ভক্তিমাৰ্গ প্ৰচাৰৰ বাবে ১০ হাজাৰ মহিলাই পৰিৱেশন কৰিলে দিহানাম
কোনো বিশ্ব অভিলেখৰ বাবে নহয়, ভক্তিমাৰ্গ প্ৰচাৰৰ বাবেহে সমবেত হ'ল হাজাৰ হাজাৰ মহিলা ।

Published : March 16, 2025 at 10:15 PM IST
লখিমপুৰ: ভক্তিৰসত ডুব গ'ল লখিমপুৰ । দেওবাৰে ১০ হাজাৰ মহিলাই একেলগে পৰিৱেশন কৰিলে দিহানাম । কোনো বিশ্ব ৰেকৰ্ড নাইবা গীনিজ ৰেকৰ্ডৰ বাবে নহয়, কেৱল ভক্তিমাৰ্গৰ প্ৰচাৰৰ বাবে আজি লখিমপুৰত ১০ হাজাৰ মহিলাই একেলগে পৰিৱেশন কৰিলে দিহানাম ।
১০ হাজাৰ মহিলাৰ দিহানামৰ ধ্বনিত মুখৰ হ'ল লখিমপুৰৰ আকাশ-বতাহ । উল্লেখ্য যে লখিমপুৰ নগৰৰ সমীপৰ কোঁৱৰ গাঁও জোনাকী যুৱক সংঘৰ খেলপথাৰত যোৱা ১৩ মাৰ্চৰ পৰা সাতদিনীয়াকৈ অসম ভিত্তিত অনুষ্ঠিত ভাওনা সমাৰোহৰ আজি চতুর্থ দিনৰ অন্যতম আকৰ্ষণ আছিল ১০ হাজাৰ মহিলাৰ দিহানাম পৰিৱেশন । প্ৰতিদিনেই সন্ধিয়া দুখনকৈ নাট প্ৰতিযোগিতা হৈ থকা এই সমাৰোহত দিনৰ ভাগত বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।
আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১০ হাজাৰ মহিলাৰ দিহানাম পৰিৱেশন আছিল উল্লেখযোগ্য কাৰ্যসূচী । এই কাৰ্যসূচী উদ্বোধন কৰে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্রী জয়ন্ত মল্লবৰুৱা । মন্ত্রী জয়ন্ত মল্লবৰুৱাই এই অনুষ্ঠানত অংশগ্রহণ কৰি অভিভূত হৈ পৰে । জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মা, প্ৰাক্তন সভাপতি ফণীধৰ বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে এই কাৰ্যসূচীত অংশগ্রহণ কৰে ।

এই সন্দৰ্ভত ধলপুৰ কচুৱা আঠাবাৰীৰ গোপাল মহাপ্রভুৱে কয়, "এই সমাৰোহৰ জৰিয়তে ভক্তিমাৰ্গ প্ৰচাৰৰ আশা কৰা হৈছে । নৱ-প্ৰজন্মক আধ্যাত্মিক ধ্যান-ধাৰণাৰ সৈতে পৰিচয় কৰাই এখন সুন্দৰ সমাজ গঢ়াৰ প্ৰয়াস কৰা হৈছে ।"

