ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয় আৰু চিলপাকৰ্ণ বিশ্ববিদ্যালয়ৰ মাজত ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এই চুক্তিৰ মূল উদ্দেশ্য হৈছে শৈক্ষিক দিশত সহযোগিতা আৰু আন্তঃসাংস্কৃতিক সম্পৰ্ক গঢ়ি তোলা ।

TEZPUR UNIVERSITY SIGNS MOU
ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2025 at 9:44 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: শুকুৰবাৰে তেজপুৰ বিশ্ববিদ্যালয় আৰু থাইলেণ্ডৰ বেংককস্থিত চিলপাকৰ্ণ বিশ্ববিদ্যালয়ৰ মাজত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে । এই চুক্তিৰ মূল উদ্দেশ্য হৈছে শৈক্ষিক দিশত সহযোগিতা আৰু আন্তঃসাংস্কৃতিক সম্পৰ্ক গঢ়ি তোলা ।

চিলপাকৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে বুলি তেজপুৰ বিশ্ববিদ্যালয়ে জানিবলৈ দিয়ে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিং আৰু চিলপাকৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ তনাছাইত গৱিৰূণপাটৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বাক্ষৰিত এই চুক্তিয়ে দুয়োটা অনুষ্ঠানৰ মাজত শৈক্ষিক দিশত সমৃদ্ধি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ভেটি মজবুত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

TEZPUR UNIVERSITY SIGNS MOU
ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ (ETV Bharat Assam)

এই চুক্তিয়ে শৈক্ষিক সহযোগিতা, যৌথ গৱেষণা আৰু শিক্ষক-ছাত্ৰৰ শৈক্ষিক বিনিময় কাৰ্যসূচীক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ জৰিয়তে দুয়োখন বিশ্ববিদ্যালয়ে একেলগে শৈক্ষিক উৎকৰ্ষতা, সহযোগিতামূলক আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰাৰ লগতে আন্তঃশাখা অধ্যয়নৰ জৰিয়তে সাংস্কৃতিক বুজাবুজিৰ প্ৰসাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে ।

চিলপাকৰ্ণ বিশ্ববিদ্যালয় থাই-ভাৰতীয় সংস্কৃতিৰ গভীৰ ঐতিহ্য আৰু কলা, মানৱিক আৰু বিজ্ঞানৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে পৰিচিত ।

উক্ত অনুষ্ঠানত অংশগ্রহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সিঙে কয় ‘‘এই বুজাবুজিৰ চুক্তিয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজত যৌথ অধ্যয়ন আৰু শৈক্ষিক দিশত এটাই আনটোৰ পৰিপূৰক হিচাপে সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে গৱেষণা আৰু আলোচনাৰ ক্ষেত্ৰত কাম কৰি যাব ।’’

ইয়াৰ লগতে অধ্যাপক সিঙে কয় যে অসমৰ টাই-আহোম আৰু অন্যান্য টাই জনগোষ্ঠীসমূহে থাই ঐতিহ্যৰ সৈতে যি ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে, সেই সম্পৰ্কৰ বিদ্যাতনিক গৱেষণা এই চুক্তিৰ জৰিয়তে আগবঢ়াই নিয়া হ’ব । থাই ঐতিহ্যৰ লগত অসমৰ টাই-আহোম আৰু অন্যান্য টাই জনগোষ্ঠীসমূহৰ সম্পৰ্কৰ গৱেষণা অনুষ্ঠিত হ’ব এই বুজাবুজিৰ জৰিয়তে ।

উক্ত অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ গুৰু, বিদ্যায়তনিক পৰিক্ৰমা অধ্যাপক ৰাজা ৰফিকুল হক আৰু সাংস্কৃতিক অধ্যয়ন বিভাগৰ বিভাগীয় প্ৰধান ড৹ জুৰি গগৈ কোঁৱৰে অংশগ্ৰহণ কৰে । তেওঁলোকৰ উপস্থিতিয়ে বিশ্ববিদ্যালয়খনৰ আন্তঃৰাষ্ট্ৰীয়কৰণ আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰতি থকা দৃঢ় প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক: নাগশংকৰ মন্দিৰত আছে বিশ্বৰ বিৰল প্ৰজাতিৰ ৩০০ টা কাছ