ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য আৰু বিত্তীয় বিষয়াৰ বিৰুদ্ধে সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ

কি ঘটিছে তেজপুৰ বিশ্ববিদ্যালয়ত? তেজপুৰ বিশ্ববিদ্যালয়ত এইবাৰ সুৰক্ষা বাহিনীৰ প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত সুৰক্ষা কৰ্মীসকলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিত্তীয় বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ পৰে।

Tezpur University Vice-Chancellor and Finance Officer protest against security personnel
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 11, 2025 at 11:28 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ অভ্যন্তৰত সংঘটিত হৈ থকা এটাৰ পিছত আনটো অনিয়মৰ খবৰ পোহৰলৈ আহিবলৈ ধৰিছে । উপাচাৰ্য শম্ভুনাথ সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে বিয়াগোম বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে এইবাৰ নিৰাপত্তাৰক্ষীসকলেও উদঙাই দিছে বিশ্ববিদ্যালয়খনত চলি থকা আন এক বিত্তীয় অনিয়ম ।

সম্প্ৰতি যোৱা ২১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ চৌহদ উপাচাৰ্য শম্ভুনাথ সিঙৰ অপসাৰণ আৰু দুৰ্নীতি অনিয়মৰ দাবীত উত্তাল হৈ থকাৰ পাছত আজি (শনিবাৰ) বিশ্ববিদ্যালয়ৰ চৌহদত আৰম্ভ হৈছে একপ্ৰকাৰ চিপাহী বিদ্ৰোহৰ দৰে পৰিস্থিতিৰ ৷ আজি বিশ্ববিদ্যালয়ত নিয়োজিত নিৰাপত্তাৰক্ষীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত ইয়াৰ পূৰ্বে গৃহৰক্ষী বাহিনীৰ জোৱানৰ দ্বাৰাই নিৰাপত্তাৰ দিশটো তদাৰক কৰা হৈছিল ৷ কিন্তু উপাচাৰ্য হিচাপে শম্ভুনাথ সিঙে যোগদান কৰাৰ পাছতে উত্তৰ প্ৰদেশৰ জিডিএক্স চিকিউৰিটি ছলিউছন লিমিটেড নামৰ প্ৰতিষ্ঠানটোক বিশ্ববিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ ঠিকাৰ আৱণ্টন দিয়া হয় ৷

Tezpur University Vice-Chancellor and Finance Officer protest against security personnel
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ (ETV Bharat)

ইয়াৰ পাছতে স্থানীয় লোকক নিৰাপত্তাৰক্ষী হিচাপে মকৰল কৰিলেও মাছৰ তেলৰে মাছ ভজাৰ দৰে বৃহৎ অংকৰ ধন আদায় কৰি আহিছে জিডিএক্স নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৱে । এই অভিযোগ প্ৰতিবাদকাৰীসকলৰ । নিৰাপত্তাৰক্ষী নিয়োগৰ ক্ষেত্ৰত ময়মতালী প্ৰদৰ্শন কৰা কোম্পানীটোৱে নিৰাপত্তা কৰ্মীসকলে পূৰ্বে লাভ কৰা সা-সুবিধাও কৰ্তন কৰাৰ অভিযোগ উঠিছে ৷

অভিযোগ মতে, প্ৰতি মাহত প্ৰতিজন নিৰাপত্তাৰক্ষীয়ে প্ৰাপ্য দৰমহাতকৈ ৪০০ ৰ পৰা ৫০০ টকা কমকৈ লাভ কৰে । ২৬২গৰাকী চিকিউৰিটি গাৰ্ডে আজি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

Tezpur University Vice-Chancellor and Finance Officer protest against security personnel
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ (ETV Bharat)

চিকিউৰিটি গাৰ্ডসকলে কয় যে তেওঁলোকক নিযুক্তি দিয়াৰ সময়ত নিয়োগপত্ৰত তেওঁলোকৰ দৰমহাৰ বিষয়ে কোনো কথাই উল্লেখ কৰা নাই ৷ এটা টৰ্চলাইটৰো যোগান নধৰা জিডিএক্স কৰ্তৃপক্ষক আপত্তি দৰ্শালেই গাৰ্ডসকলক বদলি কৰা বা কামৰ পৰা অপসাৰণ কৰাৰ ভাবুকি প্ৰদান কৰা হয় ৷

উল্লেখযোগ্য যে, একোজন চিকিউৰিটি গাৰ্ড নিয়োগ কৰাৰ নামত তেওঁলোকৰ পৰা ১৫হেজাৰ টকা আদায় লোৱাৰ বিপৰীতে নতুনকৈ নিয়োগ কৰা সকলৰ পৰা ২৫হেজাৰ টকা পৰ্যন্ত আদায় কৰা হৈছে ৷ অভিযোগ অনুসৰি, চিকিউৰিটি গাৰ্ড নিয়োগৰ নামত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা যি পৰিমাণৰ ধন জিডিএক্স প্ৰতিষ্ঠানে আদায় কৰে, সেই অনুসৰি তেওঁলোকে গাৰ্ডসকলক দৰমহা আদায় নিদি কামৰ তুলনাত বহু কম পৰিমাণৰ ধন আদায় দি আহিছে ৷

