নষ্টালজিয়া ! আজিৰ সময়ত শুনিবলৈ-দেখিবলৈ নোপোৱা তাহানিৰ ৰেডিঅ’টোলৈ বাৰু আপোনাৰ মনত পৰেনে ?
মহানগৰীৰ ক’ত আছে শতিকা পুৰণি ৰেডিঅ' ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Published : July 1, 2025 at 3:12 PM IST
গুৱাহাটী: ৰেডিঅ’ আজি সকলোৰে বাবে এক নষ্টালজিয়া । এটা সময়ত সকলো খবৰৰ প্ৰধান উৎস আছিল ৰেডিঅ' । আনকি ৰেডিঅ'ৰ বাতৰিকে ধৰি অন্যান্য অনুষ্ঠানসমূহৰ সময়ৰ সৈতে সংগতি ৰাখি মানুহে সম্পন্ন কৰিছিল দৈনন্দিন কাম-কাজ ৷ তদুপৰি ই শিক্ষা, বিনোদন, বাতৰি প্ৰচাৰ আৰু জনসচেতনতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
এই ৰেডিঅ' আছিল আভিজাত্যৰো প্ৰতীক । কিন্তু এতিয়া কিছু ম্লান পৰিছে ৰেডিঅ'ৰ জনপ্রিয়তা । ম'বাইল, ইণ্টাৰনেটৰ আগ্রাসনৰ ফলত কমি আহিছে ৰেডিঅ'ৰ জনপ্রিয়তা ৷ তথাপিও এতিয়াও আছে ৰেডিঅ'ৰ শ্রোতা । আজিৰ ডিজিটেল যুগৰ লগত খাপ খোৱাকৈ পৰম্পৰাগত এ এম/এফ এম ৰেডিঅ’ৰ উপৰিও এতিয়া ইণ্টাৰনেট ৰেডিঅ’, মোবাইল এপৰ মাধ্যমেৰে অধিক আধুনিক ৰূপত আহিছে ।
আজি অৰ্থাৎ পহিলা জুলাই, আকাশবাণী গুৱাহাটী কেন্দ্রৰ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱস । আকাশবাণী গুৱাহাটী কেন্দ্রৰ প্ৰতিষ্ঠাৰ দিনটোতে ৰেডিঅ'ৰ বিষয়ে আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন...
গুৱাহাটীৰ মাজমজিয়াত আছে এটা বিশেষ সংগ্ৰহালয়, য'ত আছে শতিকা পুৰণি বহু ৰেডিঅ' । সেই সংগ্ৰহালয়টোলৈ গ'লে আপুনিও হৈ পৰিব নষ্টালজিক । এই সংগ্ৰহালয়টো আছে গুৱাহাটীৰ ৰূপনগৰত । সংগ্ৰহালয়টো এগৰাকী ব্যক্তিৰ ২৫ বছৰীয়া কষ্টৰ ফচল ।

পৰিবহন বিভাগৰ বিষয়া দেৱ কুমাৰ বৰাই তেওঁৰ বাসগৃহতেই স্থাপন কৰিছে এই বিশেষ সংগ্ৰহালয়টো । যাৰ নাম দিয়া হৈছে ‘নষ্টালজিয়া’ । সংগ্ৰহালটোত আছে প্ৰায় ১৫০০ তকৈ অধিক আপুৰুগীয়া সম্পদ । ইয়াৰ ভিতৰত ৰেডিঅ' অন্যতম ।
পশ্চিম বংগ, চেন্নাই, মহাৰাষ্ট্ৰ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা ৰেডিঅ'বোৰ সংগ্ৰহ কৰিছে তেওঁ । কিউব চিষ্টেমৰ ৰেডিঅ'ৰ পৰা এফ এমৰ যুগলৈ সকলো ৰেডিঅ' তেওঁৰ এই সংগ্ৰহালয়টোত আছে ।

এই সন্দৰ্ভত দেৱ কুমাৰ বৰাই কয়, "মোৰ এই সংগ্ৰহালয়টোত বিভিন্ন সামগ্ৰী আছে যদিও ইয়াৰ ভিতৰত সৰ্বাধিক ৰেডিঅ' আছে । শতবৰ্ষ গৰকা ৰেডিঅ'কে ধৰি মোৰ লগত প্ৰায় ৬০ প্ৰকাৰৰ ৰেডিঅ' আছে । শতবৰ্ষ গৰকা এই ৰেডিঅ'টো নগাঁৱৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিলো । সেই পৰিয়ালটোৰ ভড়ালত পৰি থকা অৱস্থাত পাইছিলো ৰেডিঅ'টো । তেওঁলোকৰ অনুমতি সাপেক্ষে ৰেডিঅ'টো মই লৈ আহিছিলো ।’’

‘‘এই সংগ্ৰহালয়টোলৈ নৱপ্ৰজন্ম আহি ৰেডিঅ'ৰ বিৱৰ্তন জানিব পাৰিব । যিসকলে ৰেডিঅ'ৰ বিষয়ে গৱেষণা কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰিব । ইয়ালৈ আহি নৱপ্ৰজন্ম আৰু জ্যেষ্ঠ নাগৰিকসকলে খুব আমোদ পায় । এনেকুৱা এটা সময় আছিল যেতিয়া ৰেডিঅ' চলাবলৈ লাইচেন্সৰ প্ৰয়োজন হৈছিল ।’’

‘‘তদুপৰি ১৯৮০-৯০ ত ৰেডিঅ'ই ঘড়ীৰ দৰে কাম কৰিছিল । ৰেডিঅ'ৰ অনুষ্ঠান অনুকৰণ কৰিয়ে মানুহে দৈনন্দিন কাম-কাজ সম্পন্ন কৰিছিল ।"

তেওঁ লগতে কয় , ‘‘মই ২০২১ চনত এই মিউজিয়ামটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিলো । দৰ্শনাৰ্থীসকলে বিনামূলীয়াকৈ এই মিউজিয়ামটোলৈ আহিব পাৰে । সংগ্ৰহালয়টো এই সামগ্ৰীবোৰ সংগ্ৰহ কৰাটো ইমান সহজ নাছিল । প্ৰতিটো সামগ্ৰী সংগ্ৰহৰ মাজত এটা এটা কাহিনী লুকাই আছে ।’’

‘‘মোৰ কলেজীয়া দিনৰে পৰা পুৰণি সামগ্ৰী সংগ্ৰহ কৰাৰ প্ৰতি আকৰ্ষণ আছিল । এয়া পৰৱৰ্তী সময়ত হবিলৈ ৰূপান্তৰ হয় । এই সংগ্ৰহালয়টোলৈ আৰু পৰিকল্পনা আছে । ভৱিষ্যতে এটা ন্যাস গঠন কৰি সংগ্ৰাহলয়টো পৰিচালনা কৰাৰ পৰিকল্পনা আছে ।"

