অম্বুবাচী মহাযোগক লৈ উখল-মাখল নীলাচল পাহাৰ: সাধু-সন্ন্যাসীৰ জপ-তপৰে মুখৰ মা কামাখ্যা মন্দিৰ
অম্বুবাচী মহাযোগৰ বাবে এতিয়া দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও নীলাচল পাহাৰলৈ আহিছে সাধু-সন্ন্যাসী ৷

Published : June 19, 2025 at 6:46 PM IST
|Updated : June 19, 2025 at 9:36 PM IST
গুৱাহাটী : গুৱাহাটীৰ নীলাচল পাহাৰত এতিয়া উখল-মাখল পৰিৱেশ । বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মহাযোগলৈ মাজত মাত্র কেইটামান দিন বাকী । ইতিমধ্যে মা কামাখ্যাৰ পবিত্রস্থল নীলাচল পাহাৰলৈ আগমন ঘটিছে বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰ । মুখৰিত হৈ পৰিছে নীলাচল পাহাৰ । অম্বুবাচীক লৈ পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনৰ লগতে কামাখ্যা দেৱালয়ে ব্যাপক প্ৰস্তুতি চলাইছে ।
অম্বুবাচী উপলক্ষ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত-দৰ্শনাৰ্থীসকলৰ বাবে পাণ্ডু প'ৰ্ট আৰু কামাখ্যা ৰে’ল ষ্টেচনত শিবিৰৰ ব্যৱস্থা কৰা হৈছে । ভক্তৰ সুবিধাৰ্থে শিবিৰসমূহত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কামাখ্যা দেৱালয়ৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই জনোৱা মতে ২২ জুনৰ পৰা নীলাচলৰ বুকুত কামাখ্যা মন্দিৰত আৰম্ভ হ'ব অম্বুবাচীৰ মহাযোগ । ২২ জুনৰ দিনা দিনৰ ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হ'ব । ২৩, ২৪ আৰু ২৫ জুন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মুখ্য দ্বাৰ ।
তেওঁ লগতে কয়, "২৬ জুনত পুৱা নিবৃত্তিৰ পিছতেই ভক্তৰ বাবে মুকলি কৰা হ'ব মা কামাখ্যাৰ দুৱাৰ । ২৬ জুনৰ পুৱা পৰম্পৰা অনুসৰি দেৱীৰ স্নান তথা নিত্যপূজা সম্পন্ন কৰাৰ পাছত খুলি দিয়া হ’ব কামাখ্যা মন্দিৰৰ দ্বাৰ । আনহাতে এইবাৰ অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে নীলাচলত প্ৰৱেশ কৰিব পাৰিব ভক্তসকল । সন্ধিয়া ৬ বজাৰ পাছত প্ৰৱেশত বাধা থাকিব । নীলাচল পাহাৰত ভক্ত থকাৰ বাবে কোনো ধৰণৰ শিবিৰৰ আৰু খোৱা খাদ্য বিতৰণৰ ব্যৱস্থা নাথাকে । মন্দিৰ চৌহদৰ স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব দি এই ব্যৱস্থা কৰা হৈছে ।"
অম্বুবাচী মেলাৰ সময়ত নেপাল, অষ্ট্ৰেলিয়া, থাইলেণ্ড, ইংলেণ্ড আদি বিভিন্ন ৰাষ্ট্ৰৰ ভক্ত-সন্নাসীৰ নীলাচল পাহাৰৰ সমাগম ঘটে । এইবাৰ অম্বুবাচী মেলাত যাতে হুলস্থূলীয়া পৰিৱেশ নহয় আৰু শান্তিপূৰ্ণভাৱে সকলোৱে শক্তিৰ আৰাধনা কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে । পৌৰাণিক আখ্যান অনুসৰি ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম কামাখ্যা মন্দিৰ । যেতিয়া সতীৰ শৰীৰৰ অংগ ভগৱান বিষ্ণুৱে বিচ্ছিন্ন কৰিছিল, তেতিয়া সতীৰ যোনি এই স্থানতে পৰিছিল । সেয়েহে পৃথিৱী ঋতুময়ী হোৱাৰ সময়ত কামাখ্যা মন্দিৰৰ গুৰুত্ব অধিক ।
