপৰত ঋণ লোৱাত অলপো থমকি ৰোৱা নাই চৰকাৰ । ৰাজ্য চৰকাৰখনে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।
চলিত মাহৰ দুই ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এতিয়া পুনৰ অহা ১৬ ছেপ্টেম্বৰত ১৫০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি ৰাজ্যৰ বিত্ত বিভাগে ৰিজাৰ্ভ বেংকৰ ওচৰত চৰকাৰী ষ্টক নিলামৰ জৰিয়তে বিছ বছৰৰ বাবে ল'বলগীয়া এই ঋণৰ প্ৰস্তাৱ দাখিল কৰিছে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰখনে যোৱা আগষ্ট মাহত দুটা পৰ্যায়ত ১৩৫০ কোটি টকাৰ ঋণ লৈছিল । ইয়াকে ধৰি যোৱা জানুৱাৰী মাহৰ পৰা চৰকাৰখনে এতিয়ালৈকে সৰ্বমুঠ ১৩,৮০০ কোটি টকাৰ ঋণ লৈছে ।
লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰখনে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও চৰকাৰখনৰ কোনো গুৰুত্ব নাই । আনকি 'কেগ'ৰ প্ৰতিবেদনত ৰাজহুৱা ঋণৰ চাপ পৰিহাৰ কৰিবলৈ চৰকাৰক বাৰম্বাৰ সকীয়াই দি আহিছে । কিন্তু ইয়াৰ পাছতো চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো থমকি ৰোৱা নাই । বৰং দিনক দিনে ঋণ লোৱাৰ পৰিমাণ বৃদ্ধিহে পাইছে । ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ।

ইতিমধ্যে ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাই প্ৰায় ১ লাখ ৭০ হাজাৰ কোটি টকাৰো অধিক হৈছেগৈ । ইফালে ৰাজ্যৰ বিৰোধী দলসমূহৰ সমালোচনাক অলপো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰখনে ।

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র ইমদাদ হুছেইনে কয়, "ৰাজ্য চৰকাৰখনে সৃষ্টিশীল কামৰ বিপৰীতে নগদ ধনৰ আঁচনিকে ধৰি আন বহুকেইখন হিতাধিকাৰী আঁচনিৰ বাবে প্ৰতিমাহে লোৱা ঋণৰ ধন ব্যয় কৰি আহিছে । ভোটৰ অংকত চৰকাৰখনে এনেদৰে ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা জাপি দিছে । চৰকাৰখনে আগন্তুক ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধিক হিতাধিকাৰী আঁচনি ৰূপায়ণৰ সিদ্ধান্ত লৈছে । এনে পৰিস্থিতিত চৰকাৰখনে অনাগত দিনত আৰু অধিক ঋণ ল'ব ।"

