তেজপুৰ: উখল-মাখল ৰাজ্য় । শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোতে কেৱল ৰঙালীৰ ৰং । মঙলবাৰে ব’হাগৰ প্ৰথম দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয় মানুহ বিহু । বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো পহিলা ব’হাগত মানুহ বিহুৰ সৈতে সংগতি ৰাখি তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্য়োগত মঙলবাৰে নিশা অনুষ্ঠিত হয় বাৰেৰহণীয়া সংস্কৃতিক সমাৰোহ ।
তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্য়োগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানটোত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । ব'হাগৰ এই প্ৰথম দিনটোতে তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাই বিগত ২৮ বছৰ ধৰি বাৰেৰহণীয়া সংস্কৃতিক সমাৰোহৰ আয়োজন কৰি আহিছে ।
তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাই বিগত কেইবাদিন ধৰি ২০০ প্ৰশিক্ষার্থীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল । এই প্ৰশিক্ষাৰ্থীসকলেই মুকলি বিহুত অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, "তেজপুৰ আঞ্চলিক ছাত্র সন্থাই প্ৰত্যেক বছৰেই এই অনুষ্ঠান উদযাপন কৰি আহিছে । প্ৰতি বছৰেই তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাই এই অনুষ্ঠানটো অতি সুন্দৰভাৱে পৰিচালনা কৰি আহিছে । নতুন প্ৰজন্মক বিহু আখৰাৰ জৰিয়তে বিহুৰ আদিপাঠ দিয়াৰ পৰা আৰম্ভ কৰি জ্য়েষ্ঠজনক সম্বৰ্ধনা জ্ঞাপনলৈকে অসমীয়া পৰম্পৰাৰে উদ্ভাসিত এক অনুষ্ঠানৰ আয়োজন তেওঁলোকে কৰি আহিছে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ ৰাইজৰ পদধূলা ল'বলৈ পায় অতিকৈ ধন্য হলো ।" সদৌ অসম ছাত্ৰ সন্থাই জাতিটোৰ উত্তৰণৰ বাবে লোৱা প্ৰচেষ্টাক সঁহাৰি জনাব বুলি সভাপতি উৎপল শৰ্মাই আশা প্ৰকাশ কৰে ।