৯ বছৰত সুৰাৰ পৰা ২৭,০২৯ কোটি টকাৰ ৰাজহ : ৰাজ্যৰ অলিয়ে-গলিয়ে সুৰাৰ বিপণি
সুৰাৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ সাত বছৰত তিনিগুণৰো অধিক বৃদ্ধি । বিজেপিৰ দিনত ১৫০খন বিলাতী সুৰাৰ বিপণি আৰু ৭৭১খন বাৰৰ অনুজ্ঞাপত্র প্ৰদান ।

Published : March 9, 2025 at 2:31 PM IST
গুৱাহাটী: ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অন্যতম এটা উৎস হৈছে সুৰা । শুনিবলৈ বেয়া যদিও ৰাজ্যৰ অৰ্থনীতি বিশেষভাৱে সুৰাৰ ওপৰত নিৰ্ভৰশীল । সেই কথা আমি কোৱা নাই । ৰাজ্য চৰকাৰে দিয়া তথ্যতে প্ৰকাশ পাইছে সেই কথা । অসম বিধানসভাৰ চলিত অধিৱেশনত চৰকাৰে দিয়া তথ্য অনুসৰি বিগত ৯ বছৰত ৰাজ্য চৰকাৰে সুৰাৰ পৰা ৰাজহ আহৰণ কৰিছে ২৭,০২৯.০৬ কোটি টকা । বিধানসভাত কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসৰ মৌখিক প্রশ্নৰ উত্তৰত আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই এই তথ্য প্ৰকাশ কৰে ।
বৰ্ষ অনুযায়ী সুৰাৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ:
চৰকাৰী তথ্য অনুসৰি ৰাজ্যত বর্তমান ১৮৩৬ খন বিলাতী সুৰাৰ বিপণি আছে । আনহাতে বাৰ আছে ১,০৬০ খন । বিজেপি শাসনলৈ অহাৰ পিচত অৰ্থাৎ ২০১৬ চনৰ পৰা ৰাজ্যত নতুনকৈ গঢ় লৈ উঠিছে ১৫০ খন বিলাতী সুৰাৰ বিপণি আৰু ৭১১ খন বাৰ । মন্ত্ৰীগৰাকীয়ে সদনত দিয়া তথ্য মতে ২০১৬-১৭ বৰ্ষত সুৰা বিক্ৰীৰ পৰা ৰাজ্য চৰকাৰে আহৰণ কৰা ৰাজহৰ পৰিমাণ আছিল ১,৪৩৩.০১ কোটি টকা ।

একেদৰে ২০১৭-১৮ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১,৬৯৯.৩৬ কোটি টকা । ২০১৮-১৯ বৰ্ষত আছিল ২,২০৪.১৫ কোটি টকা । ২০১৯-২০ বৰ্ষত আছিল ২,৬০৬.৬৮ কোটি টকা । ২০২০-২১ বৰ্ষত আছিল ২,৯৭৭.৬১ কোটি টকা । ২০২১-২২ বৰ্ষত আছিল ৩,০৪৭.৯৮ কোটি টকা । ২০২২-২৩ বৰ্ষত আছিল ৩,৯৮০.০৬ কোটি টকা । ২০২৩-২৪ বৰ্ষত আছিল ৪,৭৯৮.৭৩ কোটি । ২০২৪-২৫ বৰ্ষত চলিত বৰ্ষৰ জানুৱাৰীলৈ ৪,২৮১.৪৮ কোটি টকাৰ ৰাজহ অসম চৰকাৰে সুৰাৰ পৰা লাভ কৰিছে ।

অসমত তেনেই সহজলভ্য সুৰা:
অসমত সুৰাৰ ব্যাপক প্রচলন আৰম্ভ হৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ পৰা । প্রয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আমোলৰ পৰা সুৰাৰ পৰিসৰ বৃদ্ধি কৰা হয় । তাৰ পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰেও সুৰাৰ প্রচলনত হাত উজান দিয়ে । অগপ চৰকাৰে নতুন নতুন ঠাইত সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ লগতে ১৮০ মিলিলিটাৰৰ বটলৰ প্ৰচলন আৰম্ভ কৰে । অতি সহজলভ্য হৈ পৰে সুৰা ।
ঘৰৰ পৰা ওলালেই বিপণিৰ অভাৱ নোহোৱা হ'ল । কংগ্ৰেছ আৰু অগপ চৰকাৰৰ দৰেই এতিয়া বিজেপি চৰকাৰেও সুৰাৰ প্ৰচলনত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । ৰাজ্যৰ চৌদিশে সুৰাৰ বিপণিয়ে গিজগিজাই থকাৰ পিছতো বিজেপি চৰকাৰে বিগত সময়ছোৱাত পুনৰ ১৫০ খন বিলাতী সুৰাৰ বিপণি আৰু ৭১১ খন বাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে ।

