কলিয়াবৰক সমৃদ্ধ কৰা কিংবদন্তি আৰু ইতিহাসৰ পাতৰ 'পঞ্চমহিয়সী'ৰ জীৱনগাথা
নাৰী দিৱস বিশেষ: কলিয়াবৰৰ 'পঞ্চমহিয়সী' কমলাকুঁৱৰী, জয়া আইদেউ, মূলাগাভৰু, আই কনকলতা আৰু গুণেশ্বৰী দেৱীক স্মৰণ ৷


Published : March 8, 2025 at 1:35 PM IST
কলিয়াবৰ: আজি আন্তর্জাতিক নাৰী দিৱস । মমতাময়ী মাতৃ, স্নেহৰ ভগ্নী, আলাসৰ কন্যা, দায়িত্বশীল পত্নী আৰু অনেক বিভূষণেৰে বিভূষিতা এই নাৰীৰ ৰূপ অনন্য । নাৰী অবিহনে সৃষ্টি অসম্ভৱ । সকলো সৃষ্টিৰ আধাৰ নাৰী । যুগ-যুগান্তৰ ধৰি মানৱ জাতিক চিৰ প্ৰৱাহমান কৰি ৰখাত নাৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এখন সুস্থ সমাজত, জনজীৱনত নাৰীৰ অৱদান স্বাভাৱিকতে স্মৰণীয়, সন্মানীয় । এই নাৰীসকলৰ সন্মানৰ উদ্দেশ্যেই সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে উদযাপন কৰা হয় ।
পৃথিৱীৰ বেছিভাগ মহিলাই স্বভাৱসিদ্ধভাৱে অতি সৰল, কোমল অন্তৰৰ আৰু স্নেহশীলা হোৱা দেখা যায় । কিন্তু যুগ-যুগ ধৰি তেওঁলোক প্ৰায়েই ঘৰুৱা হিংসা, যৌতুক আৰু শাৰীৰিক-মানসিক নানান ঘাত-প্ৰতিঘাত আদিৰ সন্মুখীন হৈ আহিছে । এই দিৱসৰ মূল বিষয়বস্তু হ’ল – নাৰী পুৰুষৰ সমান অধিকাৰ । নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শনৰ লগতে নাৰীৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা ।
অৱশ্যে বিশ্বৰ ভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপনৰ লক্ষ্য বেলেগ-বেলেগ হোৱা দেখা যায় । ক’ৰবাত নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা এই উদযাপনৰ মূল বিষয় হয় । ঐতিহাসিক কলিয়াবৰতো নাৰীসকলক যথোপযুক্ত সন্মান দি অহা হৈছে । ইতিহাসৰ পাত লুটিয়ালে আমি দেখা পাওঁ, আহোম যুগৰ পৰাই সমাজৰ নাৰীসকলে ইয়াত এক মহৎ ভূমিকা পালন কৰি আহিছে । তাৰে যদি কোনোগৰাকী কিংবদন্তি হৈ পৰিছে আন কোনোগৰাকী আকৌ ঐতিহাসিক হৈ পৰিছে । পৰৱৰ্তী কালত এইসকল মহিয়সীৰ কৰ্মই আমাৰ এই সমাজখনৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰেৰণাৰ উৎস হৈ পৰিছে ।
কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক, শিক্ষাসেৱী নৱীন বৰঠাকুৰে আন্তৰ্জাতিক নাৰী দিৱসত সকলো নাৰীকে আন্তৰিক শুভেচ্ছা জনাই কলিয়াবৰৰ ইতিহাসৰ লগত জড়িত পঞ্চমহিয়সীক স্মৰণ কৰে ৷

- কমলাকুঁৱৰীৰ স্মৃতি বিজড়িত ভঁৰালী বৰুৱা পুখুৰী
কলিয়াবৰৰ জনজীৱনত কিংবদন্তি হৈ পৰা নাৰী কথা ক’বলৈ গ’লে এই ক্ষেত্ৰত প্ৰথমেই নাম ল'ব লাগিব কমলাকুঁৱৰীৰ । স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত যেতিয়া কলিয়াবৰত লাচিত ‘বৰফুকন’ হৈ আছিল । তেতিয়া ৰচিত বৰফুকনৰ যিটো ভাণ্ডাৰ বা ভঁৰাল বৰ্তমানৰ শ্ৰীশ্ৰী ভোলাগুৰি সত্ৰত আছিল । সেই সময়ত সমগ্ৰ ৰাজ্যতে অনাবৃষ্টিৰ ফলত পানী মহাৰ্ঘ হৈ পৰিছিল । গতিকে ৰাইজৰ পানীৰ সুবিধাৰ কাৰণে ভাণ্ডাৰী বৰুৱাক লাচিত বৰফুকনে পানীৰ আকাল দূৰ কৰিবলৈ এক পুখুৰী খন্দোৱাৰ নিৰ্দেশ দিছিল ।
কলিয়াবৰৰ পূৱথৰীয়াত থকা এই পুখুৰীটো ভঁৰালী বৰুৱা পুখুৰীৰূপে বিখ্যাত । প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ঠিক শৰাইঘাট ৰণৰ আগে-আগে ৰাজ্যত ভয়ানকভাৱে পানীৰ আকাল হৈছিল ৷ সেই সময়ত কলিয়াবৰত আহোম ৰাজবিষয়া, ধৰ্মশীল পুৰুষ জয়ধ্বজ ভঁৰালী বৰুৱাই পানীৰ অভাৱ আৰু প্ৰজাৰ কষ্ট নিবাৰণৰ বাবে বহুলোকক লগাই পুখুৰী খন্দাইছিল ৷ কিন্তু দিনে-ৰাতিয়ে খাটিও পুখুৰীৰ পানী উলিয়াব নোৱাৰিলে ৷ স্বপ্নৰ আদেশ পাই ভঁৰালী বৰুৱাই মৰমৰ নুমলীয়া কমলা কুঁৱৰীক দান দিয়াত পানীৰে পুখুৰীটো উপচি পৰিল ৷
লোকবিশ্বাস মতে, কমলা কুঁৱৰী আছিল এজন আহোম বিষয়া ভঁৰালী ভাণ্ডাৰ বৰুৱাৰ সপ্তম তথা নুমলীয়া আদৰৰ কুঁৱৰী ৷ এবাৰ ৰাজ্যত ভয়ানক খৰাং হোৱাৰ সময়ত সপোনত দেখা বিধানৰ পৰিণতিস্বৰূপে ভঁৰালী বৰুৱাই কমলা কুঁৱৰীক পানীৰ নামত উচৰ্গা কৰে । পূজা-পাতল কৰি পুখুৰীৰ মাজত এটা শাল খুঁটাত বান্ধি জলকুঁৱৰী উৎসৰ্গা কৰা হৈছিল । কমলাকুঁৱৰীক পুখুৰীৰ পাৰত থকা ভঁৰালী বৰুৱাই সুধিছিল – কমলাকুঁৱৰীৰ মোৰে প্ৰাণেশ্বৰী পানীবা কিমানে হ'ল ? শুনকছোন, শুনকছোন বঙহৰদেউ মোৰ পানী মোৰ এপতা হ'ল । এনেকৈ একাঠু, এককঁকাল, এবুকু, এডিঙি হৈ কমলাকুঁৱৰী পানীৰ তলত গৈছিল । অৰ্থাৎ জলকুঁৱৰীয়ে গ্ৰহণ কৰিছিল আৰু পৰ্যাপ্ত পৰিমাণৰ পানী পুখুৰীটোৰ ভৰি পৰিছিল ।
