ETV Bharat / state

বছৰটোৰ বিদায়ৰ মুহূৰ্তত প্ৰতিবাদত উত্তাল চৰাইদেউ

চৰাইদেউত জনজাতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী । চুতীয়া জাতি যুৱ সম্মিলনৰো অৱস্থান ধৰ্মঘট ।

TAYPA protest demanding tribalisation
চৰাইদেউত জনজাতিকৰণৰ দাবী সমদল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 9:16 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ: বছৰটোৰ বিদায় মুহূৰ্তত প্ৰতিবাদত উত্তাল হ'ল ঐতিহাসিক চৰাইদেউ । জনজাতিকৰণৰ দাবীত বছৰৰ পাছত বছৰ ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতো সুফল লাভ নকৰাত চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ ।

প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেয়া আজিও কাৰ্যকৰী নহ'ল । শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেয়া কাৰ্যকৰী নকৰাত সংগঠনসমূহে একত্ৰিত সংগ্ৰামৰ বাবে আগবাঢ়ি আহিছে । সেয়ে বিভিন্ন দল-সংগঠনে বছৰটোৰ বিদায়ৰ মূহুৰ্তত জনজাতিকৰণৰ দাবীত পুনৰ ৰজাঘৰীয়াক মনত পলাই দিছে প্ৰতিবাদৰ জৰিয়তে ।

চৰাইদেউত জনজাতিকৰণৰ দাবী সমদল (ETV Bharat Assam)

চুতীয়া জাতি যুৱ সম্মিলনৰ অৱস্থান ধৰ্মঘটঃ

চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্রদান কৰাৰ দাবীৰে সোমবাৰে মৰাণত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া জাতি যুৱ সম্মিলনে । অৱস্থান ধৰ্মঘটেৰে মৰাণৰ মাজমজিয়াত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত মহিলাকে ধৰি চুতীয়া জাতি যুৱ সন্মিলনৰ অৰ্ধ-শতাধিক লোকে অংশগ্ৰহণ কৰে ।

উল্লেখ্য় যে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিয়ে যদিও পিছ মূহুৰ্তত ই এক ফুটুকাৰ ফেনত পৰিণত হয় । যাৰ বাবে চৰকাৰৰ কোনো আশ্বাসক বিশ্বাসত লোৱা নাই চুতীয়া জাতি যুৱ সম্মিলনে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহ'লে বিজেপি দলক বৰ্জনৰ হুংকাৰ দিছে চুতীয়া জাতি যুৱ সম্মিলনৰ নেতৃত্বই ।

ইফালে, জনজাতিকৰণৰ দাবীত অহা ৮ জানুৱাৰীৰ পৰা চুতীয়া জাতি যুৱ সম্মিলনে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে ।

২০২৬ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ :

চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ মাজমজিয়াৰ লাচিত উদ্যানত টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । টাই আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে ভোট বৰ্জনকে ধৰি আগন্তুক বৰ্ষটোত ধাৰাবাহিক অসম বন্ধ, ৰে'ল অৱৰোধ, পথ অৱৰোধ আদিকে ধৰি জংগী আন্দোলনৰ জৰিয়তে সমগ্ৰ অসমত অচলাৱস্থা সৃষ্টি কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। ইফালে, প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৱে প্ৰতিবাদী সমদলেৰে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ও ঘেৰাও কাৰ্যসূচীৰে প্ৰতিবাদী সমদল উলিয়ায় ।

লগতে পঢ়ক : কিয় গণকবৰ দিয়া হৈছিল আটাছুৰ প্ৰথম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈক ?