ETV Bharat / state

জীয়াই থকাৰ অধিকাৰ বিচাৰি চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - TEA WORKERS PROTEST

Protest In Jorhat : শ্ৰম বিভাগৰ কাৰ্যালয় ঘেৰাও শতাধিক চাহ শ্ৰমিকৰ ৷ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷

TEA WORKERS PROTEST
শ্ৰম আয়ুক্তৰ কাৰ্যালয় ঘেৰাও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2024 at 5:58 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট, 1 জুলাই : জীয়াই থকাৰ অধিকাৰ বিচাৰি শ্ৰম বিভাগৰ কাৰ্যালয় ঘেৰাও শতাধিক চাহ শ্ৰমিকৰ ৷ প্ৰতিকূল বতৰকো নেওচি অসম চাহ মজদুৰ সংঘৰ উদ্যোগত সোমবাৰে শতাধিক চাহ শ্ৰমিকে যোৰহাটস্থিত শ্ৰম আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

অসম চাহ নিগমৰ অধীনষ্ঠ চিনামৰা চাহ বাগিচা, মুৰমুৰিয়া, হাতীগড়, ২৭ আৰু ২৮ নং বাঘধৰা আৰু চিনামৰা শাখাৰ শতাধিক শ্ৰমিক ওলাই আহি প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ সমান্তৰালকৈ অসম চাহ নিগমৰ অন্তৰ্গত চাহ বাগিচাসমূহত খালী হৈ থকা বিভিন্ন পদত নিযুক্তি প্ৰদান কৰা, বিভিন্ন কাৰণত অৱসৰ গ্ৰহণ কৰা শ্ৰমিকৰ স্থানত নতুন নিযুক্তি দিয়া, শ্ৰমিক আইন আৰু শ্ৰমিক কল্যাণ আইনৰ অধীনত পাবলগীয়া সুবিধাসমূহ প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি ২০৫ টকাৰ পৰিৱৰ্তে ২৫০ টকালৈ বৃদ্ধি কৰা, গ্ৰেচুৱেটি, পি এফ আদি সুবিধা প্ৰদান কৰা আদি দাবীক লৈ প্ৰতিবাদকাৰীসকলে ঘেৰাও কৰে শ্ৰম আয়ুক্তৰ কাৰ্যালয় ৷

লগতে পঢ়ক: চাহ শ্ৰমিকক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ দাবী : অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ - Protest in Tinsukia

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে আজিকোপতি চাহ শ্ৰমিকসকলৰ দুখ নুবুজাৰো অভিযোগ উত্থাপিত হৈছে ৷ কাৰণ ১৯৭২ চনত অসম চাহ নিগম প্ৰতিষ্ঠা হোৱাৰ পূৰ্বৰে পৰাই শ্ৰমিকসকলে জীৱনৰ নূন্যতম সুবিধাখিনিও লাভ নকৰা পৰিলক্ষিত হৈছে ৷ বহুবাৰ প্ৰতিবাদ কৰিও শ্ৰমিকসকলে চৰকাৰৰ পৰা এই সুবিধা আদায় কৰিব পৰা নাই ৷

দুৰ্বিষহ জীৱন-যাপন কৰিবলৈ বাধ্য হোৱা চাহ শ্ৰমিকসকলৰ চকুলো আজি দেখিও নেদেখাৰ ভাও জুৰিছে চৰকাৰে ৷ যাৰ বাবে বাৰে বাৰে নিজৰ প্ৰাপ্য বিচাৰি শ্ৰমিকসকলে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: আৰু কিমান ভূগিব লাগিব ৰাজ্যৰ চাহ শ্ৰমিকে ? - Tea Estate Labour Protest

ভূমি পট্টা লাগে : পাঁচ শতাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদে কঁপালে কলিয়াবৰ - Protest for Land patta

চাহ কোম্পানীৰ শোষণৰ বলি চাহ শ্ৰমিক : নাহৰতলি চাহ বাগিচাত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA WORKERS PROTEST