মৰাণ: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বামুণবাৰীত সোমবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । জিলাখনৰ বামুণবাৰীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ব লগা হ'ল এজন ছাত্ৰনেতা । ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দল এটাৰ আক্ৰমণত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই আহত হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ ।
অভিযোগ অনুসৰি, সোমবাৰে সন্ধিয়া বামুণবাৰী ১ নং কেঁকুৰী বঙালী গাঁৱৰ আদি দেৱ নামৰ এজন যুৱকৰ নেতৃত্বত অহা এটা ২০-২৫ জনীয়া দলে ছাত্ৰনেতা তন্ময় বৰগোহাঁইক ঘৰৰ সন্মুখৰ পৰা চোঁচৰাই নি মাটিত বগৰাই বগৰাই উপৰ্যুপৰি প্ৰহাৰ কৰে । ইমানতে ক্ষান্ত নাথাকি আদি দেৱৰ গুণ্ডা বাহিনীয়ে তন্ময় বৰগোঁহাইৰ পৰিয়ালক হত্যা কৰা আৰু ঘৰ জ্বলাই দিয়াৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন হৈছে ।
এই ঘটনাটো পোহৰলৈ অহাৰ পাছতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইয়াৰ পিচতেই উক্ত ঘটনাৰ প্ৰতিবাদত নিশাই ৰাজপথলৈ ওলাই আহে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ । ক্ষুব্ধ ৰাইজে বামুণবাৰী আৰক্ষী চকীত উপস্থিত হৈ দোষীক উচিত শাস্তিৰ দাবী জনায় । আনহাতে, আদি দেৱে ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত বামুণবাৰী অঞ্চল অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ হুংকাৰ দিছে আছুকে ধৰি কেইবাটাও সংগঠনে ।
ইফালে, এই ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰনেতাজনৰ পৰিয়ালে বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত অভিযু্ক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই । এই ঘটনাক লৈ নিশাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনাই আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি,বীৰ লাচিত সেনাৰ নেতাৰ লগতে বিভিন্ন দল-সংগঠনে । এই ঘটনাৰ উচিত তদন্ত নহ'লে তীব্ৰ প্ৰতিবাদ আৰু বন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে সংগঠনকেইটাই ।
ঘটনাক লৈ কি কয় ভুক্তভোগীয়ে:
সমগ্ৰ ঘটনাটোক লৈ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইয়ে কয়, "ঘৰৰ সন্মুখত ৰখি থকা সময়ত আদি দেৱ নামৰ এজন যুৱকৰ নেতৃত্বত অহা এটা ২০-২৫ জনীয়া দলে প্ৰথমে মোক ঢকিয়াঢকি কৰে আৰু টানি লৈ যায় । ইয়াৰ পাছতে ডিঙিত ধৰি মাৰধৰ কৰে । মাই গৈ মোক লৈ আহে যদিও সিহঁতে ঘৰলৈ আহে । মায়ে গেট বন্ধ কৰি দিয়াত গেটখন ভাঙিবলৈ চেষ্টা কৰে । পিছত মোৰ সতীৰ্থসকল অহাত আঁতৰি যায় । কি কাৰণে এনেকৈ আক্ৰমণ কৰিলে সেই কথা গম নাপালো ।"
অভিযুক্তক ক্ষমা খুজিবলৈ দাবী :
এই সমগ্ৰ ঘটনাটোক লৈ জিলা আছুৰ উপদেষ্টা ঋতুপৰ্ণ বৰুৱাই ঘটনাস্থলীত উপস্থিত হৈ কয়, "সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক অনাঅসমীয়া ২০-২৫ জনীয়া দলে হত্যাৰ চেষ্টা কৰিছিল । তেওঁৰ মাতৃক অশালীন ব্যৱহাৰ কৰিছে । ঘটনাৰ পাছতে অভিযোগ উঠা যুৱকৰ ঘৰত গৈ কিয় এই ঘটনা কৰিলে তাক জানিবলৈ যাওঁতে আমাক মাৰিবলৈ উদ্যত হৈছিল । খিলঞ্জীয়াক ভয় ভাবুকি দিব, আক্ৰমণ কৰিব সেই কথা সদৌ অসম ছাত্ৰ সন্থাই মানি নলওঁ । তেওঁলোকক বামুণবাৰীৰ শ্বহীদ বেদীত আহি ৰাজহুৱা ক্ষমা খুজিবলৈ দাবী জনাইছো। যদি নকৰে এই ঘটনাক লৈ হ'ব তীব্ৰ প্ৰতিবাদ । "