ETV Bharat / state

টেট পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব কেতিয়া ? ক'লে শিক্ষামন্ত্ৰীয়ে - TET TEST RESULT

অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী আৰম্ভ ।

Free textbook distribution
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 11, 2025 at 10:18 PM IST

Updated : February 11, 2025 at 10:59 PM IST

4 Min Read

গুৱাহাটী: শীঘ্ৰে ঘোষণা কৰা হ’ব টেট পৰীক্ষাৰ ফলাফল । টেটৰ ফলাফলৰ বাবে প্ৰায়োজন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম । এই বিষয়ে আজি সদৰী কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়," ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত ১:১ কৈ দিয়া হ’ব ফলাফল । বিজ্ঞাপন মতেই পদ অনুসৰি নিৰ্বাচন কৰা হ’ব প্ৰাৰ্থী । "

টেটৰ ফলাফল সন্দৰ্ভত মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "বৰ্তমান গ্ৰেজুৱেট আৰু প'ষ্ট গ্ৰেজুৱেট পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ কাম চলি আছে । শীঘ্ৰে টেট পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ।" অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ নাৰেঙ্গীৰ বোন্দাস্থিত কেন্দ্ৰীয় ভঁৰালত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভণি অনুষ্ঠানত শিক্ষামন্ত্রীগৰাকীয়ে এইদৰে মন্তব্য় কৰে ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)

বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণি :

এই অনুষ্ঠানটোত শিক্ষামন্ত্রীগৰাকীয়ে পতাকা জোকাৰি বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভণি কৰি ভাষণ প্ৰসংগত কয়, "যোৱা বছৰতকৈ ৭ দিন আগুৱাই এইবাৰ পাঠ্যপুথি বিতৰণৰ ব্যৱস্থা কৰা হৈছে । ট্ৰেন্সপ'ৰ্টেচনৰ কাৰণে চৰকাৰে এইবাৰ অতিৰিক্ত ব্য়য় কৰিব যাতে সকলোৱে বিনামূলীয়াকৈ পাঠ্যপুথি লাভ কৰে ।"

১৯ জনগোষ্ঠীয় ভাষাত পাঠদানৰ বাবে বাছনি আৰম্ভ :

অসমৰ শিক্ষা সেতু এপ অন্য ৰাজ্যতকৈ আমাৰ বহু বেছি ভাল বুলি উল্লেখ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "শিক্ষা সেতু এপত শিক্ষাৰ্থী অথবা শিক্ষকে বিনামূলীয়া কিতাপ পাইছে নে জনাব পাৰিব । তদুপৰি প্ৰত্যেকজন শিক্ষকে পাব এটাকৈ টেব । ইতিমধ্যে ৫২ হাজাৰ শিক্ষকে এই টেব লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰ প্ৰায় ৩ কোটি ৪১ লাখ কিতাপ বিতৰণ কৰা হৈছে । তদুপৰি প্ৰত্যেকখন কিতাপ ই-বুক ফৰমেটত দিয়াৰ ব্যৱস্থা কৰিম । দুৰ্গা পূজা ভিতৰত ই-বুক দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু ৯ টা ভাষাত মূল বিষয়সমূহৰ ই-বুক মুকলি হ'ব । সেয়ে ১৯ জনগোষ্ঠীয় ভাষাত পাঠদানৰ বাবে বাছনি কৰি থকা হৈছে শিক্ষকক ।"

উল্লেখ্য যে এইবাৰ ৯ টা মাধ্যমত 19 টা ভাষাত বিনামূলীয়া কিতাপ বিতৰণ কৰা হৈছে । সৰ্বমুঠ 52,91,707 গৰাকী ছাত্ৰ- ছাত্ৰীৰ মাজত 2,23,74,690 খন কিতাপ বিতৰণ কৰা হ'ব । সেই অনুসৰি "ক" শ্ৰেণীৰ 2,67,632গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত 7,97,604 খন কিতাপ বিতৰণ কৰা হ'ব । প্ৰথম শ্ৰেণীৰ 4,48,576 গৰাকী ছাত্ৰ -ছাত্ৰীৰ মাজত 13,38,316 খন কিতাপ বিতৰণ কৰা হ'ব । দ্বিতীয় শ্ৰেণীৰ 4,48,576 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত 13,38,316 খন কিতাপ বিতৰণ কৰা হ'ব । তৃতীয় শ্ৰেণীৰ 4,62,417 ছাত্ৰ-ছাত্ৰীৰ মাজত 22,80,143 খন কিতাপ, চতুৰ্থ শ্ৰেণীৰ 5,01,341 ছাত্ৰ-ছাত্ৰীৰ মাজত 19,76,669 খন, পঞ্চম শ্ৰেণীৰ 5,17,490 ছাত্ৰ-ছাত্ৰীৰ মাজত 20,42,264 খন কিতাপ বিতৰণ কৰা হ’ব ।

Free textbook distribution
বিনামূলীয়া পাঠ্যপুথি বিতৰণ (ETV Bharat Assam)

একেদৰে ষষ্ঠ শ্ৰেণীৰ 4,58,906 ছাত্ৰ-ছাত্ৰীৰ মাজত 49,62,526 খন, সপ্তম শ্ৰেণীৰ 4,58,906 ছাত্ৰ-ছাত্ৰীৰ মাজত 36,00,136খন, অষ্টম শ্ৰেণীৰ 4,57,333 ছাত্ৰ-ছাত্ৰীৰ মাজত 40,38,716 খন, নৱম শ্ৰেণীৰ 4,01,000 ছাত্ৰ-ছাত্ৰীৰ মাজত 53,62,957 খন, দশম শ্ৰেণীৰ 4,01,000 ছাত্ৰ-ছাত্ৰীৰ মাজত 34,22,499 খন কিতাপ বিতৰণ কৰা হ'ব ।

কিতাপ প্ৰকাশত 181 কোটি টকা ব্যয় :

একাদশ শ্ৰেণীৰ 2,34,265 ছাত্ৰ-ছাত্ৰীৰ মাজত 14,46,263 খন কিতাপ, দ্বাদশ শ্ৰেণীৰ 2,34,265 ছাত্ৰ-ছাত্ৰীৰ মাজত 14,46,263 খন কিতাপ বিতৰণ কৰা হ'ব । এই কিতাপ প্ৰকাশত 181 কোটি টকা ব্যয় কৰা হৈছে । এইবেলি কিতাপসমূহ সময়মতে সকলো স্কুললৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:সলনি হ’ল টেট পৰীক্ষাৰ দিন, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ - GAUHATI HIGH COURT

হুকহুকাই কান্দি উঠিল শিক্ষাগুৰুৱে... কাৰ ভুলৰ শাস্তি এয়া - TEACHERS PROTEST

Last Updated : February 11, 2025 at 10:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.