ETV Bharat / state

চৰাইদেউ মৈদামত টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ৪২ খন শৰাই উচৰ্গা - TAI RELIGIOUS TRADITIONAL CEREMONY

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হয় ৪২ খন শৰাই উচৰ্গা অনুষ্ঠান ।

Tai religious traditional ceremony held at Charaideo Maidam
চৰাইদেউ মৈদামত টাই ধৰ্মীয় পৰম্পৰাগত অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 9:07 PM IST

3 Min Read

মৰাণ: আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰি আহিছে ঐতিহাসিক চৰাইদেউ মৈদামে । ২০২৪ চনৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্কোৱে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে । ইজিপ্তৰ পিৰামিডৰ আকাৰৰ চৰাইদেউৰ মৈদামসমূহে আহোম ৰাজ পৰিয়ালৰ চানেকি বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে ।

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতে দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে । বিশ্ব ঐতিহ্য ক্ষেত্ৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ মাজতে চৰাইদেউৰ ৰাইজে মঙলবাৰে পৰম্পৰা ৰক্ষা কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত কৰিলে টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ৪২ খন শৰাই উচৰ্গা অনুষ্ঠান । চৰাইদেউ মৈদাম ক্ষেত্ৰত সমাধিস্থ কৰাসকলৰ পূণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ।

চৰাইদেউ মৈদামত টাই ধৰ্মীয় পৰম্পৰাগত অনুষ্ঠান (ETV Bharat Assam)

এইবাৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি দুদিনীয়াকৈ চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৭৪ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠানৰ আজি সামৰণি পৰে । আজি এই অনুষ্ঠানত ধৰ্মীয় নীতি-নিয়ম অনুসৰি টাই পুৰোহিত আৰু মহন দেওধাই পুৰোহিতে আহোমৰ উপৰি পুৰুষ, পুলিন-পুথাওসকলক শ্ৰদ্ধাৰে সুঁৱৰি বাঁহৰ মেহেঙা সাজি লুক-লাও, কণী, বৰা চাউল, কুকুৰা, ধূপ-কল, গুৱা-পাণ, চাকি জ্বলাই নৈবেদ্য আগবঢ়াই বান-ফী পূজা সম্পন্ন কৰাৰ লগতে আহোম স্বৰ্গদেউসকলৰ স্মৃতিত ৪২ খন পায়সৰ শৰাই উচৰ্গা কৰে ।

স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলক শ্ৰদ্ধা জনাই ১৯৫২ চনৰ পৰা অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান:

আহোম ৰাজ শাসনৰ যোগেদি বৰ অসম গঢ়াত অৱদান আগবঢ়োৱা স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৫২ চনৰ পৰা ধাৰাবাহিকভাৱে পৰম্পৰাগত ৰীতি-নীতিৰে ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত ৪২ খন শৰাই দিয়া অনুষ্ঠান প্ৰতিবছৰে পালন কৰি আহিছে ৰাইজে । প্ৰতিবছৰে চ'ত মাহৰ কৃষ্ণা চতুৰ্থী তিথিত পালন কৰা তৰ্পণ অনুষ্ঠানটি সম্পূৰ্ণ টাই ধৰ্মীয় পৰম্পৰা ৰীতি-নীতিৰে সম্পন্ন হয় ।

১৯৫২ চনত এটা পৰিয়ালে এই অনুষ্ঠান আৰম্ভ কৰিছিল:

টাই আহোমসকলে ধৰ্মীয় পৰম্পৰাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, "স্বৰ্গদেউসকলক শ্ৰদ্ধা জনাই ১৯৫২ চনৰ পৰা এই অনুষ্ঠান কৰি অহা হৈছে । ফাগুন মাহৰ কৃষ্ণা চতুৰ্থী তিথিত এই অনুষ্ঠান পালন কৰা হয় । চৰাইদেউৰ গনেশ ৰাজকোঁৱৰ নামৰ এটা পৰিয়ালে '৫২ চনত এই অনুষ্ঠান কৰিছিল । ইয়াৰ পাছতে সমূহীয়াকৈ এই অনুষ্ঠান কৰি অহা হৈছে । অহাবছৰ এই অনুষ্ঠানটোৱে ৭৫ বৰ্ষত ভৰি দিব ৷ সেয়ে অতি আটকধুনীয়াকৈ এই অনুষ্ঠানটো কৰা হ'ব ।"

লগতে পঢ়ক: ক’ত আৰু কেনে অৱস্থাত আছে দিহিঙীয়া ৰজাৰ মৈদাম ? - HISTORIC SUHUNGMUNG MAIDAM

ক'ত কেনেদৰে আছে মণিৰাম দেৱানৰ সমাধি ? - MANIRAM DEWAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.