ডিফু: ডিফু মাছ বজাৰত সংঘটিত কাণ্ডক লৈ পাহাৰীয়া নগৰখনত চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে । শনিবাৰৰ দিনটোত কাৰ্বি আংলং জিলাৰ ব্যস্ত বাণিজ্যিক নগৰ ডিফু বন্ধ হৈ পৰাৰ লগতে মাছ বজাৰো অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰে ৷
উল্লেখ্য় যে শুকুৰবাৰে ডিফুৰ মাছ বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ শুকুৰবাৰে সন্ধিয়া শুকুৰছিং তেৰাং নামৰ এজন যুৱকক মাছ বেপাৰী নাজিৰুল ইছলামে দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰাৰ পিছত সমগ্ৰ নগৰখন উত্তপ্ত হৈ পৰে ৷ কে এছ একে আদি কৰি দল-সংগঠনসমূহে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদত ডিফু নগৰ আৰু মাছ বজাৰ বন্ধ ঘোষণা কৰাৰ পিছত আজি ডিফুৰ দোকান-পোহাৰ বন্ধ হৈ অচলাৱস্থাৰ সৃষ্টি হয় ৷
বিভিন্ন দল-সংগঠনে নগৰখনৰ মাজমজিয়াত অনা-কাৰ্বি লোকৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ স্থায়ীভাৱে বাতিল কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য় যে শুকুৰবাৰে সন্ধিয়া ডিফু মাছ বজাৰত মাছ কিনিবলৈ অহা গ্ৰাহক শুকুৰছিং তেৰাঙৰ সৈতে মাছ বেপাৰীজনৰ তৰ্ক-বিতৰ্ক হয় । তাৰ পিছতে মাছ বেপাৰীজনে গ্ৰাহকজনক হাতত থকা মাছ কটা দাৰেই ঘপিয়াই গুৰুতৰভাৱে আহত কৰে ৷ সংকটজনক অৱস্থাত শুকুৰছিং তেৰাঙক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ অৱশ্য়ে উন্নত চিকিৎসাৰ বাবে আহত শুকুৰছিং তেৰাঙক আজি গুৱাহাটীলৈ প্ৰেৰণ কৰে চিসিৎসকে ৷
এই ঘটনাটো সংঘটিত কৰিয়েই বেপাৰীজনে পলায়ন কৰে যদিও নিশা আৰক্ষীয়ে নাজিৰুল ইছলামক আটক কৰে ৷ অৱশ্যে কি কাৰণত এনে ঘটনা সংঘটিত হ’ল তাৰ সঠিক তথ্য লাভ কৰিব পৰা নাই ৷ ইয়াকে লৈ যোৱানিশা একাংশ ক্ষুব্ধ লোকে মাছ বজাৰত লংকাকাণ্ড চলায় ৷

পিছত এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু আৰক্ষী আৰু চি আৰ পি এফৰ দল ৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত জিলা আয়ুক্ত নিৰলা ফাংচ'পীয়ে শীঘ্ৰেই দোষীক কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰি কয়, "সকলোৱে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখক ৷"
ইফালে, গ্ৰেটাৰ ডিফু বজাৰ কমিটীৰ সভাপতি বিদ্যাছিং তিচ'ৱে কয়, "প্ৰশাসনে দোষীক কৰায়ত্ত কৰক ৷ দোষীক কৰায়ত্ত কৰিব নোৱৰালৈকে ডিফু বজাৰ সমিতিয়ে ডিফু বজাৰ বন্ধৰ ঘোষণা কৰিছে ৷" একেদৰে পৰহিৰ পৰা অনিৰ্দিষ্টকাললৈ ডিফু মাছৰ বজাৰত এটা সম্প্ৰদায়ৰ বেপাৰীৰ দোকান বন্ধৰো ঘোষণা কৰিছে বজাৰ কমিটীয়ে ৷ উল্লেখ্য় যে ২০১২ চনতো কংকাট টেৰণ নামৰ এজন লোকক মাছ বেপাৰীয়ে আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
লগতে পঢ়ক: স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ৯ টাকৈ সংগঠনৰ ধৰ্ণাত উত্তাল ডিফু