ETV Bharat / state

চাহৰ বিকল্প ! তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নব্য ধাৰণালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

বেলৰ পৰা প্ৰস্তুত কৰা চাহৰ দৰে পানীয় খাইছেনে ? এক নতুন খবৰ ।

village symposium 2024
চাহৰ বিকল্প ! তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নব্য ধাৰণালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 6:47 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: বেলৰ চৰ্বত আপুনি নিশ্চয় খাইছে । কিন্তু বেলৰ পৰা প্ৰস্তুত কৰা চাহৰ দৰে পানীয় খাইছেনে ? এক নতুন খবৰ । তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান শিক্ষাৰ্থী আৰু গৱেষকে বেলৰ পৰা এতিয়া চাহসদৃশ পানীয় প্ৰস্তুত কৰি উদ্যোগীকৰণৰ এক নতুন পৰিচয় দিবলৈ সক্ষম হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ মিজানুৰ ৰহমান, শিখা ৰাণী গগৈ, চিন্ময় তালুকদাৰ আৰু ঋষি পল নামৰ বৈদ্যুতিন আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ (ই চি ই) শিক্ষাৰ্থীকেইগৰাকীৰ লগতে ব্যৱসায় প্ৰশাসন বিভাগৰ ছাত্ৰ বাস্তৱ তপন বৰদলৈয়ে প্ৰস্তুত কৰা বেলৰ পৰা চাহ প্ৰস্তুতকৰণৰ ধাৰণাটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাত্ৰ প্ৰকল্প প্ৰতিযোগিতাত ভাগ লৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে । আইডিয়াৰাণ নামৰ এই প্ৰতিযোগিতাত ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ্ছ (আই ই ই ই), স্মাৰ্ট ভিলেজ (আই এছ ভি), দক্ষিণ এছিয়া ৱৰ্কিং গ্ৰুপ (এছ এ ডব্লিউ জি)কে ধৰি মুঠ ১৭৫ টা দলে অংশগ্ৰহণ কৰিছিল ।

village symposium 2024
চাহৰ বিকল্প ! তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নব্য ধাৰণালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি (ETV Bharat Assam)

প্ৰণিধানযোগ্য যে গুজৰাটৰ গান্ধীনগৰৰ ধীৰুভাই আম্বানী ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন এণ্ড কমিউনিকেচন টেকন’লজিত ৭-৮ নৱেম্বৰত অনুষ্ঠিত হোৱা বাৰ্ষিক আই ই ই ই স্মাৰ্ট ভিলেজ চিম্পোজিয়াম ২০২৪ৰ অংশ হিচাপে আয়োজন কৰা এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ এই দলটোক এই বিষয়ত বঁটা প্ৰদান কৰা হয় । দলটোৰ সৈতে গুৰু হিচাপে আছিল চেণ্টাৰ ফৰ মাল্টিডিচিপ্লিনেৰী ৰিছাৰ্চৰ অধ্যাপক ড৹ ৰূপম গোস্বামী ।

এই সফলতাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক শম্ভু নাথ সিঙে দলটোক অভিনন্দন জনাই আৰু এনে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে স্থানীয় সম্প্ৰদায়ৰ সংযোগৰ জৰিয়তে উদ্যোগীকৰণৰ বাবে সকলো শাখাৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে ।

দলটোৰ নেতৃত্ব দিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেবেন্দ্ৰ চন্দ্ৰ বৰুৱাই কয় যে অসমৰ গ্ৰাম্য অঞ্চলত পৰম্পৰাগতভাৱে পানীয় প্ৰস্তুত কৰাৰ বাবে বেলৰ ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত অৱহেলিত হৈ আছে । এনে ধাৰণাই গ্ৰাম্য উদ্যোগীকৰণৰ পথ প্ৰশস্ত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন