যোৰহাট: ৰাজ্য়ৰ বিভিন্ন ঠাইত সঘনাই কিশোৰী-যুৱতী সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে । এই সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰি থকাৰ সময়তেই যোৰহাটত সংঘটিত হৈছে এনে এক ঘটনা ।
যোৰহাটৰ পৰা পুনৰ নিৰুদ্দেশ হৈছে এগৰাকীকৈ যুৱতী আৰু এগৰাকী কিশোৰী । শনিবাৰে যোৰহাট নগৰৰ হৰিজন ক'লনীৰ পৰা দুয়ো ফুৰিবলৈ বুলি ওলাই গৈছিল । ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰাই যুৱতী আৰু কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছে । নিৰুদ্দেশ হোৱা কিশোৰীগৰাকী স্কুলীয়া ছাত্ৰী আৰু আনগৰাকী ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত ।
দুয়ো সম্পৰ্কত বান্ধৱী বুলি জানিব পৰা গৈছে । নিৰুদ্দেশ হোৱা বান্ধৱী দুইগৰাকীৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত এজাহাৰো দাখিল কৰিছে । ইতিমধ্যে পৰিয়ালৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই মুহুৰ্তলৈকে সন্ধান উলিওৱাত ব্যৰ্থ হৈছে । আনহাতে, পৰিয়ালৰ লোকে উল্লেখ কৰা মতে," যোৱা শনিবাৰে দুয়োগৰাকীয়ে ঘৰৰ পৰা ফুৰিবলৈ বুলি ওলাই গৈছিল আৰু সেইদিনাই পৰাই দুয়ো সন্ধানহীন হৈ পৰে । ইতিমধ্যে এই সম্পৰ্কে আমি আৰক্ষীক অৱগত কৰিছো আৰু যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছো; কিন্তু আৰক্ষীয়ে এই ঘটনাৰ তদন্ত যিদৰে আৰম্ভ কৰিব লাগিছিল সেইদৰে কৰা নাই । "
আনহাতে, দুয়োগৰাকী বান্ধৱীৰ মোবাইল বন্ধ হৈ থকা বাবে পৰিয়ালৰ লোক অধিক চিন্তিত হৈ পৰিছে । দুয়োগৰাকী বান্ধৱী কোনো দুষ্ট চক্ৰৰ কৱলৰ পৰা শংকা প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । ইতিমধ্যে পৰিয়ালৰ লোকে আত্মীয়ৰ ঘৰত যোগাযোগ কৰিছে যদি কোনো খবৰ লাভ কৰা নাই ।