ডিব্ৰুগড়: পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ উজ্জীৱিত কৰা মূল চালিকা শক্তিয়েই হ'ল চাহ শ্ৰমিকসকল । কিন্তু চাহ শ্ৰমিকৰ সমস্যাৰ যেন অন্ত নপৰে এইখন অসমত । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ।
কৰ'বাত যদি ভূমিহীন হৈছে চাহ শ্ৰমিক, আন কৰ'বাত স্বাস্থ্য সেৱা, বিশুদ্ধ খোৱাপানী, প্ৰয়োজনীয় ৰেচনৰ পৰা চাহ শ্ৰমিক বঞ্চিত হ'ব লগা হৈছে । এইসকল চাহ শ্ৰমিকক লৈ চৰকাৰে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ঘোষণা কৰাৰ সময়ত ডিব্ৰুগড় জিলাত ভাৰত চৰকাৰৰ এণ্ডু য়ুল কোম্পানীৰ মালিকানাধীন চাহ বাগিচাত নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ চাহ শ্ৰমিকে সাব্যস্ত কৰিছে প্ৰতিবাদ ।
ডিব্ৰুগড় জিলাৰ খোৱাং, হালমাৰি, টিংখাং ,ৰাজগড়, বামুণবাৰী, ভামুণ চাহ বাগিচাকে ধৰি কেইবাখনো চাহ বাগিচাত বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে । অসম চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ । এণ্ডু য়ুল কোম্পানী মালিকানাধীন চাহ বাগিচাখনৰ শ্ৰমিকে বিগত কেইবামাহ ধৰি ৰেচন প্ৰদান নকৰাৰ লগতে সময়ত মজুৰি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
ফলত পৰিয়াল চলাই নিয়াত সমস্যাত পৰিছে চাহ শ্ৰমিকসকল । সেয়ে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চাহ শ্ৰমিকসকলে । মৰাণৰ ভামুণ চাহ বাগিচাত প্ৰতিবাদী কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াৰ লগতে প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাও উপস্থিত থাকে ।
চাহ শ্ৰমিকক মানবীয়তাৰ দৃষ্টিভংগীৰে চোৱাৰ আহ্বান:
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই কয়, "এণ্ডু য়ুল কোম্পানী ধ্বংস কৰি মন্ত্ৰীসকলে চাহ বাগিচাসমূহ কিনিবলৈ যি চক্ৰান্ত কৰিছে তাক আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ । অসমত এণ্ডু য়ুল কোম্পানীৰ যি চাহ বাগিচা আছে সেইখিনি ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ । শ্ৰমিকে ৰেচন, দৰমহা পোৱা নাই, ফলত পৰিয়াল চলাবলৈ সমস্যা হৈছে ৷ সেই কথা মানৱীয় দৃষ্টিভংগীৰে চৰকাৰ আৰু চাহ কোম্পানীয়ে বিবেচনা কৰক ।" লগতে লোকচানৰ দোহাই দি শ্ৰমিকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে হুংকাৰ প্ৰদান কৰে ।