জোনাই ১৫ এপ্ৰিল: ৰঙালী বিহুৰ আনন্দৰ মাজতে এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি জোনাইত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেইদিনমান পূৰ্বে একেখন গাঁৱৰেই এজন ঠিকাদাৰে শ্ৰমিকজনক অৰুণাচললৈ নিছিল । কিন্তু অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অন্তৰ্গত বিলাতত অৰুণাচলী লোক আৰু ঠিকাদাৰে শ্ৰমিকজনক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰি মূৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ কাষত পেলাই থৈ যায় ।
পৰিয়ালৰ অভিযোগ অনুসৰি, অৰুণাচলৰ এজন লোকৰ পুখুৰীত মাছ পালনৰ বাবে জোনাইৰ কমলপুৰ গাঁৱৰ ৬০ বছৰীয়া মিনাৰ আলীক একেখন গাঁৱৰে ঠিকাদাৰ ছাইদুল ওৰফে বৰলা আলীয়ে নিছিল । এই কামৰ বিনিময়ত মিনাৰ আলীক পাৰিশ্ৰমিক হিচাপে পাঁচ হাজাৰ টকা দিছিল । ঘটনাৰ প্ৰায় সপ্তাহদিন পূৰ্বে কাম কৰিবলৈ বুলি অৰুণাচলৰ বিলাতলৈ গৈছিল । কাম কৰিবলৈ যোৱা মিনাৰ আলীক যোৱা শুকুৰবাৰে নিশাৰে পৰা কোনো কাৰণ নোহোৱাকৈ শনিবাৰৰ দিনৰ ভাগলৈকে হাত-ভৰি ৰচিৰে বান্ধি, লাঠি-দাৰে অমানৱীয়ভাৱে শৰীৰৰ বিভিন্ন অংশত অত্যাচাৰ চলায় ।
ইয়াৰ পিছতেই উক্ত ঘটনাক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ ৰুকচিন আৰক্ষী থানাত ঠিকাদাৰ ছাইদুল ওৰফে বৰলা আলীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে মিনাৰৰ পৰিয়ালে । উক্ত গোচৰৰ ভিত্তিত কেইঘন্টামানৰ পিছতে ৰুকচিন আৰক্ষীয়ে বৰলা আলীক আটক কৰে যদিও পুনৰ মুকলি আকাশৰ তলত পুনৰ দেখিবলৈ পায় ৰাইজে ।
ঠিকাদাৰ বৰলা আলীয়ে মিনাৰ আলীকো কৰ্মস্থলীত গৈ কোনো সোধপোচ নকৰাকৈ মাৰপিট কৰি গাড়ীত উঠাই মূৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ কাষত পেলাই থৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ইয়াৰ পিছতেই পৰিয়ালৰ লোকে তেওঁক জোনাইৰ চিকিৎসায়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত মিনাৰ আলীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । ডিব্ৰুগড়লৈ নিয়াৰ সময়ত অৰ্থাৎ মৃত্য়ুৰ পূৰ্বেই স্বয়ং মিনাৰ আলীয়ে জোনাইত চিকিৎসাধীন অৱস্থাত সংবামাধ্যমৰ আগত অভিযোগ কৰিছিল মাৰপিট কৰাৰ বিষয়ে ।
এই সন্দৰ্ভত মৃত লোকজনৰ কন্য়াই অভিযোগ কৰি কয়, "মোৰ দেউতাক বিলাতলৈ নিছিল বৰলা আলীয়ে । দুদিন পূৰ্বে তালৈ গৈ তেওঁ দেউতাক প্ৰহাৰ কৰে । দেউতাক হাত-ভৰিত বান্ধি ডাঙৰ পুখুৰীত নমাই দিয়ে । তেওঁ এই দৃশ্য় ভিডিঅ' কল কৰি দেখুৱাইছে ।" উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা মিনাৰৰ আজি হঠাতে মৃত্যু হোৱা খবৰক কেন্দ্ৰ কৰি কমলপুৰ গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কমলপুৰৰ গঞাই ভাঙি লণ্ড ভণ্ড কৰে বৰলা আলীৰ ঘৰ ।