এই কথোপকথন 'কমলাকুঁৱৰীৰ মালিতা' বুলি জনাজাত । অসমৰ বহুল প্ৰচলিত জনশ্ৰুতি আৰু সাধুকথাৰ আলমত সৃষ্টি হোৱা গীতসমূহৰ ভিতৰত 'কমলাকুঁৱৰীৰ গীত' অন্যতম ৷ কৰুণ ৰসাসিক্ত আৰু কাব্যিক সৌন্দৰ্যৰে ভৰা কমলাকুঁৱৰীৰ গীত উৎকৃষ্ট মালিতা । নিৰ্দিষ্ট দিনত এটা শুকান পুখুৰীত কুঁৱৰীক নমাই দিয়া হয় আৰু তেওঁ নমাৰ লগে-লগে ক্ৰমশঃ পুখুৰীটো পানীৰে উপচি পৰে ৷ কিন্তু প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলাকুঁৱৰীৰ সেই পানীতেই ডুবি কৰুণভাৱে মৃত্যু হয় ৷ অৱশ্যে এই পুখুৰীটো স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত খন্দা হৈছিল বুলিও এটা পক্ষই দাবী কৰে । এইগৰাকী মহিয়সীৰ এই কিংবদন্তিয়ে আজিও নাৰীৰ অমৰ ত্যাগৰ কথা পুখুৰীটোৱে কৈ যায়।

- জয়া আইদেউৰ নামে জয়সাগৰ
কলিয়াবৰৰ আন এগৰাকী মহিয়সী হ'ল জয়া আইদেউ । স্বৰ্গদেউ শিৱসিংহৰ মৃত্যুৰ পিছত প্ৰমত্তসিংহ আহোম ৰাজ্যৰ স্বৰ্গদেউ হয় । নানা যুদ্ধ-বিগ্ৰহত ব্যস্ত থকা স্বৰ্গদেউ প্ৰমত্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল । কলিয়াবৰলৈ এইগৰাকী স্বৰ্গদেউৰ অৱদান সৰ্বাধিক । প্ৰমত্তসিংহৰ একমাত্ৰ জীয়ৰী, আকৌ কোনোৰ মতে ভনীয়েক জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰাখিছিল । এই বাহৰত থাকোতেই টান নৰীয়াত জয়া আইদেউ মৃত্যুমুখত পৰে । জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰতে সমাধিস্থ কৰিছিল । সেই ঠাইখণ্ড জয়া মৈদামৰ কাষতে থকা ১৬ হাজাৰ বিঘা মাটিকালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামেৰে নামাকৰণ কৰে ।
পূবথৰীয়া মৌজাৰ বৃহৎ বিলখন পিচলৈ জয়সাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে । এই জয়সাগৰ আহোম যুগৰ নৌ-বাহিনীৰ কেন্দ্ৰস্থল আছিল । ইয়াত যুদ্ধত ব্যৱহৃত নাও নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল । লাহে-লাহে দিন বাগৰিল, সদায় ব্যস্ত থকা বিলখনত পক্ষীৰ ব্যস্ততা বাঢ়িল । শীতকালি আন ঠাইৰ পৰাও পক্ষী আহি জয়সাগৰৰ শোভা বঢ়ালে । এইগৰাকী নাৰীৰ কলিয়াবৰৰ জনসমাজত এক সন্মানীয় স্থান দখল কৰি আহিছে । জয়সাগৰ দলনি, কলিয়াবৰ সমজিলাৰ এক জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এক জলাশয় । দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমলৰূপে চিহ্নিত হৈছে ।
