নন্দিনী কাকতিসহ ১৩ গৰাকী ৰাজপত্রিত বিষয়াৰ উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা
বৃহস্পতিবাৰে ১৩ ৰাজপত্ৰিত বিষয়াৰ আবেদন খাৰিজ কৰি গোচৰটো নিষ্পত্তি কৰে দেশৰ উচ্চতম ন্যায়ালয়ে ।

Published : May 22, 2025 at 11:56 PM IST
গুৱাহাটী: ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাবলৈ গৈ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে ৰাজপত্ৰিত বিষয়া নন্দিনী কাকতিসহ আন ১৩ গৰাকী ৰাজপত্রিত বিষয়াই ।
বৃহস্পতিবাৰে ১৩ ৰাজপত্ৰিত বিষয়াৰ আবেদন খাৰিজ কৰি গোচৰটো নিষ্পত্তি কৰে দেশৰ উচ্চতম ন্যায়ালয়ে । ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে এতিয়া ১৩ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে তদন্তৰ পথ প্ৰশস্ত হৈ পৰিল ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দেৰেশ আৰু ন্যায়াধীশ ৰাজেশ বিন্দালৰ দুজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰি ১৩ ৰাজপত্ৰিত বিষয়াৰ আবেদন খাৰিজ কৰে ।
এই ১৩ গৰাকী ৰাজপত্ৰিত বিষয়া ক্ৰমে নন্দিনী কাকতি, আকাশী দুৱৰা, ৰুমীৰ তিমুংপী, ধ্ৰুৱজ্যোতি হাতীবৰুৱা, হিতেশ মজুমদাৰ, কুলদীপ ভট্টাচাৰ্য, ফাৰুক আহমেদ, অনলজ্যোতি দাস, কল্যাণ কুমাৰ দাস, বিকাশ শৰ্মা, জয়ন্ত দলে, প্ৰিয়ংকা ডেকা আৰু সৌৰভপ্ৰাণ শৰ্মা । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়েও তেওঁলোকৰ আবেদন খাৰিজ কৰিছিল ।

এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰাৰ পিছতো এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্ত গোট (এছ আই টি)-এ সঠিক তদন্ত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ কথা বিশেষ ন্যায়াধীশৰ আদালতত উন্মোচিত হৈছিল ।
এইক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়াৰ ব্যৰ্থতাৰ বাবে যোৱা বছৰ ছেপ্টেম্বৰত বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিচাৰপীঠৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰে তদন্তকাৰী বিষয়া প্ৰতীক থুবেক আঁতৰ কৰি তদন্তৰ দায়িত্ব নতুনকৈ চি আই ডিৰ ডি এছ পি উপেন কলিতাক অৰ্পণ কৰিছিল ।
উল্লেখ্য যে, এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰা বিষয়াসকলৰ বেছিভাগেই এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল । প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনত এই বিষয়াসকল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ৰহস্য উদঘাটন কৰা হৈছিল ।
কিন্তু তাৰপিছতো এই ১৩ গৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ তদন্ত গোট (এছ আই টি)-এ সঠিক তদন্ত কৰা নাছিল ।

প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদন অনুসৰি, এ পি এছ চিৰ মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ জোখেৰে নম্বৰ লাভ নকৰা কমেও ২০ গৰাকী প্ৰাৰ্থীৰ উত্তৰবহীত আৰু টেবুলেচন শ্বীটত এ পি এছ চিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালে নম্বৰ বঢ়াই দি সাক্ষাৎকাৰলৈ প্ৰেৰণ কৰিছিল । মৌখিক সাক্ষাৎকাৰতো তেওঁলোকক সর্বাধিক নম্বৰ দিয়া হৈছিল ।
আনহাতে, প্রায় ১২ গৰাকী প্রার্থীয়ে মূল পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁলোকৰো নম্বৰ বঢ়াই পচন্দৰ সেৱা বা পদ লাভ কৰাত পাল বাহিনীয়ে সহায় কৰিছিল বুলি ন্যায়িক আয়োগে আঙুলিয়াই দিছিল । এই প্রার্থীসকলক ন্যূনতম ৬০-২৮০ পর্যন্ত নম্বৰ বৃদ্ধি কৰি উত্তীৰ্ণ কৰাই দিয়া হৈছিল ।
আশ্চর্যজনকভাৱে একাধিক প্ৰাৰ্থীৰ সকলো উত্তৰবহী পর্যন্ত নাইকীয়া কৰি পেলোৱা হৈছিল । ন্যায়িক তদন্তত পোহৰলৈ অহা তথ্য মতে, এ চি এছ বিষয়া , আকাশী দুৱৰা, ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু হিতেশ মজুমদাৰে ২০১৩ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ‘ফেইল’ কৰিছিল । ৰাকেশ পাল বাহিনীয়ে নম্বৰ বঢ়াই দি সাক্ষাৎকাৰলৈ পঠিওৱাৰ পাছত চূড়ান্ত বাছনি তালিকাত দুৱৰাই ৫৭ নং, মজুমদাৰে ৪৭ নং আৰু হাতীবৰুৱাই ৫১ নং স্থান লাভ কৰিছিল ।
সেই বছৰ বাছনি কৰা ৬০ গৰাকী এ পি এছ বিষয়াৰ তালিকাত ৩ নং স্থানপ্রাপ্ত কল্যাণ কুমাৰ দাস, ৭ নং স্থানপ্রাপ্ত ফাৰুক আহমেদ, ২১ নং স্থানপ্রাপ্ত কুলপ্রদীপ ভট্টাচার্য, ৩১ নং স্থানপ্রাপ্ত নন্দিনী কাকতি, ৫১ নং স্থানপ্রাপ্ত ৰুমীৰ তিমুংপীয়ে সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাত ‘ফেইল' কৰিছিল ।

উল্লেখ্য যে, নন্দিনী কাকতিৰ সকলো উত্তৰবহী এ পি এছ চিৰপৰা অন্তৰ্ধান হোৱা বুলি তদন্তত পোহৰলৈ আহিছিল । একেদৰে আবকাৰী পৰিদৰ্শকৰ পদত বাছনি হোৱা সৌৰভপ্ৰাণ শৰ্মা (৫ নং স্থান) মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ জোখেৰে নম্বৰ লাভ কৰা নাছিল । তেওঁলোকক মূল টেবুলেচন শ্বীটত নম্বৰ বঢ়াই দি উত্তীৰ্ণ কৰোৱা হৈছিল ।
এই বিষয়াসকলৰ নম্বৰ সম্বলিত টেবুলেচন শ্বীট এ পি এছ চিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত কৰোৱা নথিপত্ৰৰ ফৰেণচিক পৰীক্ষাতো এই প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কৰা জালিয়াতি প্ৰমাণ হৈছিল যদিও ৰহস্যজনকভাৱে তেওঁলোকক সেই সময়ত তদন্তৰ আওতালৈ অনা হোৱা নাছিল ।
লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ আকস্মিক মৃত্যু

