ETV Bharat / state

অপাৰেশ্যন সেন্দূৰক সেন্দূৰ চাহৰে সন্মান

ভাৰতীয় সেনালৈ সন্মান জনাই অসমৰ চাহ উদ্যোগীয়ে মুকলি কৰিলে বিশেষ চাহপাত । নাম দিলে সেন্দূৰ ।

Tea entrepreneur lounch Sindoor tea in honer of Indian Army in Guwahati
অপাৰেশ্যন সেন্দূৰক সেন্দূৰ চাহৰে সন্মান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 6:03 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: পহলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটকক হত্যা কৰাৰ প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানত চলোৱা অপাৰেশ্যন সেন্দূৰক লৈ দেশবাসীয়ে ভাৰতীয় সেনাক লৈ গৌৰৱ কৰিছে । ইয়াৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণে ভাৰতীয় সেনাক অভিবাদন জনাইছে ।

অসমৰ এজন উদ্যোমীয়ে ভাৰতীয় সেনাক অসম গৌৰৱ চাহেৰে অভিবাদন জনাইছে । চাহক সেন্দূৰ নামেৰে নামাকৰণ কৰি কৰি ভাৰতীয় সেনাক অভিবাদন জনাইছে গুৱাহাটী মহানগৰীৰ উদ্যমী তথা চাহ ব্যৱসায়ী এৰ’মিকা টীৰ সঞ্চালক ৰঞ্জিত বৰুৱাই । এই চাহ তেওঁ ভাৰতীয় সেনাৰ লগতে বিভিন্নজনক উপহাৰ হিচাপে প্ৰদান কৰিব ।

Tea entrepreneur lounch Sindoor tea in honer of Indian Army in Guwahati
সেন্দূৰ চাহপাতৰ চাহ (ETV Bharat Assam)

কিয় সেন্দূৰ দ্যা প্ৰাইড নামেৰে নামাকৰণ কৰা হ'ল চাহৰ পেকেট:

চাহ ব্যৱসায়ী ৰঞ্জিত বৰুৱাই এই বিষয় সন্দৰ্ভত কয়, "সেন্দূৰ ভাৰতীয় সমাজৰ এক গৌৰৱ । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ৭ মে'ত ভাৰতে পাকিস্তানত অপাৰেশ্যন সেন্দূৰ অভিযান চলালে তাক লৈ আমি গৌৰৱ অনুভৱ কৰিছো । সেয়েহে মই চাহ উদ্যমী হিচাপে ভাৰতীয় সেনাক সন্মান তথা অভিবাদন জনাই সেন্দূৰ নামেৰে এবিধ চাহৰ পেকেট মুকলি কৰিছো । এই চাহবিধক ভাৰতীয় সেনাক চেল্যুট, ধন্যবাদ জনাই ভাৰতীয় সেনাৰ বাবে উৎসৰ্গিত কৰিছো । কেইটামান এই চাহৰ পেকেট বনাইছো আৰু এই চাহ ভাৰতীয় সেনাক উপহাৰ হিচাপে আগবঢ়াম ।"

অপাৰেশ্যন সেন্দূৰক সেন্দূৰ চাহৰে সন্মান (ETV Bharat Assam)

তেওঁ লগতে কয়, "যি কোনো আনন্দৰ মুহূৰ্তত আমি চাহ একাপৰ সৈতে উদযাপন কৰো । সেয়েহে অসমৰ উৎকৃষ্টমানৰ চাহ হালমাৰী গোল্ডেন অৰ্থডক্স চাহ আৰু চি টি চি মিহলাই এই বিশেষ চাহ পেকেট প্ৰস্তুত কৰা হৈছে । এই চাহ বিধৰ ৰংটো সেন্দূৰৰ নিচিনা হয় আৰু খাবলৈ সোৱাদযুক্ত হয় । এই চাহবিধ আমি ব্যৱসায়ী ভিত্তিত মুকলি কৰা নাই । ৭ মে'ৰ অপাৰেশ্যন সেন্দূৰ অভিযানক স্মৰণীয় কৰাৰ বাবে এই চাহ পেকেট মুকলি কৰা হৈছে । এই সময়খিনি একাপ ভাল চাহেৰে উদযাপন কৰাৰ বাবে । আশা কৰিছোঁ অহা সপ্তাহত ভাৰতীয় সেনাৰ মাজত বিতৰণ কৰা হ'ব । তেওঁলোকক এই চাহৰ জৰিয়তে ধন্যবাদ জনাম ।"

Tea entrepreneur lounch Sindoor tea in honer of Indian Army in Guwahati
সেন্দূৰ চাহপাত (ETV Bharat Assam)

কেনেকৈ মনলৈ আহিল সেন্দূৰ চাহৰ কথা:

Tea entrepreneur lounch Sindoor tea in honer of Indian Army in Guwahati
এৰ’মিকা টীৰ কৰ্মচাৰীসকল (ETV Bharat Assam)

তেওঁ কয়, "৭ মে'ত যেতিয়া পুৱাই অপাৰেশ্যন সেন্দূৰৰ কথা গম পালো আৰু ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰিলো । সেই উৎসাহতে ভাৰতীয় সেনাক ধন্যবাদ জনায় অসমৰ চাহ এবিধ বনাই ভাৰতীয় সেনাৰ নামত উৎসৰ্গিত কৰিছোঁ । ৭ মে'ৰ দিনটো চিন্তা চৰ্চা কৰি আবেলিলৈ প্ৰস্তুত কৰা হয় ।"

Tea entrepreneur lounch Sindoor tea in honer of Indian Army in Guwahati
চাহ প্ৰস্তুত কৰি থকা অৱস্থাত এগৰাকী কৰ্মচাৰী (ETV Bharat Assam)

লগতে পঢ়ক: শান্তি, সমন্বয় আৰু বিকাশৰ চাৰিবছৰ : বৰ্ষপূৰ্তিত সাফল্যৰ চমু খতিয়ান মুখ্যমন্ত্রীৰ - BJP GOVT 4TH ANNIVERSARY

প্ৰায় খালী হ'ল গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্যন কেম্প - ASSAM CM ON BANGLADESHI DEPORTATION