ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়লৈ এক বিশেষ সুনাম

তেজপুৰ বিশ্ববিদ্যালয়লৈ আন এক বিশ্বমানৰ স্বীকৃতি ৷ আন্তঃশৃংখলামূলক বিজ্ঞান শিক্ষা আৰু গৱেষণাত ৩৫ সংখ্যক স্থান দখল ৷

Times Higher Education Interdisciplinary Science Rankings 2025
তেজপুৰ বিশ্ববিদ্যালয়লৈ এক বিশেষ সুনাম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 29, 2024 at 8:26 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : উত্তৰ-পূৰ্বাঞ্চল শৈক্ষিক ক্ষেত্ৰৰ নালন্দা হিচাপে পৰিচিত তেজপুৰ বিশ্ববিদ্যালয়ে আন এক সুনাম অৰ্জন কৰি ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ‘‘টাইমছ হায়াৰ এডুকেশ্যন ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স ৰেংকিংছ -২০২৫’’ৰ উদ্বোধনী কাৰ্যক্ৰমণিকাত উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ৰেংকিংযুক্ত প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে আন্তঃশৃংখলামূলক বিজ্ঞান শিক্ষা আৰু গৱেষণাত নিয়োজিত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ৩৫ নম্বৰ স্থান লাভ কৰিছে ৷

উল্লেখ্য যে, আন্তঃশৃংখলামূলক বিজ্ঞান গৱেষণাই বিশ্বব্যাপী সমাধানৰ বাবে একাধিক শৈক্ষিক শাখাৰ পৰা শিক্ষণসমূহ মুকলি কৰাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ ৷ সেয়েহে আন্তঃশৃংখলাৱদ্ধ বিজ্ঞানৰ প্ৰতি বিশ্ববিদ্যালয়সমূহৰ অৱদান আৰু দায়বদ্ধতা পৰিমাপৰ বাবে এই ধৰণৰ ৰেংকিংৰ প্ৰথম প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ৷

‘‘টাইমছ হায়াৰ এডুকেশ্যন ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স ৰেংকিংছ -২০২৫’’ (টিএইচই-আইএছআৰ)ৰ সূত্ৰ অনুসৰি, ৯২ খন দেশৰ ৭৪৯ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মাজত এলানি বিষয়কলৈ বিভিন্ন প্ৰক্ৰিয়াৰে মূল্যায়ন আৰু ভিত্তি কৰি এই ৰেংকিং ব্যৱস্থা কৰা হৈছে ৷

তেজপুৰ বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা দলৰ নেতৃত্ব দিয়া বহুবিষয়ক গৱেষণা কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ডি চি বৰুৱাই কয়, "টিএইচই-আইএছ আৰৰ বিশ্বমানৰ স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনত শিক্ষাৰ আন্তঃশাখা সংস্কৃতিক আৰু অধিক উন্নীত কৰি ৷"

আনহাতে, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ শম্ভু নাথ সিঙে আন্তঃশৃংখলাৱদ্ধ গৱেষণাত নিয়োজিত আৰু জড়িত তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্মকৰ্তা আৰু দলৰ কৰ্মৰাজিয়ে বিশ্বমানৰ স্বীকৃতি লাভ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনাই অনাগত দিনত বিশ্ববিদ্যালয়খনৰ গৱেষকসকলৰ কঠোৰ পৰিশ্ৰমে অধিক উৎকৃষ্ট হ'ব বুলি আশা প্ৰকাশ কৰে ৷

তেওঁ আন্তঃশৃংখলামূলক শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয়তা ভিত্তিক সমৰ্থনৰো আশ্বাস প্ৰদান কৰিছে ৷

লগতে পঢ়ক :অষ্ট্ৰেলিয়াত অধ্যাপক ড৹ উদয় শইকীয়ালৈ শ্ৰেষ্ঠ গৱেষকৰ সন্মান