অম্বুবাচীৰ সময়ছোৱাত পৃথিৱী মাতৃয়ে তেওঁৰ বাৰ্ষিক ঋতুচক্ৰ পাৰ কৰে বুলি বিশ্বাস কৰা হয় । য’ত উৰ্বৰতা, সৃষ্টিশীলতা আৰু নাৰীত্বৰ পবিত্ৰতাক গুৰুত্ব দিয়া হয় ।
নীলাচলৰ বুকুত নাগা সাধুৰ আগমন :
ইফালে অম্বুবাচী মহাযোগৰ সময়ত বিশেষ আকৰ্ষণ থকা নাগা সাধুৰ ইতিমধ্যে আগমন ঘটিছে নীলাচল পাহাৰত । নিজৰ আখাৰাত আহি অৱস্থান কৰিছে নাগা সাধুসকলে । ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাতকাৰত কেইবাগৰাকী নাগা সাধুৱে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে । 'চকলেট বাবা' হিচাপে খ্যাত প্ৰয়াগৰাজ জুনা আখাৰাৰ ৰাষ্ট্ৰীয় সচিব ৰঞ্জিদানন্দ গিৰি নাগা সাধুৱে কয়, "৩৫ বছৰ ধৰি মই অম্বুবাচীৰ সময়ত ইয়ালৈ আহো । প্ৰত্যেক বছৰে ইয়াৰ নতুন ৰূপ দেখিবলৈ পাও । চৰকাৰে সুন্দৰ ব্যৱস্থা কৰিছে । এইবাৰ কেইবাহাজাৰ সাধু আহিব । অম্বুবাচীৰ চাৰিদিন আমি বিশ্বশান্তিৰ বাবে মহাযজ্ঞ কৰিম । নাগা সাধু মৌন হৈ মাৰ সাধনতা ব্ৰতী থাকিব ।"
তেওঁ লগতে কয়, "ৰাক্ষসৰ বংশ আজিও আছে আৰু যি সনাতনৰ বিৰুদ্ধাচৰণ কৰে । কিন্তু এই ৰাক্ষসৰ নিধন হোৱাটো নিশ্চিত । সনাতনী আৰু হিন্দু এতিয়া জাগ্ৰত হৈছে । অসমৰ মুখ্যমন্ত্রীৰ সৈতে মোৰ যথেষ্ট ঘনিষ্ঠতা আছে । তেওঁ মুখ্যমন্ত্রী হৈ থাকক আৰু সাধু-সন্ন্যাসীৰ সেৱা কৰক ।"
আন এগৰাকী নাগা সাধু ধনাপতি মহন্ত নিতানন্দ গিৰিয়ে কয়, "শৰীৰৰ শান্তিৰ বাবে যোগ কৰিব লাগে । মাৰ ওচৰত আহিছো শক্তিৰ আৰাধনা কৰিবলৈ, সনাতনীৰ ৰক্ষাৰ বাবে শক্তি ল'বলৈ । নিষ্ঠাৰে আমি এই চাৰিদিন মাৰ চৰণত তপ-জপ কৰিম । আমি নাগা বাবাই সাত্বিক পূজা কৰো ।"
পহলগামৰ ঘটনাৰ প্ৰসংগত তেওঁ কয়, "পহলগামত হিন্দু-মুছলিম সুধি হত্যা কৰা হৈছিল । সাধুসকলে হাতত বালা আৰু মালা লৈ থাকে । প্ৰয়োজনত অস্ত্র লৈয়ো চলে । মাৰ ওচৰত আহিছো প্ৰাৰ্থনা কৰিবলৈ আহিছো আৰু অস্ত্র লৈ অহা নাই । সৃষ্টি এদিন বিনাশ হৈ যাব । আমি মা কামাখ্যাক এই সৃষ্টি সুন্দৰভাৱে ৰখাৰ বাবে প্ৰাৰ্থনা কৰিছো । ভাৰত মাতৃভূমিৰ ওপৰত বাংলাদেশ, পাকিস্তান, নেপাল আদি ৰাষ্ট্ৰই বেয়া দৃষ্টি ৰাখিছে । এইক্ষেত্রত সাধু-সন্নাসী মনে-মনে বহি নাথাকে । আদেশ আহিলে আমি ১০ লাখ নাগা বাবাই নাগা ফ'ৰ্চলৈ আগুৱাই যাব । আমি সনাতন ধৰ্মৰ ৰক্ষাৰ বাবে সকলো ত্যাগ কৰি ওলাই আহিছো । কলিযুগৰ অন্ত হ'বলৈ ওলাইছে । কলিযুগৰ অন্তত কেৱল সনাতনী যি ধৰ্ম লৈ চলি আছে তেওঁলোক জীয়াই থকিব । নাগা বাবাৰ দ্বাৰাই সত্যযুগৰ আৰম্ভণি হ'ব ।"
আন এগৰাকী নাগা বাবা মহন্ত সাৱন ভাৰতীয়ে কয়, "ধৰ্মৰ ৰক্ষাৰ বাবে অস্ত্র ৰখাটো নিতান্তই প্ৰয়োজনীয় । আমি ধৰ্মৰ ৰক্ষক । নিজৰ ৰক্ষা কৰিব নোৱাৰিলে ধৰ্মৰ ৰক্ষা কেনেকৈ কৰিব । নাগা সন্নাসী তাহানিৰে পৰা চলি আহিছে । আজি নৱপ্ৰজন্ম ওলাই আহিছে । সনাতন ধৰ্মৰ ৰক্ষাৰ বাবে অস্ত্রৰ জ্ঞান প্ৰয়োজনীয় । নাগা সাধু সকলো অস্ত্রতে পাৰ্গত । কৃত্রিমৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিলে প্ৰাকৃতিকক পাহৰি যোৱা যায় । আজিৰ যুগৰ অত্যাধুনিক মাৰণাস্ত্র যোগেদি আমি আমাৰ নিজৰ শক্তিক পাহৰি গৈছো ।"
