জনজাতিকৰণৰ দাবীত ১ লাখ আহোমে কঁপাব ৰাজ্য়
১ নৱেম্বৰৰ পৰা ১৬ স্থানত জোঁৰ সমদল কাৰ্যসূচী ঘোষণা টাইপাৰ ।

Published : October 14, 2025 at 3:40 PM IST
শিৱসাগৰ: অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক প্ৰভূত্ব ৰক্ষাৰ একমাত্ৰ বিজ্ঞানসন্মত আৰু সাংবিধানিক উপায়েই হ'ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ । সেয়েহে চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে ইয়াৰ প্ৰত্য়ুত্তৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনত দিবলৈ সাজু হৈছে এই জনগোষ্ঠীকেইটাৰ লাখ লাখ জনতা । নিৰ্বাচনৰ পূৰ্বে চৰকাৰত হেঁচা দিবলৈ পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে টাইপা (টাই আহোম যুৱ পৰিষদ)ই ।
আজি (মঙলবাৰ) শিৱসাগৰ প্ৰেছ ক্লাবত জনজাতিকৰণ সন্দৰ্ভত টাইপাৰ নেতৃত্বই এক সংবাদমেলত ১ লাখ লোকৰ অংশগ্ৰহণেৰে ধাৰাবাহিক জোঁৰ সমদল কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে । মঙলবাৰে টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে টাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে অযথা বিলম্ব কৰাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । সভাপতি তামুলীয়ে কয়, "ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰৰ তিলমাত্ৰও ৰাজনৈতিক সদিচ্ছা নাই । বিগত তিনিটাকৈ লোকসভা নিৰ্বাচন আৰু দুটাকৈ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰেই অসমত নিৰ্বাচন জয়ৰ ক্ষেত্ৰত সৰ্বাধিক সফলতা লাভ কৰিছিল; কিন্তু প্ৰতিটো নিৰ্বাচনত জয়লাভ কৰাৰ পাছত জনজাতিকৰণৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক আজিও পূৰণ নকৰি আমাক চূড়ান্ত প্ৰতাৰণা কৰিছে ।"
তেওঁ পুনৰ কয়, "এনে নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হ’ল । টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে অনাগত বিধানসভা নিৰ্বাচনৰ আগতেই আৰু শীতকালীন অধিবেশনত সংসদৰ উভয় সদনত আইন প্ৰণয়নৰ ব্যবস্থা কৰিব লাগিব । বিজেপি দলে যি অবৈধ বাংলাদেশী মিঞাৰ আগ্ৰাসনৰ ফলত অসমৰ খিলঞ্জীয়া ৰাইজ সংকটত পৰা বুলি সততে উল্লেখ কৰে তাৰ একমাত্ৰ পৰিত্ৰাণৰ উপায় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ । অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক প্ৰভুত্ব ৰক্ষাৰ একমাত্ৰ বিজ্ঞানসন্মত আৰু সাংবিধানিক উপায়েই হ'ল অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ।" সেই কাৰণে ন্যস্ত স্বাৰ্থ জড়িত ৰাজনৈতিক মহলৰ গোপন ইংগিতত খিলঞ্জীয়া জনগোষ্ঠীৰ বিপৰীতে কাম নকৰিবলৈ ট্ৰাইবেল সংঘ আৰু আদিত্য খাখলাৰীক টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সকীয়াই দিয়ে ।

সংবাদমেলত টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত টাইপাই এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সেই অনুসৰি অহা ১, ২ আৰু ৩ নৱেম্বৰত অসমৰ ১৬ স্থানত মুঠ ১ লাখ আহোম ৰাইজৰ অংশগ্ৰহণৰে বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ অংশ স্বৰূপে ১ নৱেম্বৰত শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাটত, ২ নৱেম্বৰত মাৰ্ঘেৰিটা, তিনিচুকীয়া, শদিয়া, নাহৰকটীয়া,নাজিৰা, ধনশিৰিত আৰু ৩ নৱেম্বৰত মৰাণ, ধেমাজি,লখিমপুৰ, বিশ্বনাথ, কামৰূপ আৰু নগাঁৱত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।
ইয়াৰ পিছতেই শীতকালীন অধিবেশনৰ প্ৰথম দিনা অসম বিধানসভা আৰু অসম সচিবালয় ঘেৰাও কাৰ্যসূচী আৰু সংসদৰ শীতকালীন অধিবেশনত জন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ইয়াৰ পাছতো চৰকাৰে টাইপাৰ দাবীসমূহ পূৰণ নকৰিলে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ আৰু সৰ্বাত্মক অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সকীয়াই দিয়ে ।
সংবাদমেলত টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দীপক চেতিয়া, কাৰ্যকৰী সভাপতি জয়ন্ত বৰগোহাঁই, যুটীয়া সম্পাদক সত্যজিত বৰগোহাঁই উপস্থিত থাকে । টাইপাৰ নেতৃত্বই জুবিন গাৰ্গ মৃত্যুৰ তদন্ত ক্ষিপ্ৰ কৰি তেওঁৰ মৃত্যুৰ বাবে দোষী সকলক কঠোৰতম শাস্তিৰ ব্যবস্থা কৰিবলৈ দাবী জনায় ।

