ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত SusChemHeca-2024 সন্মিলন

SusChemHeca-2024: তেজপুৰ বিশ্ববিদ্যালয়ত ফৰেনছিক বিশ্লেষণৰ দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন । বৃহস্পতিবাৰৰ পৰা বিশ্ববিদ্য়ালয়খনত আৰম্ভ হয় SusChemHeca-2024, শীৰ্ষক সন্মিলনখনৰ । উক্ত সন্মিলনত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে বিখ্যাত শিক্ষাবিদ চীনৰ শ্বানডং বিশ্ববিদ্যালয়ৰ অধ্যাপক পেইঝৌ লিয়ে ।

SusChemHeca-2024 Conference held in Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত SusChemHeca-2024 সন্মিলন
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 7:41 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ,১৪ মাৰ্চ : তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হয় SusChemHeca-2024, শীৰ্ষক এক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন । এই সন্মিলনত সমগ্ৰ বিশ্বৰ শিক্ষা, উদ্যোগ আৰু গৱেষণা প্ৰতিষ্ঠানৰ কেইবাগৰাকীও আগশাৰীৰ লোকক একত্ৰিত হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিখ্যাত শিক্ষাবিদ চীনৰ শ্বানডং বিশ্ববিদ্যালয়ৰ অধ্যাপক পেইঝৌ লি । অধ্যাপক লিয়ে ভাৰ্ছুৱেলী যোগদান কৰি মূল বক্তৃতা প্ৰদান কৰে ।

SusChemHeca-2024 Conference held in Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত SusChemHeca-2024 সন্মিলন

এই উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে ভাষণ প্ৰসংগত কয় যে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে সকলোৰে বাবে উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যৎ লাভৰ বাবে এক ব্লুপ্ৰিণ্ট হিচাপে ডিজাইন কৰা ১৭ টা আন্তঃসংলগ্ন বিশ্ব লক্ষ্যৰ সংকলন । গতিকে এখন উন্নত পৃথিৱী সৃষ্টিৰ বাবে বহনক্ষমতাৰ ক্ষেত্ৰত কাম কৰাটো উচ্চ শিক্ষানুষ্ঠানসমূহৰ কৰ্তব্য ।

  • " class="align-text-top noRightClick twitterSection" data="">

আদৰণি ভাষণ প্ৰদান কৰি অধ্যাপক পঞ্চানন পূজাৰীয়ে ফৰেনছিক বিশ্লেষণ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, “ফৰেনছিক বিশ্লেষণে অপৰাধমূলক তদন্ত আৰু আইনী কাৰ্যবিধিত মৌলিক ভূমিকা পালন কৰে । ইয়াক প্ৰায়ে অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্তকৰণ আৰু ব্যক্তিগতকৰণৰ বাবে ব্যৱহাৰ কৰা হয় ।”বিজ্ঞান বিদ্যালয়ৰ ডীন অধ্যাপক ৰবীন কে দত্তই কয় যে এই সন্মিলনত বিভিন্ন বিষয় যেনে, ঔষধ ৰসায়ন, ঔষধ আৱিষ্কাৰ ফৰেনছিক বিজ্ঞানৰ বিশ্লেষণাত্মক কৌশল আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োগৰ বাবে নেন’টেকন’লজী আদি বিষয়সমূহ উপস্থাপন কৰা হ’ব ।

SusChemHeca-2024 Conference held in Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত SusChemHeca-2024 সন্মিলন

ভাৰ্ছুৱেলী যোগদান কৰি অধ্যাপক লিয়ে ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰখনৰ শিক্ষাবিদ আৰু গৱেষকসকলক আজিৰ বিশ্বই সন্মুখীন হোৱা কিছুমান অতি জৰুৰী প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, "সহযোগিতা আৰু জ্ঞান বিনিময়ৰ জৰিয়তে আমি পৰিৱৰ্তনশীল উদ্ভাৱনসমূহক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্য ৰাখিছো । যিয়ে বহনক্ষমতা, উন্নত স্বাস্থ্যসেৱাৰ ফলাফল, আৰু ফৰেনছিক বিশ্লেষণৰ উন্নতিত অৰিহণা যোগাব ।" এই সন্মিলনত আমেৰিকাৰ আলাবামা বিশ্ববিদ্যালয়ৰ দৰে বিভিন্ন বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ প্ৰেৰী ৰিচাৰ্চ ইনষ্টিটিউট, আমেৰিকা, জাপানৰ কিউছু বিশ্ববিদ্যালয়, কে ইউ লিউভেন, বেলজিয়াম আদিৰ বক্তাসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: গুণোৎসৱৰ ফলাফল অনুসৰি বিদ্যালয়সমূহক শিক্ষা বিভাগৰ পুৰস্কাৰ প্ৰদান