বিজয়া দশমী চাবলৈ যোৱা মহিলাক উদ্দেশ্যি ইউটিউব ভিডিঅ’ত যুৱকৰ অশালীন মন্তব্য; উত্তপ্ত গোৱালপাৰা
Tense situation in Goalpara: নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্য়ৰে ভিডিঅ' প্ৰস্তুত কৰি জনপ্ৰিয়তা লাভৰ অপচেষ্টা যুৱকৰ ৷ ৰাইজৰ দাবীৰ পিচতে আটক কৰিলে আৰক্ষীয়ে ৷

Published : October 15, 2024 at 9:44 AM IST
গোৱালপাৰা, ১৫ অক্টোবৰ: দেৱী দুৰ্গাৰ বিসৰ্জন চাবলৈ যোৱা নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্য় কৰি প্ৰস্তুত কৰিছিল ভিডিঅ' । সামাজিক মাধ্য়মত প্ৰচাৰ কৰি সস্তীয়া জনপ্ৰিয়তা লাভ কৰাৰ লগতে মহিলা সমাজক হেয় প্ৰতিপন্ন কৰিবলৈ এনে কাৰ্য কৰাৰ পিচতেই জাঙুৰ খাই উঠিল ৰাইজ । হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰিবলৈ চেষ্টা অব্য়াহত থকাৰ মাজতেই এইজন যুৱকে শান্তি বিঘ্নিত কৰিবলৈ এনে কাৰ্য কৰাত তেওঁৰ বিৰুদ্ধে ওলাই আহিল শ শ ৰাইজ ।
গোৱালপাৰাত দেৱী দুৰ্গাৰ বিসৰ্জন চাবলৈ যোৱা নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্যৰে ভিডিঅ' প্ৰস্তুত কৰি গ্ৰেপ্তাৰ হ'ল যুৱক । ধৃত যুৱকজন গোৱালপাৰাৰ আব্দুল কাশেম আলী । কাশেম আলীক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে নিশা তিনি শতাধিক ৰাইজে ঘেৰাও কৰিলে থানা ।
সমগ্ৰ ৰাজ্যতে শান্তিপূৰ্ণভাৱে বিসৰ্জন হ'ল দেৱী দুৰ্গাৰ মাৰ প্ৰতিমা । দেৱী দুৰ্গাৰ বিসৰ্জনৰ পিছতেই গোৱালপাৰাত সংঘটিত হৈছে এক ঘৃণনীয় ঘটনা । দেওবাৰে সমগ্ৰ ৰাজ্যতে উখল-মাখল পৰিবেশৰ মাজত অশ্ৰুশক্তি নয়নেৰে শান্তিপূৰ্ণভাৱে দেৱী দুর্গাক বিসৰ্জন দিয়া হয় । বিসৰ্জনৰ দৃশ্য চাবলৈ উপস্থিত হয় হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ । কিন্তু ইয়াৰ মাজতে দুৰ্গা মাৰ বিসৰ্জন চাবলৈ যোৱা নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্য় কৰি ভিডিঅ' প্ৰস্তুত কৰে মৰনৈ আৰক্ষী থানৰ অন্তৰ্গত ডোবাপাৰা লুপ্তচৰৰ এজন যুৱকে ।
এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে একাংশ সচেতন ৰাইজে যুৱকজনৰ বিৰুদ্ধে মৰনৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।এজাহাৰ দাখিলৰ পিচতো মৰনৈ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ নকৰাত সোমবাৰে সন্ধিয়া তিনি শতাধিক ৰাইজে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ প্ৰতিবাদত সেও মানি মৰনৈ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কাশেম আলী নামৰ যুৱকজনক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।
স্থানীয় ৰাইজে এই প্ৰসংগত ক্ষোভ প্ৰকাশ কৰি কয় যে কাশেম আলী নামৰ যুৱকজনে দেৱী দুৰ্গাৰ লগতে সমগ্ৰ নাৰী সমাজক অপমান কৰি ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে । আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে এইটো ঘটনাকলৈ যাতে কোনো ধৰণৰ হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহয় তাৰ বাবে সকলোকে আহ্বান জনায় ।

