ETV Bharat / state

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উদ্বেগজনক তথ্য; মে’ লৈ অসমৰ কোন কোন জিলাত বাঢ়িব তাপমাত্ৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য । যি তথ্যই কেইবাখনো ৰাজ্যলৈ মাতিব পাৰে অশনি সংকেত ।

Temperatures in Assam as well as several northeastern states will rise from March to April
মে' লৈ অসমৰ কোন কোন জিলাত বাঢ়িব তাপমাত্ৰা ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 5, 2025 at 7:43 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত মাৰ্চৰ পৰা এপ্ৰিললৈ তাপমাত্ৰা বৃদ্ধি পাব । তাৰ পৰিৱৰ্তে বৰষুণৰ পৰিমাণ জিলা বিশেষে হ্ৰাস পাব । এই তথ্য ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ । ভাৰতীয় বতৰ বিজ্ঞান‌ বিভাগে মাৰ্চৰ পৰা মে' লৈ বতৰৰ আগতীয়া সাম্ভাব্য অনুমান কৰি প্ৰতিবেদন প্ৰকাশ কৰিছে । এই প্ৰতিবেদন মতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বাদ দি দেশৰ অধিকাংশ ৰাজ্যত গ্ৰীষ্ম প্ৰবাহৰ পূৰ্বানুমান কৰিছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, মাৰ্চ, এপ্ৰিল আৰু মে' ত অসমত স্বাভাৱিক সৰ্বোচ্চ তাপমাত্ৰা পূৰ্বতকৈ বৃদ্ধি পাব । স্বাভাৱিকতে মাৰ্চ, এপ্ৰিল আৰু মে' ত অসমত সৰ্বনিম্ন তাপমাত্ৰা ৩০ পৰা ৩৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে ।‌ কিন্তু এইবাৰ মাৰ্চ, এপ্ৰিল আৰু মে' ত অসমত সৰ্বনিম্ন তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছৰ অতিক্ৰম কৰিব ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, মাৰ্চ, এপ্ৰিল আৰু মে' ত অসমত স্বাভাৱিক সৰ্বনিম্ন তাপমাত্ৰা পূৰ্বতকৈ বৃদ্ধি পাব । স্বাভাৱিকতে মাৰ্চ, এপ্ৰিল আৰু মে' ত অসমত সৰ্বনিম্ন তাপমাত্ৰা ১৫ পৰা ২০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে ।‌ কিন্তু এইবাৰ মাৰ্চ, এপ্ৰিল আৰু মে' ত অসমত সৰ্বনিম্ন তাপমাত্ৰা ২৫ ডিগ্ৰী চেলচিয়াছৰ অতিক্ৰম কৰিব ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আন এক তথ্য মতে, অসমত বিভিন্ন জিলাত মাৰ্চৰ পৰা মে' লৈ‌ স্বাভাৱিক বৰষুণ হ্ৰাস হ'ব ।‌ কম সময়ত বেছি বৰষুণৰ সম্ভাৱনা বৃদ্ধি পাব । উল্লেখযোগ্য যে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে অসমত ডিচেম্বৰ আৰু জানুৱাৰীত শুকান শীতৰ বতৰ হৈছে । বৰষুণৰ যথেষ্ট ঘাটি হৈছে ।‌ স্বাভাৱিক বৰষুণতকৈ যথেষ্ট ঘাটি বৰষুণ হৈছে ।‌ বহুত জিলাত এটোপাল বৰষুণ পৰ্যন্ত নপৰিলে ।

অসমৰ ৯০ শতাংশ জিলাত ঘাটি বৰষুণ হৈছে । ইয়াৰে ৫০ শতাংশ জিলাত উদ্বেগজনক ঘাটি বৰষুণ হৈছে । অসমত ঘাটি বৰষুণে কৃষিত বিৰূপ প্ৰভাৱ পেলাইছে । আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমত যোৱা নৱেম্বৰত -৫৮ শতাংশ ঘাটি বৰষুণ হৈছিল । আকৌ অসমত যোৱা ডিচেম্বৰত -৮৩ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছিল ।

আকৌ জানুৱাৰীত -৭৪ শতাংশ ঘাটি বৰষুণ হৈছে । ইয়াৰ পৰা দেখা যায় যে জলবায়ু পৰিৱৰ্তনে অসমক চুই গৈছে । বেংগালুৰুৰ আজিম প্রেমজী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ কৰা এক গুৰুত্বপূৰ্ণ অধ্যয়নত এই কথা প্ৰকাশ পাইছে । আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ School of Climate Change and Sustainability ফেকাল্টী শান্তনু গোস্বামীয়ে Navigation India climate future, climate projections for 2021-2040 শীৰ্ষক প্ৰতিবেদন সম্পৰ্কত প্ৰকাশ কৰে এক তথ্য ।"

তেওঁ কয়, "আজিম প্রেমজী বিশ্ববিদ্যালয়ে কৰা 'ইণ্ডিয়ান হিমালয়ান ৰিজিয়ন, ক্লাইমেট প্রজেকচনছ্ ২০২১-২০৪০ শীৰ্ষক অধ্যয়নৰ প্ৰতিবেদনত এনে ভয়াৱহতাৰ কথা উল্লেখ কৰি পূর্বানুমান কৰা হৈছে যে গ্ৰীষ্মকালত অসমৰ বিশ্বনাথ জিলাত 'Wet Blub Temperature' ৩১.২ ডিগ্ৰী আৰু মাজুলীত ৩১.৫ ডিগ্ৰী হ'ব । লগতে অসমৰ কেইবাখনো জিলাত ২০৪০ চনৰ ভিতৰত অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধি পাব । এইক্ষেত্ৰত মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হ'ব । সময় থাকোতে জলবায়ু পৰিৱৰ্তনৰ পৰৱৰ্তী ভয়াৱহতা মোকাবিলা কৰাৰ বাবে সজাগ আৰু সাজু হ'ব লাগিব’’ ।

লগতে পঢ়ক: ২৫ ফেব্ৰুৱাৰীলৈ অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা - ASSAM WEATHER FORECAST

সাৱধান ! উৎকট গৰমৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হওক - CLIMATE CHANGE IN ASSAM