ETV Bharat / state

ড্ৰাগছ সেৱনকাৰীয়েই হত্য়া কৰিলে নেকি দেৱাংগক ! আটক ১০ যুৱক - JORHAT MOB LYNCHING

ছাত্র নেতা অনিমেশকাণ্ডৰ পুনৰাবৃত্তিয়ে জোকাৰিছে যোৰহাট । গৰজি উঠিছে আছু আৰু অসম সেনা ।

MOB LYNCHING IN JORHAT
আৰক্ষীৰ জালত অভিযুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 9:38 AM IST

3 Min Read

যোৰহাট: যোৰহাটৰ চন্দন নগৰত দেওবাৰে অনুষ্ঠিত বিহু অনুষ্ঠানত হোৱা কাজিয়া ভাঙিবলৈ যোৱা বাবেই নিচাসক্ত যুৱকৰ দলবদ্ধ আক্ৰমণ প্ৰাণ হেৰুওৱা দেৱাংগ ভূষণ বৰুৱা নামৰ যুৱকজনৰ মৃত্য়ুক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্য়াহত আছে । মঙলবাৰে পুৱাৰ ভাগত যোৰহাট মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি লোৱাৰ পিচত যুৱকজনৰ মৃতদেহ ঘৰলৈ অনা হয় । সহস্ৰাধিক লোকৰ উপস্থিতিত তৰাজন শ্মশানত যুৱকজনৰ শেষকৃত সম্পন্ন কৰাৰ পিচতেই ড্ৰাগছক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন । যোৰহাটত ড্ৰাগছৰ বেহা ৰোধত ব্য়ৰ্থ হোৱা বাবে ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

ঘটনাৰ নিশা দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল দেৱাংগ ভূষণ বৰুৱা । মুমূূৰ্ষু অৱস্থাত পথৰ দাঁতিত পৰি থকা দেৱাংগক দেওৱাৰে নিশাই স্থানীয় লোকে যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰায় । কিন্তু মগজুত বেছিকৈ আঘাত পোৱা বাবে মঙলবাৰে পুৱা চিকিৎসাধীন অৱস্থাতেই যুৱকজনে শেষ নিশ্বাস ত্য়াগ কৰে । দেৱাংগৰ মৃতদেহ বাসগৃহত আহি পোৱাৰ লগে লগে সকলোৱে শোকত ভাগি পৰে আৰু অশ্ৰুসিক্ত নয়নৰে শেষ বিদায় জনায় ।

দেৱাংগ ভূষণ বৰুৱাৰ ঘৰত শোকাকূল পৰিৱেশ (ETV Bharat Assam)

আৰক্ষীৰ জালত ১০ অভিযুক্ত :

এই ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে 202/2025 U/S 126(2)/118(2)109(1)3()5 BNS নম্বৰত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে আৰক্ষীয়ে আক্ৰমণৰ ঘটনাৰ লগত জড়িত ১০ জন যুৱকক আটক কৰিছে । এই বিষয়ে সদৰী কৰিছে যোৰহাট জিলা উপ-আৰক্ষী অধীক্ষকে । আৰক্ষীয়ে আটক কৰা অভিযুক্তকেইটা হৈছে বিকাশ ছেত্ৰী, আব্দুল নুৰ ওৰফে ৰিজু, আবিদুৰ ৰহমান, বাবুল আলী, প্ৰণৱ গোৱালা, ৰোহিত ৰাজপুত, অশ্বজিৎ বৰুৱা ওৰফে জান্টু আৰু দেৱজিত বৰুৱা ।

ড্ৰাগছেৰে ভৰি পৰিছে যোৰহাট :

এই ঘটনাৰ পিচতেই হত্যাত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাই আছু আৰু অসম সেনাই যোৰহাট জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ প্ৰদান কৰি অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে কয়, "অত্য়ন্ত হৃদয় বিদাৰক ঘটনা । ছাত্ৰনেতা অনিমেশ ভূঞাৰ ঘটনাৰ স্মৃতি ৰাইজৰ মাজৰ পৰা মাৰ নৌযাওঁতেই পুনৰ এদল নিচাসক্ত যুৱকৰ প্ৰহাৰত প্ৰাণ গ'ল দেৱাংগ ভূষণ বৰুৱা নামৰ আন এজন যুৱকৰ । এই ঘটনাই পুনৰ যোৰহাটবাসীক লজ্জিত কৰিলে । আৰক্ষীৰ ভূমিকাক লৈ আমি মুঠেই সন্তুষ্ট নহয় । তেওঁলোকক বিগত সময়ত বাৰম্বাৰ কৈ অহা হৈছে ড্ৰাগছ বিৰোধী অভিযান চলাব লাগিব । আমি যোৱা ১৮ মাৰ্চত ড্ৰাগছ বিৰোধী প্ৰতিবাদী সমদলো কৰিছো । আমি তেতিয়াই আৰক্ষীক দাবী জনাইছিলো যে যোৰহাটত থকা ড্ৰাগছৰ উৎস, সৰৱৰাহকাৰী, বেপাৰীক চিনাক্ত কৰি পুলিয়ে পোখাই উৎখাত কৰিব লাগে । আজিৰ তাৰিখতো তেওঁলোকে এই কথা নুশুনিলে ।"

আনহাতে পুত্ৰ শোকত শোকস্তব্ধ দেৱাংগ ভূষণ বৰুৱাৰ আত্মীয়ই কয়, "আমাৰ বুকুৰ পৰা যিয়ে ল'ৰাটোক কাঢ়ি নিছে, তেওঁলোকৰ বুকুৰ পৰাও এদিন ভগৱানে কাঢ়ি নিব ।" তেওঁ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনায় ।

লগতে পঢ়ক:বিহু গুচি হ'ল বিহ: যোৰহাটত গণপ্ৰহাৰত কৰুণ মৃত্যুক সাৱটিলে যুৱকে - JORHAT MOB LYNCHING

ঘৰতে নহয় সুৰক্ষিত ! আৰক্ষী সঞ্চালকপ্ৰধানৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ পত্নী - EX DGP MURDER CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.