বিয়ানাম আৰু আয়তীৰ উৰুলিৰে গুঞ্জৰিছে টীয়ক
বিয়ানাম আৰু আয়তীৰ উৰুলিৰে উদুলি মুদুলি টীয়কৰ বাকৰি ৷ বিহু, ঝুমুৰৰ পাছত এইবাৰ ১২০০০ গৰাকী মহিলাই একেলগে গাব বিয়ানাম ৷ পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷

Published : March 18, 2025 at 11:58 AM IST
টীয়ক : অসমীয়া লোক-সংস্কৃতিৰ এটা অংশ হৈছে বিয়ানাম । অসমীয়া সমাজত বিয়ানামৰ আছে এক সুকীয়া বৈশিষ্ট্য । কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ ধামখুমীয়াত ক’ৰবাত যেন হেৰাই গৈছে বিয়ানামৰ এই পৰম্পৰা ।
আজিকালি ৰভাতলীত নোযোৰা হৈছে বিয়ানাম ৷ বিয়ানামৰ ঠাই লৈছে ডি-জে বা অন্যান্য আধুনিক মিউজিক যন্ত্ৰপাতিয়ে ৷ সেয়ে অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এই পৰম্পৰা ধৰি ৰাখিবলৈ যত্ন কৰিছে এদল মহিলাই ৷ আনকি হেৰাই যোৱা এই পৰম্পৰা ধৰি ৰখাৰ লগতে বিয়ানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কৰি নৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সমগ্ৰ অসমতে এক বিশাল প্ৰস্তুতি চলিছে ।
বিশেষকৈ টীয়কত অসমৰ অন্যতম এগৰাকী সাংস্কৃতিকবান মহিলা ৰূপৰেখা বৰুৱাৰ মুখ্য পৃষ্ঠপোষকতাত বিয়ানামৰ জৰিয়তে অসম বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ প্ৰায় দুই শতাধিক মহিলাই প্ৰস্তুতি চলাইছে । জনপ্ৰিয় বিয়ানামৰ শিল্পী সংগীতা বৰাই প্ৰশিক্ষণ প্ৰদান কৰা এই কৰ্মশালাত অসমৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ পৰা বিয়ানামবোৰ সংগ্ৰহ কৰি মুঠ ৩১ মিনিট পৰিৱেশন কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়া হৈছে ।
অহা ৬ এপ্ৰিল তাৰিখে ডিমৌত অনুষ্ঠিত হ’ব এই বিয়ানামৰ অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় ১২০০০ মহিলাই একেলগে পৰিৱেশন কৰিব বিয়ানাম । সেয়ে টীয়কৰ দৰে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া সকলো মহিলা ব্যস্ত হৈ পৰিছে বিয়ানাম গোৱাৰ অনুশীলন কৰাত ৷

এই কৰ্মশালাত সংস্কৃতিবান মহিলা ৰূপৰেখা বৰুৱাই কয়, ‘‘বিয়ানামৰ চৰ্চা বৰ্তমান আমাৰ সমাজত কমি গৈছে । বিয়াত ব’ক্স বজাইহে আজিকালি আনন্দ কৰে । সেয়ে এই আপুৰুগীয়া সংস্কৃতি যাতে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰে তথা বিশ্বমুখী হয় তাৰ উদ্দেশ্যে এই প্ৰস্তুতি চলোৱা হৈছে ।’’
‘‘ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬০০০ মহিলাই এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ অহা সময়ছোৱাত এই প্ৰশিক্ষণৰ জৰিয়তে মুঠ ১২০০০গৰাকী মহিলাক একত্ৰিত অহা ৬ এপ্ৰিল তাৰিখে ডিমৌত বিয়ানাম পৰিৱেশন কৰিম ।’’ বৰুৱাই কয় ৷

ইপিনে উক্ত কাৰ্যসূচীৰ অন্যতম প্ৰশিক্ষক সংগীতা বৰা কয়, ‘‘এয়া আমাৰ এক ঐতিহাসিক পদক্ষেপ । অসমৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ পৰা বিয়ানামসমূহ আমি গোটাই মহিলাসকলক প্ৰশিক্ষণ দিছো । এনেকৈ বিশ্বদৰবাৰত বিয়ানামক প্ৰতিষ্ঠা কৰিবলৈ সমূহ শিৱসাগৰবাসীৰ সহযোগত সূৰোজমুখী মহিলা সমিতিৰ উদ্যোগত চেষ্টা অব্যাহত ৰাখিছো ।’’

