ব'ল ব'মত কিশোৰৰ মৃত্যু ! কি কয় আৰক্ষী-পৰিচালনা সমিতিয়ে ?
ব'ল ব'ম পৰিচালনা সমিতিৰ মতে স্বেচ্ছাসেৱকে আক্ৰমণ কৰা অভিযোগ সম্পূৰ্ণ মিছা ।

Published : August 8, 2025 at 5:49 PM IST
গুৱাহাটী : গুৱাহাটীৰ বেলতলাত এজন কিশোৰৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীৰ মতে জ্বৰত আক্ৰান্ত হৈ আছিল বিপ্লৱ পাল নামৰ কিশোৰজন আৰু চিকিৎসাধীন অৱস্থাত বুধবাৰে জি এম চি এইচত মৃত্যু হয় । আনহাতে পৰিয়ালৰ অভিযোগ ব'ল ব'মলৈ যাওঁতে বশিষ্ঠাশ্ৰমৰ স্বেচ্ছাসেৱকে আক্ৰমণ কৰিছিল কিশোৰজনক । এই সন্দৰ্ভত বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিযোগ নস্যাৎ কৰিছে বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতিয়ে ।
সমগ্ৰ বিষয়টো সন্দৰ্ভত বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতিক পৰিচালনাত সহযোগ কৰা বৃহত্তৰ যুৱ ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তাপস শইকীয়াই কয়, "আমাৰ স্বেচ্ছাসেৱকৰ ফালৰ পৰা কিশোৰক মাৰপিট কৰা ঘটনাটো সত্য নহয় । এই ঘটনা সন্দৰ্ভত আমাৰ স্বেচ্ছাসেৱক সংগঠন মৰ্মাহত হৈ এই কথা উল্লেখ কৰিছে । স্বেচ্ছাসেৱকসকলৰ লগত আৰক্ষী বা প্ৰশাসনৰ লোক থাকে । বশিষ্ঠ মন্দিৰলৈ বহু লোকৰ আগমন হয় যদিও একাংশ লোকে মদ-ভাং খাই হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰে । একাংশই মহিলাৰ লগতো বেয়া ব্যৱহাৰ কৰে আৰু আমি এইবোৰৰ বাবে বিভিন্ন পদক্ষেপো লৈছো । আমাৰ ল'ৰাই মাৰপিট কৰিছে বুলি বাতৰি প্ৰকাশ হৈছে । এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক । ২০১৮ চনৰ পৰা আমি দেৱালয়ত সকলো অনুষ্ঠান সুন্দৰকৈ চলাই গৈ আছো । কিশোৰজন কেনেকৈ ঢুকাইছে সেইটো পৰিয়ালৰ লোকে জানিব । কিন্তু কিশোৰজনক মাৰপিট কৰাটো সঁচা নহয় ।"
তেওঁ লগতে কয়, "কিশোৰজনে পিন্ধি অহা জেকেট খুলিব দিয়া অভিযোগটো একেবাৰেই অবান্তৰ কথা । আৰক্ষীয়ে সকলো তদন্ত কৰক । বাতৰিযোগে আমি গম পাইছো যে নীলা ফিটাৰ কাৰ্ড পৰিধান কৰা স্বেচ্ছাসেৱকে মাৰধৰ কৰিছে । কিন্তু আমাৰ স্বেচ্ছাসেৱকসকলে নীলা ফিটাৰ কাৰ্ড পৰিধান কৰাই নাছিল । গতিকে আমাৰ স্বেচ্ছাসেৱকৰ আক্ৰমণত মৃত্যু হোৱাৰ কথা একেবাৰে ভিত্তিহীন ।"
ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত পূব আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "বিপ্লৱ পাল নামৰ বেলতলা ত্ৰিনয়ন নগৰৰ কিশোৰজন ২ আগষ্টৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল । সেইবাবেই ৫ তাৰিখে পৰিয়ালৰ লোকে বিপ্লৱক জিএমচিএইছত ভৰ্তি কৰে আৰু ৬ তাৰিখে তেওঁৰ মৃত্যু হয় । ৩ আগষ্ট তাৰিখে ব'ল ব'মলৈ আহোতে কোনোবাই বিপ্লৱক আক্ৰমণ কৰিছে বুলি আমি এটা অভিযোগ পাইছোঁ । সেইবাবে যোৱাকালি মৃতদেহটো আমি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছো । আমি এতিয়া মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টৰ বাবে অপেক্ষা কৰি আছোঁ ।"
সমগ্ৰ ঘটনাটোৱে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আচলতে কিশোৰজনৰ মৃত্যুৰ কাৰণ কি ? আৰক্ষীৰ সঠিক তদন্তৰ পিছত হে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

