ETV Bharat / state

"ঝুমইৰ বিনন্দিনী"ৰে সৰুসজাই মুখৰিত হোৱাৰ সময়তেই দৰমহা নাপাই চাহ শ্ৰমিকৰ প্ৰতিবাদ

চকুলো টুকি প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰমিকৰ প্ৰশ্ন- ভোকত থাকি কেনেকৈ সংস্কৃতি ৰক্ষা কৰিব ?

Tea Labour Protest in Dibrugarh
টিংখাঙত চাহ শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 7:59 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ: ২০০ বছৰীয়া চাহ জনগোষ্ঠীৰ সংস্কৃতি ঝুমুৰ নৃত্যক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ বাবে ৯ হাজাৰৰো অধিক শিল্পী সাজু হোৱাৰ সময়তেই চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । অসম সংগ্ৰামী চাহ শ্রমিক সংঘৰ লাক্ৰিবাম চাহ বাগিচা শাখাৰ উদ্যোগত সোমবাৰে টিংখাঙত শ্রমিকসকলে প্ৰাপ্য়ৰ দাবীত জনালে প্ৰতিবাদ ।

দৰমহা নাপাই শ্ৰমিকৰ প্ৰতিবাদ :

টিংখাঙত চাহ শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat Assam)

"ঝুমইৰ বিনন্দিনী"ৰে সৰুসজাই ষ্টেডিয়াম মুখৰিত হোৱাৰ সময়তেই ডিব্ৰুগড় জিলাৰ টিংখাঙত সোমবাৰে দেখা গ'ল চাহ শ্ৰমিকৰ প্ৰতিবাদ । অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ উজ্জীৱিত কৰা মূল চালিকা শক্তিয়েই হ'ল চাহ শ্ৰমিকসকল । কিন্তু চাহ শ্ৰমিকৰ সমস্যাৰ যেন অন্ত নাই । চাহ শ্ৰমিকক লৈ চৰকাৰে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ঘোষণা কৰাৰ সময়তেই দৰমহা নাপাই শ্ৰমিকে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

Tea Labour Protest in Dibrugarh
টিংখাঙত চাহ শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat Assam)

আজি অসম সংগ্ৰামী চাহ শ্রমিক সংঘৰ লাক্ৰিবাম চাহ বাগিচা শাখাৰ উদ্যোগত টিংখাঙৰ লাক্ৰিবাম বাগিচাৰ শ্রমিকসকলে লাক্ৰিবাম চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনত থকা বাগিচাখনৰ শ্ৰমিকসকলে বিগত তিনিমাহ ধৰি লাভ কৰা নাই মজুৰি । সেয়ে আজি চকুলো টুকি প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিকসকলে । তিনি মাহৰ দৰমহা নোপোৱাকৈ পেটত ভোক লৈ ঝুমুৰৰ আনন্দ কেনেকৈ উপভোগ কৰিম বুলি প্ৰশ্ন উত্থাপন কৰিছে ক্ষুব্ধ শ্ৰমিকসকলে ।

ভোকত থাকি কেনেকৈ সংস্কৃতি ৰক্ষা কৰিব :

প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি ক্ষুব্ধ চাহ শ্ৰমিকে কয়, "বাগিচাৰ কৰ্তৃপক্ষই চাহ শ্ৰমিকৰ সমস্যা সমাধান হ'ব বুলি দাবী কৰি আহিছিল যদিও সমস্যাৰ সমাধান নহ'ল । তিনি মাহৰ দৰমহা লাভ কৰা নাই শ্ৰমিকসকলে । এবাৰ দৰমহা নাপালেই সমস্যা হয়, তেনেস্থলত তিনিবাৰ দৰমহা নাপালে কেনেকুৱা সমস্যা হ'ব সেই কথা সকলোৱে বুজি পাইছে । সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই নিছে সেইটো ভাল হৈছে, কিন্তু ভোকত থাকি কেনেকৈ সংস্কৃতি ৰক্ষা কৰিব ?"

লগতে পঢ়ক:'ঝুমইৰ বিনন্দিনী'ৰ কাউন্ট-ডাউন আৰম্ভ - JHUMOIR BINANDINI

ঝুমইৰ বিনন্দিনী : স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত ঝুমুৰ নৃত্যৰে ইতিহাস ৰচিবলৈ সাজু ৮সহস্ৰাধিক শিল্পী - JHUMOIR BINANDINI