সুৰাৰ পৰা সংগৃহীত ৰাজহৰ ওপৰত নিৰ্ভৰ কৰিয়েই যেন ৰাজ্য পৰিচালনা কৰিছে শাসনাধিষ্ঠিত চৰকাৰে । ৰাজ্যত বর্তমান ১৮৩৬ খন বিলাতী সুৰাৰ বিপণি থকাৰ বিপৰীতে বাৰ আছে ১,০৬০ খন । বিজেপি শাসনলৈ অহাৰ পিচত অৰ্থাৎ ২০১৬ চনৰ পৰা ৰাজ্যত নতুনকৈ গঢ় লৈ উঠিছে ১৫০ খন বিলাতী সুৰাৰ বিপণি আৰু ৭১১ খন বাৰ ।
অসমক সুৰামুক্ত কৰাৰ দাবী বিৰোধীৰ:
ৰাজহ লাভৰ বাবে সুৰাৰ ব্যাপক প্ৰচলনৰ বিপৰীতে উলাই কৰা হৈছে জনস্বাস্থ্য আৰু নৱপ্ৰজন্মই মদৰ প্ৰতি আসক্ত হোৱাৰ বিষয়টো । লক্ষণীয় বিষয় যে বিধানসভাৰ মজিয়াত সুৰাৰ অবাধ প্ৰচলনৰ বিষয়টো আলোচিত হোৱাৰ সময়ত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে অসমক সুৰামুক্ত ৰাজ্যৰূপে ঘোষণা কৰিবলৈ দাবী জনাইছিল ।
এই সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়,"বিজেপি চৰকাৰে জনস্বাস্থ্যৰ লগত হেতালি খেলি ৰাজহ সংগ্ৰহৰ স্বাৰ্থত জধে-মধে সুৰাৰ বিপণি গঢ়ি তুলিছে । চৰকাৰে সুৰাৰ অবাধ প্রচলনত গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিততে নৱপ্ৰজন্মৰ ভৱিষ্যৎ সংকটাপন্ন হোৱাৰ সমান্তৰালকৈ পাৰিবাৰিক অশান্তি, দুর্ঘটনা আদি বৃদ্ধি পাইছে । গুজৰাট, বিহাৰ আদি ৰাজ্যৰ দৰে অসমতো মদৰ প্ৰচলন বন্ধ কৰিব লাগে ।"

আনহাতে বিধায়ক ৰফিকুল ইছলামে অসমত সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ দাবী জনায় । এই সন্দৰ্ভত তেওঁ কয়,"আন ৰাজ্যই যদি মদৰ প্ৰচলন বন্ধ কৰিব পাৰে, তেন্তে অসমে নোৱৰাৰ কোনো কাৰণ নাই । ৰাজ্যত চৰকাৰী শিক্ষানুষ্ঠান হ্ৰাস পোৱাৰ সময়ত সুৰাৰ বিপণি বৃদ্ধি পোৱাৰ বিষয়টো সমর্থনযোগ্য নহয় ।"
ইফালে অসমক সুৰামুক্ত কৰাৰ ক্ষেত্রত থকা অসুবিধাৰ প্ৰসংগত সদনত মন্ত্রী অতুল বৰাই যুক্তি দি কৈছিল যে অসমত সুৰাৰ প্ৰচলন এতিয়াৰ নহয়, বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা সুৰাৰ প্ৰচলন হৈ আহিছে । লক্ষণীয় বিষয় প্রতিবছৰে ৰাজ্যখনত সুৰাৰ বিক্ৰী বৃদ্ধি পোৱাৰ লগে লগে ৰাজকোষলৈ অহা ৰাজহৰ পৰিমাণো দ্ৰুতগতিত বৃদ্ধি পাইছে । যাৰ বাবে চৰকাৰখনে সুৰাক বিশেষ প্ৰাধান্য দিয়াও পৰিলক্ষিত হৈছে ।

