ETV Bharat / state

ব'হাগত জাতিয়ে স্নান কৰে... ! এনুৱা বতৰত কোন থাকে ভিতৰত

তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাই বিগত ২৮ বছৰ ধৰি পহিলা ব'হাগৰ দিনটোত অনুষ্ঠিত কৰি আহিছে বাৰেৰহণীয়া সংস্কৃতিক সমাৰোহ ৷ ব্যতিক্ৰম নহ'ল এইবাৰো ৷

AASU celebrated Rongali Bihu in Tezpur
তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ বাৰেৰহণীয়া সংস্কৃতিক অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 8:43 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: উখল-মাখল ৰাজ্য় । শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোতে কেৱল ৰঙালীৰ ৰং । মঙলবাৰে ব’হাগৰ প্ৰথম দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয় মানুহ বিহু । বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো পহিলা ব’হাগত মানুহ বিহুৰ সৈতে সংগতি ৰাখি তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্য়োগত মঙলবাৰে নিশা অনুষ্ঠিত হয় বাৰেৰহণীয়া সংস্কৃতিক সমাৰোহ ।

তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্য়োগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানটোত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । ব'হাগৰ এই প্ৰথম দিনটোতে তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাই বিগত ২৮ বছৰ ধৰি বাৰেৰহণীয়া সংস্কৃতিক সমাৰোহৰ আয়োজন কৰি আহিছে ।

ব'হাগত জাতিয়ে স্নান কৰে... ! এনুৱা বতৰত কোন থাকে ভিতৰত (ETV Bharat Assam)

তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাই বিগত কেইবাদিন ধৰি ২০০ প্ৰশিক্ষার্থীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল । এই প্ৰশিক্ষাৰ্থীসকলেই মুকলি বিহুত অংশগ্ৰহণ কৰে ।

AASU celebrated Rongali Bihu in Tezpur
তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ বাৰেৰহণীয়া সংস্কৃতিক অনুষ্ঠান (ETV Bharat Assam)

এই অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, "তেজপুৰ আঞ্চলিক ছাত্র সন্থাই প্ৰত্যেক বছৰেই এই অনুষ্ঠান উদযাপন কৰি আহিছে । প্ৰতি বছৰেই তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাই এই অনুষ্ঠানটো অতি সুন্দৰভাৱে পৰিচালনা কৰি আহিছে । নতুন প্ৰজন্মক বিহু আখৰাৰ জৰিয়তে বিহুৰ আদিপাঠ দিয়াৰ পৰা আৰম্ভ কৰি জ্য়েষ্ঠজনক সম্বৰ্ধনা জ্ঞাপনলৈকে অসমীয়া পৰম্পৰাৰে উদ্ভাসিত এক অনুষ্ঠানৰ আয়োজন তেওঁলোকে কৰি আহিছে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ ৰাইজৰ পদধূলা ল'বলৈ পায় অতিকৈ ধন্য হলো ।" সদৌ অসম ছাত্ৰ সন্থাই জাতিটোৰ উত্তৰণৰ বাবে লোৱা প্ৰচেষ্টাক সঁহাৰি জনাব বুলি সভাপতি উৎপল শৰ্মাই আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:ETV Bharat / state তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহুত শিল্পী হীৰেণ কোঁৱৰক শিল্পীপ্ৰাণ বঁটা প্ৰদান - BOHAG BIHU 2025

ৰঙালী বিহু উপভোগ কৰিবলৈ ক’লৈ যাব খেলিমেলিত পৰিছে নেকি ? তেন্তে এয়া লওক বিকল্প - RONGALI BIHU 2025