ETV Bharat / state

ছিপাঝাৰ ট্ৰিপল মাৰ্ডাৰ; অট্টালিকাৰ চাৰি মহলাত উদ্ধাৰ খুকুৰী, ম'বাইলফোন

আৰক্ষীয়ে ঘটনাস্থলী তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পিচতো উদ্ধাৰ হোৱা নাছিল কোনো অস্ত্ৰ । ৰহস্যজনকভাৱে শুকুৰবাৰে পুৱাই সেই স্থানতেই উদ্ধাৰ অস্ত্ৰ ।

SIPAJHAR TRIPLE MURDER CASE
নাৰিকলি পুণিয়াত সংঘটিত শিহৰণকাৰী ঘটনাত মৃত্য়ু হোৱা পিতা-পুত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 12, 2025 at 5:55 PM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ/ নলবাৰী : দৰং জিলাৰ ছিপাঝাৰৰ নাৰিকলি পুণিয়াত সংঘটিত শিহৰণকাৰী ঘটনাক লৈ আজিও অন্ত পৰা নাই ৰহস্য়ৰ । কোনে সংঘটিত কৰিছিল এই ট্ৰিপল মাৰ্ডাৰৰ ঘটনাটো ? এই ঘটনাটো সংঘটিত হোৱাৰ পিচত কালি (বৃহস্পতিবাৰ) আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাইছিল যদিও লাভ কৰা নাছিল কোনো তথ্য় । ইয়াৰ মাজতেই আজি (শুকুৰবাৰ) উদ্ধাৰ হৈছে এখন খুকুৰী, এটা ম'বাইল ফোনৰ আৰু এযোৰ চেণ্ডল ।

কালি ঘটনাস্থলীত নিশাই চিআইডি, ফিংগাৰপ্ৰিণ্ট ব্যুৰো, ফৰেনচিকৰ দল উপস্থিত হৈ তন্নতন্নকৈ পৰীক্ষা-নিৰীক্ষা কৰিছিল যদিও লাভ কৰা নাছিল কোনো তথ্য় । আনকি স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুই এজনক সোধা-পোছা কৰিছিল যদিও একো সম্ভেদেই পোৱা নাছিল; কিন্তু নিহত দীপক নাথৰ পৰিয়ালৰ লোকে অট্টালিকাৰ চাৰি মহলাৰ ওপৰৰ চাদখনৰ পৰা এখন খুকুৰী, এটা ম'বাইল ফোনৰ আৰু এযোৰ চেণ্ডল উদ্ধাৰ কৰাৰ পিচতেই ঘটনাই লৈছে নতুন মোৰ ।

অট্টালিকাৰ চাৰি মহলাত উদ্ধাৰ খুকুৰী,ম'বাইল ফোন (ETV Bharat Assam)

কালি আত্মীয় আৰু স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পিচতো নিশা ঘৰটোত আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা নকৰি ঘৰটোত কাকো নজনোৱাকৈয়ে তলা মাৰি থৈ গৈছিল । আজি এই সামগ্ৰী উদ্ধাৰ হোৱাৰ পিচতেই স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে ।

ডিআইজি ইন্দ্ৰানী বৰুৱাই কি কয় ?

ছিপাঝাৰৰ নাৰিকলি পুণিয়াত সংঘটিত শিহৰণকাৰী ঘটনাৰ ঘৰটোৰ চৌহদত উদ্ধাৰ হৈছিল ৩ জনীয়া এটা পৰিয়ালৰ মৃতদেহ । ইপিনে, এই ঘটনা সন্দৰ্ভত ছিপাঝাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ক্লু লাভ কৰা বুলি মন্তব্য় কৰিছে ডিআইজি ইন্দ্ৰানী বৰুৱাই ।

আজি নলবাৰীত সাংবাদিকৰ আগত ডিআইজি ইন্দ্ৰানী বৰুৱাই কয়, "হত্য়াকাণ্ড বুলি সন্দেহ কৰিছো যদিও আমি ক্লু পাইছো । যিটো খুকুৰীৰে হত্য়াকাণ্ড সংঘটিত কৰিছিল সেইটো উদ্ধাৰ কৰা হৈছে । ইতিমধ্য়ে চিআইডি দল আহিছে । অতি শীঘ্ৰে ঘটনাটো পোহৰলৈ আহিব ।"

আনহাতে, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ দুৰ্গেশ্বৰ শৰ্মাই কয়, "বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে পিতৃ-মাতৃ আৰু পুত্ৰৰ মৃতদেহ । এতিয়ালৈকে মৰণোত্তৰ পৰীক্ষা আৰম্ভই কৰা নাই তিনিওটা মৃতদেহৰ । চিকিৎসালয় কৰ্তৃপক্ষলৈ আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ ইনকুৱেষ্ট ৰিপ'ৰ্ট দিয়া নাই আৰক্ষীয়ে । অৱশ্যে ফৰেনচিক, ছাৰ্জাৰী কে ধৰি তিনিজনীয়া চিকিৎসকৰে এখন কমিটী গঠন কৰি ৰাখিছে যদিও ৰিকুৱেশ্যন লেটাৰ পোৱা নাই বাবে অপেক্ষা কৰি আছে চিকিৎসকৰ দলটিয়ে। ইনকুৱেষ্ট ৰিপ'ৰ্ট অহাৰ পিছতে প্ৰথমে চিকিৎসকৰ দলটোৱে প্ৰাথমিক অনুসন্ধান চলাব, তাৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে আগবাঢ়িব আৰু যদি তিনিজনীয়া কমিটীখনে সিদ্ধান্ত ল'ব নোৱাৰে তেনেহ'লে জি এম চি এইচলৈ প্ৰেৰণ কৰাৰ সম্ভবনাও আছে ।" স্থানীয় ৰাইজে দোষীক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ।

লগতে পঢ়ক:ঘৰৰ চৌহদতে উদ্ধাৰ মৃতদেহ : নিঃশেষ এটা ৩ জনীয়া পৰিয়াল