ETV Bharat / state

অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যা: চৰকাৰী বিষয়াক অপদস্থ কৰাৰ অভিযোগ - ARUNACHALI AGGRESSION IN ASSAM

Assam Arunachal border dispute: অথলে গ’ল ৰাজ্য চৰকাৰৰ অৰুণাচলৰে সীমা সমস্যা সমাধান কৰাৰ আলোচনা । লখিমপুৰ জিলাত সীমা সমস্যাই ধাৰণ কৰিছে জটিল ৰূপ । অসম ভূমিত নিৰ্মাণ পকী পথ, অৱসৰ বিনোদন কেন্দ্র । চৰকাৰী বিষয়াক অপদস্থ কৰাৰ অভিযোগ আগ্ৰাসনকাৰীৰ বিৰুদ্ধে ৷

tense situation in assam arunachal border
অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 25, 2024 at 1:56 PM IST

|

Updated : June 25, 2024 at 4:30 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ, 25 জুন: নিতাল মাৰিলে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ প্ৰসংগই । চৰকাৰীভাবে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান কৰাৰ বাবে কিছুদিন পূৰ্বে দুয়োখন চৰকাৰৰ মাজত সম্পন্ন হৈছিল কেইবাখনো বৈঠক । অৱশ্যে ইয়াৰ পাচতো আগ্ৰাসনৰ সমস্যা শাম কটা নাই ৷ বৰঞ্চ লখিমপুৰত জটিল ৰূপ ধাৰণ কৰিছে এই সমস্যাই ।

অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যা (ETV Bharat Assam)

বিশেষকৈ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তৱৰ্তী এলেকাটোত সমস্যাটোৱে ক্ৰমে অধিক জটিল হৈ পৰিছে । জানিব পৰা মতে, কিছুদিন পূৰ্বে ৰামপুৰ বগীবিল এলেকাত অৰুণাচলীয়ে পকী পথ, বিনোদন কেন্দ্র আদি নিৰ্মাণ কৰে । যাৰ বাবে অঞ্চলটোত সৃষ্টি হয় একপ্ৰকাৰ উত্তেজনাময় পৰিস্থিতিৰ । এই সন্দৰ্ভত অৱগত হৈ বন বিভাগৰ লোক, ৰাজহ চক্র বিষয়া আদিয়ে উক্ত ঠাই পৰিদৰ্শন কৰিবলৈ যায় যদিও অৰুণাচলীয়ে তেওঁলোককো অপদস্থ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Assam Arunachal Border Issue : চলিত বছৰৰ শেষত সমাধানৰ দিশে সীমান্ত সমস্যা, বিধানসভাত মন্ত্ৰী অতুল বৰা

ইয়াৰ পাচতে লখিমপুৰ জিলা আয়ুক্তই বন বিভাগৰ লোক, ৰাজহ চক্র বিষয়াক নিজৰ কাৰ্যালয়লৈ তাৎক্ষণিকভাবে মাতি ঘটনা সন্দৰ্ভত বিতং তথ্যৰ বুজ লয় । পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে জিলা আয়ুক্তই অচিৰেই লখিমপুৰৰ আৰক্ষী অধীক্ষকক লগত লৈ নিজে উক্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰে ।

tense situation in assam arunachal border
অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যা (ETV Bharat Assam)

লগতে পঢ়ক: Protest in Lakhimpur: অৰুণাচলী বেদখলকাৰীৰ গুলীচালনা; লখিমপুৰত পাঁচটাকৈ সংগঠনৰ যৌথ অৱস্থান ধৰ্মঘট

উল্লেখ্য যে, নেফাৰ পৰা অৰুণাচলে এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা অসমৰ সৈতে চুবুৰীয়া ৰাজ্যখনৰ সীমা সমস্যাৰ উদ্ভৱ হয় । তেতিয়াৰ পৰা ৰাজ্য চৰকাৰসমূহৰ স্থিতাৱস্থা বাহাল ৰখাৰ নীতিয়ে পৰিস্থিতি ক্ৰমে জটিল কৰি তুলিলে । বিশেষকৈ সীমান্তৰ অসম ভূমিলৈ অৰুণাচলীয়ে আগ্ৰাসন কৰা, সংৰক্ষিত বনাঞ্চল বেদখল কৰা, অসম ভূমিত বিভিন্ন অনুষ্ঠান, গাঁও, পকী পথ আদি স্থাপন কৰাৰ বিৰুদ্ধে ৰাইজ তথা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সীমা সমস্যা সমাধান কৰাৰ বাবে দাবী তুলি আহিছিল ।

tense situation in assam arunachal border
অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যা (ETV Bharat Assam)

এই সমস্যাই পৰিস্থিতি ইমানেই জটিল কৰি তুলিছে যে, ঠাই বিশেষে সীমান্তবাসী অসমীয়াৰ ওপৰত বৃদ্ধি পাবলৈ ধৰিলে নিৰ্যাতনৰ মাত্ৰা । প্ৰাণহানিৰ দৰে শোকাৱহ ঘটনাও সংঘটিত হৈছে যদিও কোনো সমাধান সূত্ৰ ওলোৱা নাই অসম-অৰুণাচলৰ সীমা সমস্যাৰ ।

লগতে পঢ়ক: Assam arunachal border dispute : সীমা সমস্যা নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

Assam Arunachal border dispute: অসমৰ ভূমিত অৰুণাচলীয়ে লগালে কাটা তাঁৰ, লখিমপুৰত উত্তপ্ত পৰিস্থিতি

অসমৰ চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ শীঘ্ৰে সমাধা হ'ব; মন্ত্ৰী অতুল বৰা

Last Updated : June 25, 2024 at 4:30 PM IST