সন্ধানহীনৰ সম্ভেদ লাগে; চিলাপথাৰৰ ডিমৌত আৰক্ষীৰ টহলদাৰী চকী ঘেৰাও ৰাইজৰ
Dhemaji man missing: ৰাইজে আৰক্ষীৰ ওচৰলৈ গৈছিল সন্ধানহীন লোকৰ সম্ভেদ বিচাৰি । কিন্তু ৰাইজক আৰক্ষীয়ে সন্ধান দিয়াৰ পৰিৱৰ্তে কি কৰিলে জানিবলৈ পঢ়ক....

Published : October 15, 2024 at 7:37 AM IST
জোনাই, ১৫ অক্টোবৰ: ধেমাজি জিলাৰ চিলাপথাৰৰ ডিমৌ আৰক্ষী টহলদাৰী চকীত সোমবাৰে হঠাতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ৰাইজে যিমানেই ভাৰপ্ৰাপ্ত বিষয়াক প্ৰশ্ন কৰিছে সিমানেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে । উত্তেজিত ৰাইজো পিচুৱাই অহা নাই । কাৰণ ৰাইজে কৰা প্ৰশ্নৰ সদুত্তৰ পোৱা নাই । সেইবাবে ৰাইজে কৰিলে এই কাম । কিন্তু কি কাৰণে ৰাইজে আৰক্ষী বিষয়াগৰাকীক প্ৰশ্ন কৰিছে ?
ডিমৌ চাৰিআলিৰ ৩ জন লোক যোৱা ৮ অক্টোবৰত অসম-অৰুণাচল সীমান্তৰ অৰুণাচল প্ৰদেশৰ ডিমৌ নদীত মাছ মাৰিবলৈ গৈছিল । মহেন্দ্ৰ পাংগিং (৫৭), প্ৰফুল্ল য়েইন (৫৫) আৰু জিনুত মিলিয়ে (৫১) মাছ মাৰিবলৈ যোৱাৰ পিচত ইয়াৰে জিনুত মিলি নামৰ লোকজন কোনোমতে ঘৰলৈ উভতি আহে ৷ ইফালে, জিনুত মিলিয়ে জানিবলৈ দিয়া মতে, মাছ মাৰি উভতি অহাৰ পথত পাহাৰৰ ঘন জংঘত দুজন বন্ধু ক্ৰমে মহেন্দ্ৰ পাংগিং আৰু প্ৰফুল্ল য়েইন ৰহস্যজনকভাৱে সন্ধানহীন হয় ।
ডিমৌ আৰক্ষী টহলদাৰী চকী ঘেৰাও
এই সন্দৰ্ভত পৰিয়াল তথা ৰাইজে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ অন্তত ডিমৌ আৰক্ষী টহলদাৰী চকীত আৰু অৰুণাচল আৰক্ষীক অৱগত কৰে যদিও দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজে আৰক্ষীৰ হেমাহিৰ অভিযোগ উত্থাপন কৰি সোমবাৰে ঘেৰাও কৰে ডিমৌ আৰক্ষী টহলদাৰী চকী ।
স্থানীয় ৰাইজে টহলদাৰী চকী ঘেৰাও কৰি ‘‘অসম আৰক্ষী হায় হায়’’, ‘‘নিৰুদ্দেশ হোৱা লোক দুজনক তদন্ত কৰি অতি শীঘ্ৰে উদ্ধাৰ কৰক’’ আদি শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে । ৰাইজে শীঘ্ৰে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।

