ETV Bharat / state

এখন বিশেষ বিবাহথলী : দামিনীক সেন্দুৰ পিন্ধাবলৈ দোলাত আহিল ৰাজ - Frog Marriage

Frog Marriage in Rangapara: উদুলি-মুদুলি ৰঙাপৰা । এক আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হ'ল ভেকুলী বিয়া । খৰাং বতৰৰ পৰা পৰিত্ৰাণ বিচাৰি, বৰষুণৰ কামনাৰে ৰঙাপৰাৰ চাহ বাগিচাৰ ৰাইজে অনুষ্ঠিত কৰে এই ভেকুলী বিয়া ।

Tea garden workers organized traditional frog marriage desiring rain in Rangapara
খৰাং বতৰৰ বাবে চিন্তিত ৰাইজ, অনুষ্ঠিত কৰিলে ভেকুলী বিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024 at 7:05 PM IST

2 Min Read
Choose ETV Bharat

ৰঙাপৰা,২৪ মে': এফালে প্ৰচণ্ড গৰম, আনফালে খৰাং । স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন । জলবায়ু পৰিৱৰ্তনৰ লগে লগে উদ্বেগজনকভাৱে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ । ৰাজ্যৰ কোনো কোনো ঠাইত ছেগা-চোৰোকাকৈ বৰষুণ হৈছে যদিও বৃহত্তৰ ৰঙাপৰা অঞ্চলত আজি পৰ্যন্ত অহা নাই এজাকো বৰষুণ । বৰষুণৰ অভাৱত পুখুৰী, খাল, বিল, নৈ শুকাই যাবলৈ ধৰিছে । সেয়েহে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ গ্ৰহণ কৰিলে অসমীয়া এক লোকাচাৰ ‘ভেকুলী বিয়া' ।

খৰাং বতৰৰ বাবে চিন্তিত ৰাইজ,পাতিলে ভেকুলী বিয়া (ETV Bharat Assam)

ভেকুলীৰ বিয়া অনুষ্ঠিত কৰিলে বৰষুণ অহাটো নিশ্চিত বুলি অসমীয়া ৰাইজে মনে-প্রাণে বিশ্বাস কৰি আহিছে । সেয়া যি কি নহওক, ভেকুলী বিয়াখনক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱাৰে পৰা ৰঙাপৰাৰ দুই স্থানত এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে । দিনৰ ভাগত ৰঙাপৰাৰ নাহৰবাৰী গাঁৱৰ দৰা 'ৰাজ'ক দোলাত লৈ বিয়া কৰাবলৈ নামগাঁও চাহ বাগিচাৰ দিশে ৰাওনা হয় । দৰাৰ লগত পিতৃ আৰু গাঁওখনৰ ৰাইজে যাত্ৰা কৰে ।

ইফালে নামগাঁও চাহ বাগিচাৰ লক্ষী পূজা ফিল্ডত আয়োজন কৰা কইনা ঘৰৰ ৰভাতলীত দৰা গৈ উপস্থিত হয় । লগে লগে কইনা পক্ষৰ ৰাইজে দৰাপক্ষৰ ৰাইজক আদৰ-সাদৰ কৰি ৰভাতলীলৈ লৈ যায় । দুয়োখন ৰাইজ একত্ৰিত হোৱাৰ লগে লগে ৰভাস্থলীত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । সকলোবোৰ নীতি-নিয়ম সুন্দৰভাৱে পালন কৰে দুয়োপক্ষই । কইনা দামিনীক মাহ-হালধিৰে নোৱাই-ধুৱাই হোমৰ গুৰিলৈ লৈ আহে ।

দৰা-কন্যাক চাবলৈ চাহ শ্ৰমিক ৰাইজ উবুৰি খাই পৰে । হোমৰ গুৰিত পুৰোহিতৰ মন্ত্রোচাৰণ আৰু আয়তিসকলৰ উৰুলিৰে মুখৰিত হৈ পৰে । পাছত ৰাইজৰ উপস্থিতিত দুয়োৰে মাজত বিয়াখন সম্পন্ন হয় । দুপৰীয়াৰ বাবে যোগাৰ কৰা আহাৰ দৰা আৰু কইনা পক্ষৰ ৰাইজে গ্রহণ কৰে । এনেদৰেই ৰঙাপৰাত অনুষ্ঠিত হয় এই ভেকুলী বিয়াখন ।

উল্লেখ্য যে, ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ অধীনত থকা নামগাঁও শাখা চাহ বাগিচাখনত অনুষ্ঠিত হোৱা ভেকুলী বিয়াখনৰ বাবে আজিৰ দিনটো ছুটী ঘোষণা কৰা হৈছিল । এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে ৰাইজে বৰঙণি সংগ্ৰহ কৰি অনুষ্ঠিত কৰা বিয়াখনৰ পাছতে বৰুণ দেৱতা সন্তুষ্ট হৈ এজাক বৰষুণ দি ৰাইজক সন্তুষ্ট কৰিব ।

লগতে পঢ়ক: এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী - Frog Marriage

পানীৰ সংকটত সমগ্ৰ মধ্য অসম: কামপুৰ কঠিয়াতলীৰ ৰাইজে পাতিলে ভেকুলী বিয়া

Frog Marriage: বৰষুণ লাগে! তিতাবৰত ভেকুলী বিয়া