ETV Bharat / state

বৰলাই বিলাতলৈ নি কি কৰিছিল মিনাৰক ? খঙতে গঞাই ভাঙি পেলালে বৰলাৰ ঘৰ

উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা মিনাৰৰ আজি হঠাতে মৃত্যু হোৱা খবৰক কেন্দ্ৰ কৰি কমলপুৰ গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

Tense Situation In Dhemaji
জোনাইত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 6:32 PM IST

3 Min Read
Choose ETV Bharat

জোনাই ১৫ এপ্ৰিল: ৰঙালী বিহুৰ আনন্দৰ মাজতে এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি জোনাইত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কেইদিনমান পূৰ্বে একেখন গাঁৱৰেই এজন ঠিকাদাৰে শ্ৰমিকজনক অৰুণাচললৈ নিছিল । কিন্তু অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অন্তৰ্গত বিলাতত অৰুণাচলী লোক আৰু ঠিকাদাৰে শ্ৰমিকজনক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰি মূৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ কাষত পেলাই থৈ যায় ।

পৰিয়ালৰ অভিযোগ অনুসৰি, অৰুণাচলৰ এজন লোকৰ পুখুৰীত মাছ পালনৰ বাবে জোনাইৰ কমলপুৰ গাঁৱৰ ৬০ বছৰীয়া মিনাৰ আলীক একেখন গাঁৱৰে ঠিকাদাৰ ছাইদুল ওৰফে বৰলা আলীয়ে নিছিল । এই কামৰ বিনিময়ত মিনাৰ আলীক পাৰিশ্ৰমিক হিচাপে পাঁচ হাজাৰ টকা দিছিল । ঘটনাৰ প্ৰায় সপ্তাহদিন পূৰ্বে কাম কৰিবলৈ বুলি অৰুণাচলৰ বিলাতলৈ গৈছিল । কাম কৰিবলৈ যোৱা মিনাৰ আলীক যোৱা শুকুৰবাৰে নিশাৰে পৰা কোনো কাৰণ নোহোৱাকৈ শনিবাৰৰ দিনৰ ভাগলৈকে হাত-ভৰি ৰচিৰে বান্ধি, লাঠি-দাৰে অমানৱীয়ভাৱে শৰীৰৰ বিভিন্ন অংশত অত্যাচাৰ চলায় ।

জোনাইত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

ইয়াৰ পিছতেই উক্ত ঘটনাক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ ৰুকচিন আৰক্ষী থানাত ঠিকাদাৰ ছাইদুল ওৰফে বৰলা আলীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে মিনাৰৰ পৰিয়ালে । উক্ত গোচৰৰ ভিত্তিত কেইঘন্টামানৰ পিছতে ৰুকচিন আৰক্ষীয়ে বৰলা আলীক আটক কৰে যদিও পুনৰ মুকলি আকাশৰ তলত পুনৰ দেখিবলৈ পায় ৰাইজে ।

ঠিকাদাৰ বৰলা আলীয়ে মিনাৰ আলীকো কৰ্মস্থলীত গৈ কোনো সোধপোচ নকৰাকৈ মাৰপিট কৰি গাড়ীত উঠাই মূৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ কাষত পেলাই থৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ইয়াৰ পিছতেই পৰিয়ালৰ লোকে তেওঁক জোনাইৰ চিকিৎসায়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত মিনাৰ আলীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । ডিব্ৰুগড়লৈ নিয়াৰ সময়ত অৰ্থাৎ মৃত্য়ুৰ পূৰ্বেই স্বয়ং মিনাৰ আলীয়ে জোনাইত চিকিৎসাধীন অৱস্থাত সংবামাধ্যমৰ আগত অভিযোগ কৰিছিল মাৰপিট কৰাৰ বিষয়ে ।

এই সন্দৰ্ভত মৃত লোকজনৰ কন্য়াই অভিযোগ কৰি কয়, "মোৰ দেউতাক বিলাতলৈ নিছিল বৰলা আলীয়ে । দুদিন পূৰ্বে তালৈ গৈ তেওঁ দেউতাক প্ৰহাৰ কৰে । দেউতাক হাত-ভৰিত বান্ধি ডাঙৰ পুখুৰীত নমাই দিয়ে । তেওঁ এই দৃশ্য় ভিডিঅ' কল কৰি দেখুৱাইছে ।" উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা মিনাৰৰ আজি হঠাতে মৃত্যু হোৱা খবৰক কেন্দ্ৰ কৰি কমলপুৰ গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কমলপুৰৰ গঞাই ভাঙি লণ্ড ভণ্ড কৰে বৰলা আলীৰ ঘৰ ।

লগতে পঢ়ক:নিশা ছাত্ৰনেতাক দলবদ্ধ আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি, ক্ষমা খোজাৰ দাবী আছুৰ - GANG ATTACK ON AASU LEADER

লকআপত আচামীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত জোনাই থানা - YOUTHS MYSTERIOUS DEATH