অম্বুবাচী মহাযোগ :
- অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ'ব ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ চেকেণ্ডত
- জুনৰ ২২ৰ পৰা ২৫লৈ দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব ।
- ২৬ জুনত পুৱা দেৱীৰ স্নান আৰু নিত্যপূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব
- ২৭ জুনত বিশেষ দৰ্শনৰ (৫০১ টকাৰ) ব্যৱস্থা বন্ধ থাকিব
- ২১ জুনৰ পৰা ৩০ জুন তাৰিখলৈ ভি আই পি আৰু ভি ভি আই পিৰ দৰ্শনৰ ব্যৱস্থা নাথাকিব
অম্বুবাচী মহাযোগৰ সময়ত দেৱালয় কৰ্তৃপক্ষৰ ব্যৱস্থাৱলী :
- এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীর্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব । লগতে কোনো ধৰণৰ খাদ্য-সামগ্রী বিতৰণ কৰিব নোৱাৰিব
- কামাখ্যাৰ নামনিৰ পৰা অহা পদ-পথসমূহৰ লগতে যানবাহন চলাচল কৰা পথছোৱাৰ মাজে-মাজে চিকিৎসা সেৱা, খোৱাপানী, জিৰণিচ'ৰাৰ ব্যৱস্থা থাকিব
- আইন-শৃংখলা তথা তীর্থ যাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ে নিজা ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী, ৪০০ জন স্কাউট-গাইড, ১৫০ জন স্বেচ্ছাসেৱক, ২৫০ জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰিছে । দেৱালয়ৰ চৌপাশে ৫০০ চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে
- দেৱালয়ৰ নিজা ২০০ জন চাফাই কৰ্মীৰ উপৰি ১১০ জন অস্থায়ী চাফাই কৰ্মী নিয়োগ কৰা হৈছে
- ২৬ জুনত দেৱীৰ দৰ্শনৰ বাবে সমবেত হোৱা দৰ্শনাৰ্থীৰ সুবিধার্থে বংশীবাগানত অস্থায়ী জিৰণিচ'ৰা, চিকিৎসা সেৱা, প্ৰস্তাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে
- অম্বুবাচী উপলক্ষে সেৱা আগবঢ়োৱা সংস্থাৰ সদস্যসকলৰ বাবে দেৱালয়ৰ তৰফৰ পৰা থকা আৰু খোৱা ব্যৱস্থা কৰা হৈছে
- ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গধূলি ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব । লগতে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথটো ভূমিস্খলনৰ বাবে বন্ধ ৰখা হৈছে
- দেৱালয়ৰ আশে-পাশে জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা নথকা বাবে পৰাপক্ষত ভক্তসকলে নিজৰ জোতা-চেণ্ডেল নামনি কামাখ্যাৰ উৰণীয়া সেঁতুৰ তলত ৰাখি আহিব পাৰিব
- নীলাচল পাহাৰ ধঁপাত মুক্ত অঞ্চল । সেয়েহে এই ক্ষেত্ৰত সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰিছে দেৱালয় কৰ্তৃপক্ষই । লগতে মাদক দ্রব্য সেৱন কৰি যাতে কোনোৱে দেৱালয়ত প্ৰৱেশ নকৰে তাৰবাবে বিশেষভাবে অনুৰোধ জনোৱা হৈছে

