উৰুখা পঁজাত লাখ লাখ চাহ শ্ৰমিকৰ জীৱন-মৰণৰ যুঁজ: চাওঁতা কোনো নাই
বতাহ-বৰষুণ আহিলেই বুকু কঁপে । মান্ধাতা যুগৰ কুঠৰিত বাস কৰা চাহ শ্ৰমিকৰ দুৰ্দশাৰ কাহিনীৰে সাংবাদিক জীৱন গোস্বামীৰ বিশেষ প্ৰতিবেদন ।

Published : April 23, 2025 at 4:28 PM IST
লখিমপুৰ: বতাহ, বৰষুণ বা ভূমিকম্প আহিলেই ভয় লাগে । ৰাজ্যত মূৰৰ ওপৰত মৰণ ফান্দ লৈ বাস কৰি আছে হেজাৰ হেজাৰ লোকে । দিনটোৰ কঠোৰ শ্ৰমৰ অন্তত নিশা শেতেলিত সুখনিদ্ৰাত পৰিব নোৱাৰে তেওঁলোক । এজাক বতাহ, বৰষুণ বা সামান্য ভূমিকম্প আহিলেই বুকু কঁপি উঠে তেওঁলোকৰ । উৰুখা চালেৰে পৰে পানী ।
বতাহত বা ভূমিকম্পত ঘৰটো ভাগি পৰাৰ আশংকাত ত্ৰস্তমান তেওঁলোক । তেওঁলোক হ'ল চাহ বাগিচাৰ শ্ৰমিক । বাগিচাত ব্ৰিটিছৰ আমোলতে বনোৱা জৰাজীৰ্ণ ঘৰসমূহ এতিয়া আতংকৰ কাৰণ হৈ পৰিছে হেজাৰ হেজাৰ শ্ৰমিকৰ বাবে । লখিমপুৰৰ বাগিচাৰ চিলাছ, অভিৰাম মাক্ৰা আদি শ্ৰমিকে ক'লে তেওঁলোকৰ ভয়ৰ কাৰণ ।
ব্ৰিটিছৰ আমোলতে শ্ৰমিক থাকিবৰ বাবে নিৰ্মাণ কৰা তেওঁলোকৰ বাসগৃহসমূহৰ মেৰামতি বা পুনৰ নিৰ্মাণ এতিয়ালৈকে নহ'ল । জৰাজীৰ্ণ হৈ পৰা আৱাসগৃহসমূহতে পুৰুষানুক্ৰমে তেওঁলোকে মৰণত শৰণ দি বসবাস কৰি আহিছে ।
৪০ বছৰীয়া চিলাছ, অভিৰামে ক'লে পুৰুষানুক্ৰমে তেওঁলোকে এনে ঘৰতে বসবাস কৰি আহিছে । মেৰামতি নকৰাৰ বাবে উৱলি গৈছে ঘৰসমূহ । জৰাজীৰ্ণ হৈ পৰা তেনে ঘৰত উৰুখা চালেৰে পানী পৰে । সামান্য বতাহ আহিলে বা ভূমিকম্প আহিলে তেওঁলোকৰ জীউ উৰি যায় । ঘৰটো ভাগি পৰি মৃত্যুৰ ভয়ে খেদে তেওঁলোকক ।
থাকিব নোৱৰা অৱস্থা হোৱা একাংশ ঘৰ তেওঁলোকে নিজেই মেৰামতি কৰি কোনোমতে সোমাই আছে । দিনটো বাগিচাত কঠোৰ শ্ৰম কৰি আহি নিশা তেওঁলোকে শেতেলিত পৰি সুখনিদ্ৰাত পৰিব নোৱাৰে । অহৰ্নিশ ঘৰ ভাগি পৰাৰ আশংকাই তেওঁলোকক খেদি ফুৰে ।

এই দৃশ্যপট ৰাজ্যৰ প্ৰায়বোৰ বাগিচাতে । চাহ জনগোষ্ঠীৰ অন্যতম সংগঠন সদৌ অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ কেন্দ্রীয় সহকাৰী সম্পাদক সুনীল তিৰ্কীয়ে এই বিষয়ত খেদ প্ৰকাশ কৰি কয়, "১৮ শ শতিকাত বাগিচাত কাম কৰিবৰ বাবে ব্ৰিটিছে চাহ জনগোষ্ঠীৰ লোকসকলক আনিছিল । থাকিবৰ বাবে বাগিচাসমূহত ঘৰ সজাই দিছিল । তেতিয়াৰে পৰা সেই ঘৰসমূহ মেৰামতি বা পুনৰ নিৰ্মাণ কৰা নহ'ল । জৰাজীৰ্ণ হৈ পৰা তেনে ঘৰতে শ্ৰমিক ৰাইজে পুৰুষানুক্ৰমে বিপদসংকুলভাৱে বসবাস কৰি থাকিবলগীয়া হৈছে ।"
চৰকাৰসমূহৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, "ৰাজ্যৰ ৮ শতাধিক বাগিচাত তেনে প্ৰায় ৩ লাখ ঘৰত ২৫ লক্ষাধিক লোকে বসবাস কৰি থাকিবলগীয়া হৈছে । উপযুক্ত বাসগৃহও নাই । উপযুক্ত মজুৰিও নাই । এইসকল চাহ জনগোষ্ঠীৰ লোকৰ দুৰ্দশাৰ কথা কোনে শুনিব । বিগত সময়ত কংগ্রেছ চৰকাৰে এওঁলোকৰ বাবে একো নকৰিলে । বিজেপি চৰকাৰৰ ওপৰত আস্থা ৰাখিছিল যদিও এই পৰ্যন্ত চৰকাৰখনে বিশেষ একো নকৰিলে । চাহ জনগোষ্ঠীৰ লোকসকলক লৈ চৰকাৰে বহুত কিবা কৰিছোঁ বুলি বাঃ বাঃ লৈছে । কিন্তু এওঁলোকে যেনেদৰে মজুৰিকে ধৰি প্ৰাপ্য পাব লাগিছিল, সেয়া পোৱা নাই ।"