বীৰাংগনা মূলাগাভৰু আৰু গাৰিকুৰি
এগৰাকী আহোম কুঁৱৰী আৰু এগৰাকী মহীয়সী আহোম যুঁজাৰু মহিলা, যি আহোম সৈন্যৰ সেনা মুখ্য আছিল । মূলাগাভৰুৱে মুছলমান আক্ৰমণকাৰী সেনাৰ বিৰুদ্ধে যুঁজ দি সাহসৰ পৰিচয় দিছিল । ১৫২৮ ৰ পৰা ১৫৩২ খ্ৰীষ্টাব্দলৈ চাৰি বছৰ মুছলমান সেনাই দুবাৰকৈ অসম দেশ আক্ৰমণ কৰিছিল । ১৫২৭ চনত স্বামীৰ মৃত্যুৰ পাছত ৫ বছৰ মূলাগাভৰুৱে যুদ্ধৰ প্ৰাৰম্ভিক কৌশল আয়ত্ত কৰিছিল । ১৫৩২ চনত তুৰ্বকে পুনৰ অসম আক্ৰমণ কৰোঁতে কলিয়াবৰৰ হাটবৰত মূলাগাভৰুৱে যুঁজ দিছিল । মূলাগাভৰুৰ আন সেনাৰ লগতে কুৰিগৰাকী মহিলা সৈনিক আহিছিল বুলি জনা যায় । আহোম নাৰী যুঁজ দিবলৈ যোৱা দেখি সকলো আহোম সৈন্য দুগুণে উত্সাহিত হৈ জয় আহোমৰ জয় ধ্বনিৰে শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰিছিল ।
এই যুঁজত মুলাগাভৰুৰ লগত অহা কুৰিগৰাকী মহিলা সেনা যুদ্ধত মৃত্যু হৈছিল । নিহত কুৰি গৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ, যাক টাই ভাষাত গাৰি' বুলি কোৱা হৈছিল; হাটবৰৰ সমীপতে মৈদাম দিয়া হৈছিল । যি ঠাইত কুৰিটা গাৰি সমাধিস্থ কৰা হৈছিল সেই ঠাইক আজিও গাৰিকুৰি বুলি কোৱা হয় । গাৰিকুৰি কলিয়াবৰৰ এখন ঐতিহাসিক গাঁও । মূলাগাভৰুৰ যুদ্ধৰ সতীৰ্থ হৈছিল তিনিগৰাকী মহিলা যুঁজাৰু জয়ন্তী, পমিলা, ললিতা আদি গাভৰুসকল । কলিয়াবৰৰ অন্যতম সাংস্কৃতিক কেন্দ্ৰ হাটবৰৰ ৰাষ্ট্ৰীয় পথৰ কাষত ২০১৫ চনত মূলাগাভৰুসহ আন বীৰাংগনা মহিলাৰ প্ৰতিমূৰ্তি স্থাপন কৰি মূলাগাভৰুৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস কৰা হৈছে ।
আই কনকলতা আৰু আপীবাৰী
কলিয়াবৰৰ লগত স্মৃতি জড়িত হৈ থকা আন এগৰাকী মহিয়সী হ'ল আই কনকলতা । এইগৰাকী আছিল শ্ৰীমন্ত শংকৰদেৱৰ নাতি-বোৱাৰী ৷ ১৫১৬ খ্ৰীষ্টাব্দত শংকৰদেৱে কছাৰীসকলৰ উপদ্ৰৱত বৰদোৱা ত্যাগ কৰিছিল ৷ তেতিয়াৰে পৰা প্ৰায় সাতকুৰিৰো অধিক কাল এই ঠাই অটব্য অৰণ্যত পৰিণত হৈছিল ৷ পিছত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত কনকলতা আইৰ প্ৰচেষ্টাত বৰদোৱা পুনৰুদ্ধাৰ কৰা হয় ৷ কনকলতা আইৰ পিতৃৰ নাম আছিল কানু ভূঞা ৷ তেওঁ কোচবেহাৰৰ ফুলবাৰী নামে ঠাইৰ বাসিন্দা আছিল ৷
