ETV Bharat / state

ডুমডুমাত আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি

ডুমডুমাৰ ৰূপাইত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় সাধাৰণ সভাত দুই ফৈদৰ মাজত সংঘাত । আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

ATASU CENTRAL GENERAL MEETING
ডুমডুমাত আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 28, 2024 at 9:54 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইস্থিত উৰুলি বিবাহ ভৱনত আজি অৰ্থাৎ সোমবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় তুমুল তৰ্কযুদ্ধ ৷ উৰুলি বিবাহ ভৱনত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত কৰাক লৈ হোৱা এই তৰ্কযুদ্ধই চূড়ান্ত পৰ্যায়ত উপনীত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় । অৱশেষত দুই ফৈদৰ মাজত হোৱা অনানুষ্ঠানিক বাৰ্তালাপৰ পাছত পৰিস্থিতি শাম কাটে ৷

ঘটনা অনুসৰি, আজি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ ফৈদে এখন কেন্দ্ৰীয় সাধাৰণ সভা আয়োজন কৰিছিল ডুমডুমাৰ ৰূপাইত । কিন্তু সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই আটাছুৰ আন এগৰাকী সভাপতি মিলন বুঢ়াগোঁহাই ফৈদৰ লোক উৰুলি বিবাহ ভৱনত উপস্থিত হয় আৰু দুয়োপক্ষৰ মাজত তুমুল তৰ্কযুদ্ধ আৰম্ভ হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ডুমডুমাত আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

আটাছুৰ মিলন বুঢ়াগোঁহাই ফৈদৰ সদস্যই সদৰী কৰা মতে, দুয়োটা ফৈদৰ একত্ৰিকৰণৰ সন্দৰ্ভত উপদেষ্টা পৰ্যায়ত আলোচনা হৈ থকা সময়তে বসন্ত গগৈৰ ফৈদে কিহৰ ভিত্তিত এই সভাখন আয়োজন কৰিছে বুলি সভাস্থলীত উপস্থিত হৈ প্ৰশ্ন উত্থাপন কৰি সাধাৰণ সভা বাতিল কৰিবলৈ দাবী জনাইছিল । ইয়াৰ পাছত আটাছুৰ আনটো ফৈদৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে মিলন বুঢ়াগোঁহাই ফৈদৰ লগত আলোচনা কৰি সভাখন বাতিল কৰাৰ সিদ্ধান্ত লয় ৷

সাধাৰণ সভা বাতিল কৰি সংবাদ মাধ্যমৰ আগত বসন্ত গগৈয়ে অতি সোনকালে দুটা ফৈদ এক হ’ব বুলি সদৰী কৰে যদিও মিলন গগৈ ফৈদে সেই সন্দৰ্ভত স্পষ্টকৈ কোনো কথা উল্লেখ নকৰে ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন দুতৰপীয়া হ'ব