ETV Bharat / state

মাহিলী দৰমহা ৩ হাজাৰ; অইল ইণ্ডিয়াৰ বিৰুদ্ধে অস্থায়ী সুৰক্ষা কৰ্মীৰ হুংকাৰ

অইল আৰু গেছ কোম্পানীয়ে অতি কৌশলপূর্ণভাৱে ব্য়ৱহাৰ কৰি আহিছে অস্থায়ী সুৰক্ষা কৰ্মীক । সেয়েহে দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে জনালে প্ৰতিবাদ ।

protest against Oil India at tingkhang
অস্থায়ী অইল সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 6:08 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ: দেশৰ অৰ্থনীতি সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অইল ইণ্ডিয়াই । কিন্তু এই অতি লাভজনক উদ্যোগটোৰ লগত জড়িত কৰ্মীসকলে নিজৰ অধিকাৰৰ বাবে সময়ে সময়ে কৰিবলগীয়া হৈছে আন্দোলন তথা প্ৰতিবাদ ।

দেশৰ সৰ্বোচ্চ লাভজনক তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে উদ্য়োগটোৰ সুৰক্ষাৰ দায়িত্বত থকা সহস্ৰাধিক অস্থায়ী সুৰক্ষা কৰ্মীয়ে আজি ওলাই আহিল প্ৰতিবাদ কৰিবলৈ । অইল ইণ্ডিয়াৰ সা-সম্পত্তিৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুই সহস্ৰাধিক অস্থায়ী সুৰক্ষা কৰ্মীয়ে বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

অস্থায়ী অইল সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)

২০০২ চনৰ পৰা প্রায় ২৩ বছৰ ধৰি ঢাল-তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে তেওঁলোকে । কোনো ধৰণৰ অস্ত্ৰ তথা সা-সুবিধা অবিহনে ২৪ ঘন্টাই অতন্দ্ৰ প্ৰহৰী হৈ এইসকল অস্থায়ী নিৰাপত্তা কৰ্মীয়ে আজি নিজৰ অধিকাৰ বিচাৰি সাব্যস্ত কৰিব লগা হৈছে প্ৰতিবাদ ।

  • মাহিলী অতি কম পাৰিতোষিক প্ৰদান:

অইল ইণ্ডিয়া কৰ্তৃপক্ষই অতি কৌশলগতভাৱে অস্থায়ী সুৰক্ষা কৰ্মী সকলক গাঁওৰক্ষী বাহিনীৰ আওতাত পেলাই মাহিলী অতি কম পাৰিতোষিকত নিজৰ কাম সমাধা কৰি আহিছে । উল্লেখ্য় যে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ জীৱনকো তুচ্ছ কৰি নিৰস্ত্ৰভাৱে কৰ্তব্য সম্পাদন কৰা এইসকল সুৰক্ষা কৰ্মীয়ে এমাহত লাভ কৰে তিনি হাজাৰ টকা ।

অইলৰ পৰা এক নিশ্চিত নিযুক্তি তথা সুৰক্ষিত ভৱিষ্যতৰ আশাত বছৰ বছৰ ধৰি দায়িত্ব পালন কৰি অহা এইসকল সুৰক্ষা কৰ্মীয়ে আজিও নাপালে নিজৰ প্ৰাপ্য । সুৰক্ষা কর্মীসকলক অইল আৰু গেছ কোম্পানীয়ে অতি কৌশলপূর্ণভাৱে সংশ্লিষ্ট আৰক্ষী প্ৰশাসনৰ যোগেদি গাঁওৰক্ষী বাহিনীৰ নামত ব্যৱহাৰ কৰি আহিছে ।

ফলস্বৰূপে চৰকাৰী অনুমোদিত গাঁওৰক্ষী বাহিনীৰ নীতি নির্দেশনাৰ আধাৰত দিন-ৰাতি একাকাৰ কৰি ২৪ ঘণ্টাই কর্তব্য পালন কৰা সুৰক্ষা কৰ্মীসকলে উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে । নিজৰ প্ৰাপ্যৰ বাবে তেওঁলোকে বহুবাৰ দাবী জনাই আহিছে যদিও প্রতিবাৰেই বিভাগীয় কর্তৃপক্ষই গাঁওৰক্ষী বাহিনীৰ নীতিৰ সুযোগ গ্রহণ কৰি এইসকল লোকক বঞ্চিত কৰি আহিছে ।

  • পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত :

অস্থায়ী সুৰক্ষা কৰ্মীসকলৰ পৰিতোষিক বৃদ্ধি,চাকৰি নিয়মীয়াকৰণ তথা অইলৰ চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল কৰা আদি বিভিন্ন দাবীত টিংখাঙৰ উদালবাম প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আজি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে সুৰক্ষা কৰ্মী সকলে । এই দাবীসমূহ পূৰণ নহ'লে অইল ইণ্ডিয়াৰ বিৰুদ্ধে বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে অইলৰ অস্থায়ী সুৰক্ষা কৰ্মী সকলে ।

আনহাতে, তেওঁলোকৰ ন‌্যায্য প্ৰাপ্যৰ বাবে চৰকাৰ প্ৰশাসনৰ ওচৰতো বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো কোনো সদুত্তৰ নাপালে । যাৰ প্ৰতিবাদত আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ষুব্ধ অস্থায়ী সুৰক্ষা কৰ্মীসকলে ।

লগতে পঢ়ক:কংগ্রেছ বিধায়কৰ বিৰুদ্ধে বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ ৰাজপথত প্ৰতিবাদ - BJP PROTEST AGAINST CONGRESS