কনকলতা আয়ে শংকৰদেৱৰ নাতি চতুৰ্ভূজ ঠাকুৰক বিয়া কৰায় ৷ বিয়াৰ পিছত স্বামীৰ সৈতে কামৰূপৰ ঘিলাঝাৰি সত্ৰ আৰু গোৱালপাৰাৰ বিষ্ণুপুৰ সত্ৰত আছিল ৷ শংকৰদেৱৰ মৃত্যুৰ পিছত কালিন্দী আইৰ মুখত বৰদোৱাৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জানিবুজি লৈ গুৰুজনাৰ নাতিবোৱাৰী কনকলতা আই জলপথেৰে জয়ধ্বজ ৰজাৰ দিনত বৰদোৱা পুনৰ উদ্ধাৰ কৰি নকৈ গঢ় দিছিল ৷ কনকলতাই বৰদোৱা পুনৰুদ্ধাৰ কাৰ্যত ৰাজসাহায্য পাইছিল ৷ বৰবৰুৱা টঙচু ফুকনৰ তদাৰকত সত্ৰখনে গা কৰি উঠিছিল ৷ কনকলতা আইৰ লগত কন্যা সুভদ্ৰা আছিল ৷ সুভদ্ৰাৰ পুত্ৰ অনন্তৰাম ৷
কনকলতাৰ স্বামী চতুৰ্ভূজ ঠাকুৰৰ পুত্ৰ নথকাত ভাগিনীয়েক দামোদৰক পুত্ৰ হিচাপে গ্ৰহণ কৰিছিল ৷ এই দামোদৰৰ পুত্ৰ ৰমাকান্ত আতা ৷ দামোদৰ আতাই বালিসত্ৰ স্থাপন কৰি তেওঁৰ পুত্ৰ ৰমাকান্তক তাৰ অধিকাৰ পাতি ১৫৮৪ শকত মৃত্যুবৰণ কৰে ৷ ইয়াৰ পিছত ৰমাকান্ত আতা আৰু আই কনকলতাৰ মাজত বৰদোৱা সত্ৰৰ স্বত্ব লৈ মতানৈক্য হয় আৰু মীমাংসাৰ বাবে জয়ধ্বজ সিংহক গোচৰ দিয়ে ৷ জয়ধ্বজ সিংহই “পিতৃ সৰ্বস্ব ধৰ্মে পুত্ৰে অধিকাৰ’’ বুলি ৰমাকান্তৰ ফালে ৰায় দিয়ে ৷ ইয়াৰ পিছত আই কনকলতা সেৱকসকলক লগত লৈ লক্ষীমপুৰৰ নৰোৱাৰ ওচৰৰ চিনাতলীত সত্ৰ পাতেগৈ আৰু জী-নাতি অনন্তৰামক সত্ৰাধিকাৰ পাতে ৷
ইয়াৰ সাতবছৰমান পিছত পুনৰ বৰদোৱালৈ আহিবলৈ মন কৰি ভটিয়াই আহোঁতে মোগলে অসম আক্ৰমণ কৰাত তেওঁ কলিয়াবৰতে বাহৰ পাতে ৷ সেই সময়তে 'বৰ আই'ৰ সংক্ৰমণে দেখা দিয়াত কিছুদিন পাছত তাতে আই কনকলতাৰ মৃত্যু হয় ৷ এইগৰাকী জীৱিত থকা হ'লে কলিয়াবৰৰ সত্ৰীয়া-বৈষ্ণৱ সমাজখনে আন এক ৰূপ লাভ কৰিলেহেঁতেন বুলি কলিয়াবৰৰ ৰাইজে বিশ্বাস কৰে । কনকলতা আই কামৰূপৰ জীয়ৰী হোৱাৰ বাবে তেওঁৰ আন এটা পৰিচয় আছিল 'আপী আই’ । সেই আপী আই বৰ্তমানৰ শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ সমীপতে বাস কৰিছিল, যিখন ঠাই পৰৱৰ্তী কালত 'আপীবাৰী' ৰূপে খ্যাতি লাভ কৰে । আজিও কনকলতা আইৰ কলিয়াবৰত এক বিশেষ স্থান আছে ।

অসমৰ সৰ্বপ্ৰথম মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী
