ETV Bharat / state

ঘৰৰ চৌহদতে উদ্ধাৰ মৃতদেহ : নিঃশেষ এটা ৩ জনীয়া পৰিয়াল

লাটমণ্ডল দীপক নাথ, তেওঁৰ পত্নী আৰু একমাত্ৰ সন্তানৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য দৰঙত । দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱাৰ সন্দেহ ।

Sipajhar suspected murder case
ছিপাঝাৰত ঘৰৰ চৌহদতে উদ্ধাৰ মৃতদেহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 12, 2025 at 9:16 AM IST

|

Updated : September 12, 2025 at 10:53 AM IST

4 Min Read
Choose ETV Bharat

দৰং : দৰং জিলাৰ ছিপাঝাৰৰ নাৰিকলি পুণিয়াত শিহৰণকাৰী ঘটনা । ঘৰৰ চৌহদত উদ্ধাৰ ৩ জনীয়া এটা পৰিয়ালৰ মৃতদেহ । ঘৰৰ বাহিৰত পৰি আছে মুৰব্বীৰ মৃতদেহ । আনহাতে ঘৰৰ ভিতৰত পৰি আছে তেওঁৰ পত্নী আৰু একমাত্ৰ সন্তানৰ ৰক্তাক্ত মৃতদেহ । এই ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কিন্তু ৩ জনীয়া পৰিয়ালটোৰ সৈতে আচলতে কি হ'ল ? তাক ভাবি হতবাক পৰিয়াল আৰু স্থানীয় ৰাইজ । কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে ।

উদ্ধাৰ হোৱা মৃতদেহ কেইটা ক্ৰমে দীপক নাথ, পত্নী প্ৰতিমা নাথ আৰু একমাত্ৰ পুত্ৰ ধৃতিৰাজ নাথ বুলি চিনাক্ত হৈছে । দীপক নাথ বকো ৰাজহ চক্ৰৰ লাটমণ্ডল আছিল বুলি জানিব পৰা গৈছে । ইফালে ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল । ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ঘটনাস্থলীত ছিপাঝাৰ থানাৰ আৰক্ষীসহ দৰঙৰ আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ছিপাঝাৰত ঘৰৰ চৌহদতে উদ্ধাৰ মৃতদেহ (ETV Bharat)

ঘটনা সন্দৰ্ভত উপ আৰক্ষী অধীক্ষক(ক্ৰাইম) ৰ’জী তালুকদাৰে কয়, "প্ৰাৰম্ভিক তদন্তত আমি হত্যাকাণ্ড বুলিয়ে ধৰিছোঁ । সেইমতে আমাৰ তদন্ত আগবঢ়াই লৈ গৈছোঁ । তেওঁলোকৰ মোবাইল ফোন উদ্ধাৰ কৰিছোঁ, তদন্ত জোৰদাৰ ৰূপত চলি আছে । হত্যাকাৰী কৰায়ত্ত নোহোৱালৈকে চলি থাকিব । আৰক্ষীৰ প্ৰাথমিক তদন্তত হত্যাকাণ্ড বুলি ধৰি তদন্ত আগবঢ়াই নিছো । ঘটনাস্থলীত নিশাই চিআইডি, ফিংগাৰপ্ৰিণ্ট ব্যুৰো, ফৰেনচিকৰ দল উপস্থিত হৈ তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে । স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুই এজনক সোধা-পোছা কৰিছে যদিও কাকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই ।" ইফালে ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা দণ্ডাধীশ ৰিতিমণি দাস উপস্থিত হৈ ঘটনাৰ অন্যান্য দিশসমূহ চোৱাৰ লগতে মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

জানিব পৰা মতে প্ৰায় ১০ বছৰ পূৰ্বে পৈত্ৰিক গৃহৰ পৰা আহি নাৰিকলিৰ পুণিয়া গাওঁখনত নিগাজিকৈ থাকিবলৈ লৈছিল দীপক নাথে । এই ঘটনাক সহজভাৱে ল'ব পৰা নাই দীপক নাথৰ ভাতৃ তথা পৰিয়ালে ।

ঘটনা সন্দৰ্ভত ভাতৃয়ে কয়, "২ বজাত গাখীৰ আনিবলৈ ২-৩ বাৰ ফোন কৰিছিলো । বৌৱে ফোন ৰিচিভ কৰা নাছিল । ভাবিছিলো কিবা ঘৰুৱা কামত ব্যস্ত হৈ আছে । সেইকাৰণে সন্ধিয়া গাখীৰ আৰু নামঘৰৰ প্ৰসাদ লৈ আহিলো । ওচৰৰে এগৰাকী মহিলাই মোক দেখি সুধিলে বৌৱহঁত ক'ত গৈছে ? তেওঁ ফোন কৰিছিল কিন্তু ৰিচিভ কৰা নাই । তেনেকৈয়ে আলোচনা কৰি গেটৰ ওপৰৰে চাওতে ভিতৰত মানুহ এজন পৰি থকা দেখিলো । তাৰ পিছত গেট পাৰ হৈ আহি দেখোঁ আমাৰ ককাইদেউৰ মৃতদেহ চোতালত পৰি আছে । ভিতৰত গৈ দেখিলো বৌ আৰু বাবুৰ মৃতদেহ ভিতৰত বিচনাৰ কাষতে পৰি আছে । তাৰ পিছত মই ঘৰৰ আন আন পৰিয়ালৰ লগত যোগাযোগ কৰিলো । ঘটনাটো ৰাতি হৈছে নে দিনত হৈছে ধৰিব পৰা নাই ।"

ইফালে দীপক নাথ আৰু তেওঁৰ পৰিয়ালটোক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে । স্থানীয় লোকৰ মতে দীপক নাথ অঞ্চলটোৰ এজন সৰবৰাহী লোক আছিল । কিন্তু কি কাৰণত আৰু কোনে পৰিয়ালটোক নিঃশেষ কৰিলে সেয়া সন্দেহৰ আৱৰ্তত । এই ক্ষেত্ৰত শীঘ্ৰে তদন্ত কৰি দীপক নাথৰ পৰিয়ালৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰ আহ্বান জনাই স্থানীয় লোকসকলে ।

লগতে পঢ়ক :নগাই আকৌ চলালে জৰীপ; মৰিম-মাৰিম সংকল্পৰে নগাৰ বিৰুদ্ধে সংগ্ৰাম ঘোষণা

Last Updated : September 12, 2025 at 10:53 AM IST