ৰঙাপৰাত এয়াৰ গানৰ গুলীত আহত যুৱক
হঠাৎ ক'ৰপৰা আহিল এয়াৰ গানৰ গুলী ? চাহ বাগিচাৰ শ্ৰমিকৰ মূৰত লাগিল গুলী । ৰঙাপৰাত হাহাকাৰ পৰিস্থিতি ।

Published : July 12, 2025 at 6:15 PM IST
তেজপুৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰাত চাঞ্চল্যকৰ ঘটনা । এয়াৰ গানৰ গুলীত গুৰুতৰভাৱে আহত এজন যুৱক । ৰঙাপৰাৰ ১০ নং ৱাৰ্ডৰ ডিপোটা নদীৰ ওপৰত থকা দলঙৰ সমীপতে সংঘটিত হয় এই ঘটনাটো । এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । কিন্তু কোনে আৰু কিয় গুলীয়াইছিল ? যুৱকজনক লক্ষ্য কৰি গুলীচালনা কৰিছিল নেকি ? সকলোতে এতিয়া এইধৰণৰ প্ৰশ্নৰ সৃষ্টি হৈছে ।
আঘাতপ্ৰাপ্ত যুৱকজন শ্ৰাৱণ কৰ্মকাৰ । পেচাত শ্ৰাৱণ এজন শ্ৰমিক । ইফালে ঘটনা সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে বাছিৰ খান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনাইছে । ঘটনাৰ বিৱৰণ অনুসৰি মইনাজুলি চাহ বাগিচাৰ ১৫ নং লাইনৰ যুৱকজনে অন্য শ্ৰমিকসকলৰ সৈতে নিশা ট্ৰাকত বজাৰৰ সামগ্ৰী উঠাই থকাৰ সময়তে বাছিৰ খান নামৰ লোকজনে গুলীচালনা কৰে ।
বাছিৰ খানে বান্দৰক উদ্দেশ্যি এয়াৰ গানটোৰে গুলীয়াইছিল । সেই সময়তে হঠাৎ এটা গুলী আহি শ্ৰাৱণ কৰ্মকাৰৰ মূৰৰ পিছফালে আঘাত কৰে । ফলত যুৱকজন মাটিত বাগৰি পৰে । লগে লগে নিশাই আহত শ্ৰমিকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । বৰ্তমান যুৱকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে । ইফালে ঘটনা সন্দৰ্ভত শ্ৰাৱণ কৰ্মকাৰৰ পিতৃয়ে ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।
ঘটনা সন্দৰ্ভত ভুক্তভোগী শ্ৰাৱণ কৰ্মকাৰে কয়, "গম নাপাও কিয় মাৰিলে । দলঙৰ ওচৰত মাৰিছে । গাড়ীত আছিলো তেতিয়া পিছফালে গুলী মাৰিলে... ।"
এই ঘটনাটোৱে সমগ্ৰ ৰঙাপৰা অঞ্চলত চাঞ্চল্য অব্যাহত ৰাখিছে । আৰক্ষীয়েও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । ধৃত লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