তেওঁ আছিল বিয়ালিশৰ আন্দোলনত নগাঁও থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা দলটোৰ আগশাৰীৰ নেত্ৰী । অসমৰ সৰ্বপ্ৰথম মহিলা কৰাবন্দী গুণেশ্বৰী দেৱী আজিও লোকচক্ষুৰ আঁৰতে থকা এগৰাকী ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম বীৰাংগনা । কলিয়াবৰৰ কংগ্ৰেছী মহিলাৰ নেতৃত্ব লৈ গুণেশ্বৰী দেৱীয়ে খাটিছিল তিনিবাৰ কাৰাবাস । মুঠ এবছৰ এমাহ কাৰাবাস খাটিছিল যদিও প্ৰকৃত স্বীকৃতিৰ পৰা বঞ্চিত হৈ ৫৫ টকা পেঞ্চনৰে জীৱন সামৰিছিল গুণেশ্বৰী দেৱীয়ে । ২০১৫ চনত তদানীন্তন স্থানীয় বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত জখলাবন্ধাত নিৰ্মিত হ'ল তেখেতৰ এটি আৱক্ষ মূৰ্তি ।
১৯২১ চন, বৃটিছ শাসনৰ লগত জুই-পানীৰ অসহযোগ চলি থাকোতেই অসমলৈ গান্ধীজীৰ আগমন হৈছিল । ১৯২১ চনৰ ২২ আগষ্ট তাৰিখে তেজপুৰৰ পৰা জাহজেৰে বৰলুইত পাৰ হৈ পুৱাবেলা ৯:৩০ বজাত গান্ধীজীয়ে শিলঘাটত পদাৰ্পণ কৰিলেহি । শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ডাক বঙলাৰ বাকৰি লোকাৰণ্য হ'ল । সমবেত ৰাইজৰ আগত ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অসহযোগৰ তাৎপৰ্য ব্যাখ্যা কৰিলে । সেইদিনাই কলিয়াবৰবাসীৰ মন আৰু হৃদয়ত গান্ধীজীয়ে স্বৰাজৰ বীজ ৰোপন কৰিলে । ফলশ্ৰুতিত কলিয়াবৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পোখা মেলিলে ।
১৯৩০ চনৰ আৰম্ভণিৰ পৰা কলিয়াবৰ কংগ্ৰেছ কমিটি গঠন কৰা হ'ল । এই কমিটীৰ সভাপতি হ'ল গণেশ চন্দ্ৰ বৰঠাকুৰ আৰু সম্পাদক হ'ল তুৱাকান্ত গোস্বামী । জখলাবন্ধাত গণেশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰতে এখন আয়ুৰ্বেদিক ঔষধৰ দোকান আছিল । যাৰ অৱশিষ্ট আজিও বিদ্যমান । সেই দোকান ঘৰটোকে তেখেতে কংগ্ৰেছৰ কাৰ্যালয় কৰিবলৈ দিলে । গণেশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰতে আৰম্ভ কৰা কাৰ্যালয়ৰ যোগেদি কলিয়াবৰত কংগ্ৰেছ দৃঢ় হ'ল । জখলাবন্ধাত কংগ্ৰেছৰ কাৰ্যালয় খোলাৰ দিন ধৰি বৰঠাকুৰৰ পত্নী হৈ পৰিল আগৰণুৱা কংগ্ৰেছী । গুণেশ্বৰী দেৱীৰ নেতৃত্বত কলিয়াবৰত মহিলা কংগ্ৰেছে প্ৰাণ পালে ।
