জনজাতিকৰণৰ দাবীত দিল্লী কঁপাবলৈ সাজু টাইপা - Tai Ahom Yuva Parishad
TAYPA press meet : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ কৰিব টাইপাই । সোণাৰিত টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে প্ৰতিবাদী কাৰ্যসূচী । আব্দুৰ ৰচিদ মণ্ডলক সকীয়াই ক'লে বিৰ্তকিত মন্তব্য কৰিলে টাইপাই ব্যৱস্থা গ্ৰহণ কৰিব ।

Published : August 25, 2024 at 9:40 PM IST
মৰাণ, ২৫ আগষ্ট : টাই আহোম যুৱ পৰিষদ,অসম চমুকৈ 'টাইপা'ই ৰাজ্যখনৰ এটা আহোম জনগোষ্ঠীয় সংগঠন । আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে কাম কৰি আহিছে সংগঠনটোৱে । আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ আৱৰ্ত ভৱনত দেওবাৰে অনুষ্ঠিত হয় টাই আহোম যুৱ পৰিষদ চমুকৈ 'টাইপা'ই কাৰ্যনিৰ্বাহক সভা । টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ উপস্থিতিত অনুষ্ঠিত হয় সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভাখন ।
সভাৰ শেষত আয়োজিত এক সংবাদমেলত সভাপতি বিজয় ৰাজকোঁৱৰে অহা তিনি,চাৰি আৰু পাঁচ জানুৱাৰীত টাইপাৰ পূৰ্ণাংগ অধিবেশন চৰাইদেউৰ সদৰ সোণাৰিত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে । টাই আহোম যুৱ পৰিষদে জন্ম লগ্নৰে পৰা আহোমলেণ্ড, জনজাতিকৰণ, আৰু স্বায়ত্তশাসনৰ যি দাবী কৰি আহিছে তাক লৈ পুনৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদমেলত সভাপতি বিজয় ৰাজকোঁৱৰে উল্লেখ কৰে ।
আন্দোলনৰ বাবে সাজু টাইপা :
সভাপতি বিজয় ৰাজকোঁৱৰে কয়,"দিল্লী কঁপাবলৈ সাজু হৈছে টাই আহোম যুৱ পৰিষদ । আহোমলেণ্ড, জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ যি দাবী তাক কাৰ্যকৰী কৰিবলৈ ছেপ্টেম্বৰৰ শেষৰফালে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, জনজাতি দপ্তৰৰ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব । অক্টোবৰত টাই আহোমৰ সকলো সংগঠনক লগত লৈ দিল্লীত ধৰ্ণাকাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।" ইপিনে, জনজাতিকৰণক লৈ অহা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জিলা, মহকুমা আৰু গাঁৱে গাঁৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে টাইপাৰ নেতৃত্বই ।
মিঞা মুছলমানক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী :
আনহাতে, শেহতীয়াকৈ ৰাজ্যত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকা পাছতেই মিঞা মুছলমানক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছে এই সংগঠনটোৱে । ইয়াৰ মাজতে মিঞা মুছলমানক সাত দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিয়ে টাই আহোম যুৱ পৰিষদৰ সভাপতিগৰাকীয়ে ।
আব্দুৰ ৰচিদ মণ্ডলক সকীয়নি:
আনহাতে মিঞা মুছলমানৰ সপক্ষে মতামত আগবঢ়োৱা কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলক সকীয়নি দিয়ে টাইপাই । বিৰ্তকিত মন্তব্য কৰিলে টাইপাই বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ।

