ETV Bharat / state

লকআপত আচামীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত জোনাই থানা

চুৰিৰ গোচৰত আটক কৰিছিল এজন যুৱকক । থানাৰ ভিতৰতে ওলাল যুৱকজনৰ মৃতদেহ ।

Tense situation in Jonai
উত্তপ্ত পৰিস্থিতি জোনাই থানাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 9:32 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাত অঘটন । জোনাই আৰক্ষী থানাৰ লকআপৰ ভিতৰত এটা আচামীৰ ৰহস্যজনক মৃত্যু । এই ঘটনাৰ পিছতেই দেওবাৰে উত্তপ্ত হৈ পৰে আৰক্ষী থানাৰ চৌহদ । স্থানীয় উত্তেজিত ৰাইজে এই ঘটনাৰ তদন্তৰ দাবীত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । আচামীটোৰ পৰিয়ালৰ লগতে ৰাইজে এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীলৈও চোঁচা লয় ।

ঘটনাৰ বিৱৰণি মতে, শনিবাৰে জোনাইৰ উদয়পুৰ গাঁৱৰ ইমৰাণ আলী (২৫) নামৰ যুৱকজনক জোনাই সীমান্ত লেকুৰ পৰা চুৰি কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰি নিশা লকআপৰ ভিতৰত ৰাখে । কিন্তু আজি পুৱা প্ৰায় ৮ বজাত যুৱকজনে লকআপৰ ভিতৰত ৰহস্যজনকভাৱে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে । যুৱকজনৰ মৃতদেহটো বাথৰূমৰ ভিতৰত উদ্ধাৰ হয় । এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষী থানাত উপস্থিত হৈ থানা চৌহদ উত্তাল কৰে ।

উত্তপ্ত পৰিস্থিতি জোনাই থানাত (ETV Bharat Assam)

পৰিয়ালৰ লোকে সংবাদমাধ্যমৰ আগত কয়, "আৰক্ষী কৰ্তব্যৰত অৱস্থাত থকাৰ পিছতো কেনেকৈ লকআপৰ ভিতৰত এনেকৈ এজন আচামীয়ে শৌচাগাৰত চৰম সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ? আৰক্ষীৰ প্ৰহাৰত যুৱকজনৰ মৃত্যু হৈছে ৷ আমাক ন্যায় লাগে ৷"

ইয়াৰ পিছতেই ঘটনাস্থলীত ধেমাজিৰ আৰক্ষী বিষয়াসহ উচ্চপদস্থ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, "কালি ইমৰাণ আলী বুলি এজন চুৰি গোচৰৰ আচামীক আটক কৰা হৈছিল । নিশা ১০ মান বজাত আচামীজনে গাত লৈ থকা ব্লেংকেটখন ফালি লকআপৰ ভিতৰৰ শৌচাগাৰত জীৱনৰ চৰম সিদ্ধান্ত লয় ।"

(যদি আপোনাৰ মনলৈ জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক:প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ কন্যাই কিয় ল'লে জীৱনৰ চৰম সিদ্ধান্ত ? - BHRIGU PHUKAN DAUGHTER DEATH

কোনেও একো তলকিবই নোৱাৰিলে; নিজকে গুলীয়াই শেষ কৰিলে জীতেন শইকীয়াই - MAN COMMITS SUICIDE