বিমানত উঠা নহ'ল চেঙেলীৰ ! জঁপিয়াই থাকোতেই ধৰি নিলে বন বিভাগে
উৰাজাহাজত উঠো উঠো কৰোতেই লাগিল কেণা ৷ কলকাতা চফৰ তাতেই থমকিল ৷

Published : March 16, 2025 at 5:38 PM IST
ডিব্ৰুগড় : কোনোবাই কয় চেঙা, কোনোবাই চেঙেলী, কোনোৱে চেং ৷ মুঠতে যি নামেৰেই নামাতক কিয় মাছ কিন্তু একেটাই ৷ ঠাইভেদে নামহে বেলেগ বেলেগ ৷ অসমৰ খালে-ডোঙে পোৱা এইবিধ মাছ চিনি নোপোৱা অসমীয়া মানুহ বোধকৰো নোলাব ৷ কিন্তু অসমত গুৰুত্ব নোহোৱা এইবিধ মাছৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত কোটি টকা ৷ দেওবাৰে এনেকুৱা ৩২ কাৰ্টন জীয়া চেঙেলী মাছেই কলকাতালৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়ত ধৰা পৰিল ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত ৷
ইণ্ডিগ' বিমানেৰে কলকাতালৈ সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে বন বিভাগে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে চেঙা বা চেঙেলী মাছৰ কাৰ্টনকেইটা । বিমানবন্দৰত অভিযান চলাই বন বিভাগে জব্দ কৰে প্ৰায় ২৩০০ টা চেঙা মাছ । ইণ্ডিগ' বিমানেৰে ৩২ টা কাৰ্টনত ২৩০০ টা চেঙা মাছ কলকাতালৈ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে । তিনিচুকীয়াৰ গুঁইজানৰ পৰা কলকাতালৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে বন বিভাগে জব্দ কৰে মাছৰ কাৰ্টনকেইটা ।
ইফালে এই বিৰল প্ৰজাতিৰ মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ৫ কোটিৰো অধিক বুলি জানিব পৰা গৈছে । এই মাছসমূহ সৰবৰাহ কৰা দুজন লোকক ইতিমধ্যে আটক কৰি জেৰা চলাইছে ডিব্ৰুগড়ৰ বন বিভাগে । আটকাধীন লোককেইজন যদু চৰকাৰ আৰু শ্ৰীৰাম চৰকাৰ বুলি জানিব পৰা গৈছে । জানিব পৰা মতে তিনিচুকীয়াকে ধৰি উজনিৰ বিভিন্ন ঠাইৰ পৰা এই দুষ্প্ৰাপ্য মাছ সংগ্ৰহ কৰি সৰবৰাহ কৰি আহিছে আটকাধীন এই চক্ৰটোৱে ।
এটা বছৰ পূৰ্বেও এই একেটা চক্ৰই বহিঃৰাজ্যলৈ বৃহৎ পৰিমাণৰ চেঙা মাছ সৰবৰাহ কৰোতে জালত পৰিছিল বন বিভাগৰ । সমগ্ৰ ঘটনাক লৈ ডিব্ৰুগড় বন বিভাগে আৰম্ভ কৰিছে তদন্ত । বৃহৎ পৰিমাণৰ চেঙা মাছখিনি জব্দ কৰাৰ পাছতে বন বিষয়াই কয়, "এই মাছখিনি চানা বাৰ্কা প্ৰজাতিৰ হয়নে নহয় সেয়া পৰীক্ষা কৰাৰ পাছতহে জানিব পৰা যাব । এই মাছবিধৰ কলকাতাৰ লগতে বহিঃৰাজ্যত চাহিদা বেছি বাবে তেওঁলোকে সৰবৰাহ কৰে । ইয়াৰ পূৰ্বেও চেঙা মাছ জব্দ হোৱা এক গোচৰৰ শুনানি উচ্চ ন্যায়ালয়ত চলি আছে ।"
ইফালে সৰবৰাহকাৰীয়ে কয়, "বিগত পোন্ধৰ বছৰ ধৰি আমি এই মাছৰ সৰবৰাহ কৰি আহিছো । এই মাছবিধ বিভিন্ন বজাৰ, বিলৰ পৰা সংগ্ৰহ কৰা হয় । অসমৰ তুলনাত কলকাতাৰ বজাৰত ইয়াৰ মূল্য বেছি বাবে ইয়াৰ পৰা সংগ্ৰহ কৰি তালৈ প্ৰেৰণ কৰো । কলকাতাৰ বজাৰত এটা মাছ ১০০ৰ পৰা ১২০ টকা মূল্য পোৱা যায় । ইয়াৰ পূৰ্বেও আমাক বন বিভাগে ধৰিছিল, তাৰ গোচৰ উচ্চ ন্যায়ালয়ত চলি আছে ।"
লগতে পঢ়ক :মাছ কটা দাৰেই গ্ৰাহকক ঘপিয়ালে মাছ বেপাৰীয়ে: ডিফু অচল - TENSE IN DIPHU FISH MARKET