কলিয়াবৰৰ মহিলাসকলক একত্ৰিত কৰি পুৰুষৰ সমানে-সমানে স্বাধীনতা আন্দোলনত ভাগ ল'লে । এগৰাকী অবিসম্বাদী নেত্ৰী হৈ স্বামী গণেশ চন্দ্ৰ বৰঠাকুৰৰ প্ৰকৃত সহধৰ্মিনীৰূপে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত ভাগ ল'লে । বৃটিছৰ পুলিচী অত্যাচাৰ গা পাতি ল'লে । তিনিওটা আন্দোলনতে বৃটিছে কাৰাদণ্ড দিলে । কাৰাদণ্ডৰ লগতে জৰিমনাৰ ধন পৰিশোধ কৰিবলৈ ঘৰৰ মূল্যবান সা-সামগ্ৰীও বেচিব লগাত পৰে । তথাপিও থমকি নৰ'ল এইগৰাকী স্বাধীনতা প্ৰয়াসী সাহসী মহিলা ।
দেশ স্বাধীন হ'ল, উজনি নামনিৰ যাত্ৰাৰ সময়ত ঘৰখন হৈ পৰিল নেতা-মন্ত্ৰীৰ জিৰণি ঘৰ । গুণেশ্বৰী দেৱীয়ে স্বামীৰ সৈতে সেৱা-শুশ্ৰূষা আগবঢ়াইছিল । ১৮৯২ চনৰ ভাদ মাহত জন্মগ্ৰহণ কৰি মাত্ৰ ন বছৰ বয়সত গণেশ চন্দ্ৰ বৰঠাকুৰৰ লগত তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু নিঃসন্তান গুণশ্বৰী দেৱীয়ে নিজ স্বামীক দ্বিতীয় বিবাহ কৰাবলৈ বাধ্য কৰাইছিল । গণেশ বৰঠাকুৰৰ দ্বিতীয় পত্নীৰ চাৰি পুত্ৰ আৰু এগৰাকী জীয়ৰীক নিজ পুত্ৰ দৰে লালন-পালন কৰি ১৯৬২ চনৰ ২৫ আগষ্টত পৰলোক গমন কৰে এইগৰাকী সাহসী মহিলাই ।
কলিয়াবৰৰ জীৱন সমৃদ্ধ কৰা এই পঞ্চমহিয়সীৰ বিষয়ে চৰ্চাৰ অভাৱ । সঠিকভাৱে ৰক্ষা হোৱা নাই তেওঁলোকৰ জীৱনাকৃতি । আজিৰ প্ৰজন্মই এই পাঁচগৰাকী মহিয়সীৰ ভিতৰত মূলাগাভৰু আৰু গুণেশ্বৰী দেৱীৰ বিষয়ে তেওঁলোকৰ স্মৃতি ৰক্ষাৰ ব্যৱস্থাৰ বাবে কলিয়াবৰীয়া ৰাইজে জনাৰ সুবিধা পাইছে । আনহাতে, জয়া আইদেউৰ স্মৃতি বিজড়িত জয়সাগৰ এতিয়া বেদখলৰ কবলত । প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব নোৱৰাৰ ফলত বৃহৎ জলাশয়টোৰ অস্তিত্ব সংকটত । কমলাকুঁৱৰীৰ ত্যাগৰ নিদৰ্শন ভঁৰালী বৰুৱা পুখুৰীটো চৰকাৰী অৱহেলাৰ সাক্ষী হৈয়ে আছে । পঞ্চায়তে পুখুৰীটোৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ নামত ধন আৱণ্টন কৰে যদিও সেই ধনৰ বাস্তৱ ৰূপায়ন নহয় । পুখুৰীটো পঞ্চায়ত বিভাগৰ "সোণৰ কণী পৰা হাঁহ"লৈ ৰূপান্তৰিত হৈছে ।
তদুপৰি, কনকলতা আয়ে আশ্ৰয় লোৱা 'আপীবাৰী'ৰো বৰ বিশেষ পৰিচিতি নাই । এইক্ষেত্ৰত চৰকাৰ আৰু সংশ্লিষ্ট মহলৰ বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱীন বৰঠাকুৰে ৷