ডেৰ বছৰ ধৰি পে শ্লিপ নিদিয়াকৈ এইদৰে দৰমহা আদায় দিয়া জিডিএক্সে মন গ’লেই কৰ্মৰত গাৰ্ডক কামৰ পৰা আঁতৰাই ধনৰ বিনিময়ত আন লোকক কৰ্মত নিয়োগ কৰে ৷ এই শোষনৰ ন্যায় বিচাৰি আজি প্ৰতিবাদ সাব্যস্ত কৰা চিকিউৰিটি গাৰ্ডসকলে শীঘ্ৰেই তেওঁলোকৰ ক্ষেত্ৰত অব্যাহত অন্যায় তথা অনিয়ম দূৰ কৰাৰ দাবী উত্থাপন কৰিছে ৷

Tezpur University Vice-Chancellor and Finance Officer protest against security personnel
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ (ETV Bharat)

আনহাতে, শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশ্বিদ্যালয়খনৰ উপাচাৰ্য তথা প্ৰশাসনিক কৰ্তৃপক্ষই শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অবজ্ঞাৰ ফলশ্ৰুতিত ক্ষুব্ধ হৈ উঠা ছাত্ৰ সমাজৰ প্ৰতিবাদত যোগ দিয়ে বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীসকলে ।

ছাত্ৰ সমাজৰ প্ৰতিবাদী শক্তিত সাহস পাই বিশ্বদ্যালয়খনৰ ভিতৰত চলি থকা অনিয়মৰ বিষয়ে ইমান দিনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি অহা শিক্ষক আৰু কৰ্মচাৰী সমাজেও মুখ খুলিবলৈ আৰম্ভ কৰাৰ লগতে ছাত্ৰ সমাজৰ প্ৰতিবাদৰে চামিল হয় ৷

বৃস্পতিবাৰে নিশা বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে এই মূল প্ৰৱেশদ্বাৰত আৰু প্ৰশাসনিক ভৱনৰ সন্মুখত উপাচাৰ্য শম্ভুনাথ সিং, সহযোগী অধ্যাপক দেৱেন চন্দ্ৰ বৰুৱা (Director IQAC), শংকৰ চন্দ্ৰ ডেকা (Deen School of Engenering), ব্ৰজবন্ধু মিশ্ৰ (Finance Officer) আৰু যাদৱ চন্দ্ৰ নাথ (Executive Engeneer)ৰ প্ৰতিমূৰ্তি ওলোমাই চেণ্ডেল পিন্ধাই দাহন কৰিছিল ।

ইয়াৰ পিছতে ৰাজ্যপালে গুৱাহাটীৰ আই আই টিৰ দেৱেন্দ্ৰ জালিহালক অধ্যক্ষ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক সদস্য হিচাপে লৈ তিনিজনীয়া কমিটী গঠন কৰি দিয়ে আৰু সাত দিনৰ ভিতৰত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ জনায় ।

উল্লেখযোগ্য যে, ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত গঢ় লৈ উঠা তেজপুৰ বিশ্ববিদ্যালয়ৰ এই উত্তপ্ত পৰিস্থিতি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ সমাজক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সহযোগিতা নকৰাৰ বাবে এই সূত্ৰপাত আৰম্ভ হয় ।

অসম চৰকাৰে চাৰিদিন ধৰি ৰাজ্যিক শোক ঘোষণাৰ পিছতও তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্র-ছাত্ৰীক অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল অসমৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ২১ তাৰিখৰলৈ । কিন্তু ২১ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়ৰ জনসম্পৰ্ক বিষয়া সমৰেশ বৰ্মনে এক প্ৰেছ বাৰ্তাত বিশ্ববিদ্যালয়ত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা ফটো আৰু বাৰ্তা প্ৰেৰণ কৰে ।

Tezpur University Vice-Chancellor and Finance Officer protest against security personnel
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ (ETV Bharat)

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই যোৱা ১৯ ছেপ্টেম্বৰত অসমৰ প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ খবৰৰ পিছতো শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অনুমতি প্ৰদান নকৰাৰ বাবে বিশ্ববিদ্যালয়ৰসমূহ ছাত্র-ছাত্ৰীয়ে পৰৱৰ্তী সময়ত উপাচাৰ্যক জবাবদিহি কৰাৰ লগতে সকলোৱে আৱৰি এক প্ৰকাৰ অপদস্থ কৰা ভিডিওত দেখা পোৱা গৈছিল ।

পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিং একপ্ৰকাৰ নিৰুদ্দিষ্ট হয় । পৰৱৰ্তী সময়ত ২৭ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা আৰু ২৮ ছেপ্টেম্বৰত ছাত্র সমাজে উপাচাৰ্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি সংবাদ মাধ্যমলৈ বিবৃত্তি প্ৰদান কৰে ।

ইয়াৰ পিছত ২ অক্টোবৰত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে তেওঁৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক বিবৃত্তি প্ৰদান কৰি এই সমগ্ৰ ঘটনাৰ এক স্পষ্টীকৰণ প্ৰদান কৰে ।

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা প্ৰশাসনৰ