চাহ শ্ৰমিকসকলক কৰি অহা প্ৰতাৰণাৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, "চাহ বাগিচা এলেকাত চৰকাৰে সমান্যভাৱে আই এ ৱাই ঘৰ দিয়াৰ ব্যৱস্থা কৰিছে । কিন্তু মাটিৰ পট্টা নোহোৱাৰ বাবে কৰিব পৰা নাই । চৰকাৰৰ কেবিনেট আদিত মাটিৰ পট্টা দিয়াৰ কথা কৈ থকা শুনো । প্ৰতিটো নিৰ্বাচনৰ আগত এই লৈ ফুলজাৰি মৰা হয় । কিন্তু কামত একো নহয়গৈ । মাটিৰ অধিকাৰ নহ'লে ঘৰ নহয় । বসুন্ধৰা দুই, তিনি আদিতো চাহ জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ নাপালে ।"
বিজেপি চৰকাৰে প্ৰদান কৰা আশ্বাস পূৰণ নকৰাৰ অভিযোগ তুলি চাহ জনজাতিৰ নেতাগৰাকীয়ে কয়, "বিজেপি চৰকাৰৰ প্ৰতি আমাৰ যি আস্থা আছিল সেয়া এতিয়া নোহোৱা হৈ পৰিছে ৷ বিট্ৰিছৰ দিনত যেনেদৰে আছিল চাহ জনগোষ্ঠীৰ লোকসকল, আজিও তেনেদৰেই আছে ৷"
আনহাতে, অমৃত কলহ যাত্রা চাহ জনগোষ্ঠীৰ এলেকাত এক ভেঁকো-ভাওনা হোৱা বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, "যাৰ মাটিয়েই নাই তেওঁলোকে অমৃত কলহত মাটি ক'ৰ পৰা দিব । কংগ্রেছ চৰকাৰৰ দিনত আঁঠুৱা-কম্বল আমি বিলাই থকা দেখিছিলোঁ । যাৰবাবে চাহ জনগোষ্ঠীৰ লোকসকলে বিজেপি চৰকাৰৰ প্ৰতি আস্থা ৰাখিছিল । কিন্তু এতিয়া সেই আস্থা নোহোৱা হৈ পৰিছে ।"

চাহ জনগোষ্ঠীৰ সমস্যা সমাধানৰ আহ্বান জনাই তেওঁ কয়, "চৰকাৰখনে কেৱল ঝুমুৰ নচালেই নহ'ব । চাহ জনগোষ্ঠীৰ লোকসকলৰ এশ এবুৰি সমস্যা দূৰ কৰিব লাগিব । সমস্যাসমূহ সমাধান কৰি তেওঁলোকক আকৰ্ষণ কৰিব লাগিব । বৰ্তমান মূল্যবৃদ্ধিৰ দিনত ২৫০ টকা মজুৰিৰে চাহ শ্ৰমিকসকলে পৰিয়াল পোহপাল দিব নে ল'ৰা-ছোৱালীকে পঢ়ুৱাব ? যাৰবাবে চাহ জনগোষ্ঠীৰ লোকৰ বহু ছাত্র-ছাত্রী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।"
জনজাতিকৰণ প্ৰসংগত তেওঁ কয়, "জনজাতিকৰণৰ বিষয়টোও কেৱল এটা নিৰ্বাচনী ইচ্ছ্যুহে কৰি ৰখা হ'ল । সমস্যাসমূহৰ কথা কৈহে থকা হ'ল । সমাধান কিন্তু নহ'ল । সেয়ে মুখ্যমন্ত্রীয়ে উদ্যোগ লৈ চাহ জনগোষ্ঠীৰ প্ৰকৃত সমস্যাসমূহ চিনাক্ত কৰি সমাধানৰ ব্যবস্থা গ্রহণ কৰক ।" এইদৰে মুখ্যমন্ত্রীক আহ্বান জনায় আটছাৰ কেন্দ্রীয় সহকাৰী সম্পাদকজনে ।
উল্লেখ্য যে বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ জনগোষ্ঠীৰ লোকৰ বাসগৃহৰ সমস্যা অন্যতম প্ৰধান সমস্যা । বিশেষকৈ ব্ৰিটিছৰ আমোলতে বনোৱা ঘৰসমূহ পুনৰ নিৰ্মাণ বা উপযুক্তভাৱে মেৰামতি নকৰাৰ ফলত হেজাৰ হেজাৰ শ্ৰমিকৰ পৰিয়ালে এক ভীত-সন্ত্রস্ত পৰিৱেশত যাতনাভৰা জীৱন কটাবলগীয়া হৈছে । তেওঁলোকৰ এনে সমস্যাসমূহ কেতিয়া সমাধান হ'ব সেয়া সাম্প্রতিক সময়ত এক উত্তৰবিহীন প্ৰশ্ন ।

