ত্ৰিশূলেৰে ভূত খেদিবলৈ গৈ ৰঙাঘৰত সোমাল আই
দেশে পালন কৰিছে ৰাষ্ট্ৰীয় বিজ্ঞান দিবস । ইফালে ভূত খেদাৰ নামত মহিলাক শাৰিৰীক নিৰ্যাতনৰ অভিযোগ ।

Published : February 28, 2025 at 8:03 PM IST
জোনাই: আপোনাৰ গাত যদি আত্মা বা ভূতে লম্ভিছে তেন্তে আহক জোনাইৰ নেপালী বস্তিস্থিত মিগম দলুঙত থকা জ্যোতিৰ্লিংগ মন্দিৰলৈ । এই মন্দিৰত থকা আইগৰাকীয়ে নিমিষতে আঁতৰাব ভূত । ভূত খেদা অস্ত্ৰ হ'ল এপাট ত্ৰিশূল । সমগ্ৰ দেশতে মঙলবাৰে পালন কৰা হয় শিৱৰাত্ৰি । কিন্তু এই শিৱৰাত্ৰিৰ মাজতে জোনাইৰ এই জ্যোতিৰ্লিংগ মন্দিৰত দেখিবলৈ পোৱা গ'ল এক বিৰূপ দৃশ্য । মন্দিৰলৈ আহিল অগণন ভক্ত । ভক্তসকলে নাচিলে, স্ফূৰ্তিও কৰিলে ।
কিন্তু এই ভক্তৰ মাজতে উপস্থিত হ'ল গাত ভূতে লম্ভা এগৰাকী মহিলা । মন্দিৰৰ আইগৰাকীৰ ভূতে লম্ভা মহিলাগৰাকীলৈ পৰিল নজৰ । লগে লগে মহিলাগৰাকীক ধৰি মাটিত বগৰাই আৰম্ভ কৰিলে মহিলাগৰাকীৰ গাৰ পৰা ভূত খেদা পৰ্ব । মহিলাগৰাকীয়ে বহু কাকুতি কৰাৰ পিছতো আয়ে নামানিলে, তেওঁৰ গাৰ পৰা ভূত খেদাবই ।
মন্দিৰৰ আইগৰাকীয়ে জনাই যে তেওঁ বহু ভূত লগা মানুহক ভাল কৰিছে আৰু এয়া কোনো ডাক্তৰে ঠিক কৰিব নোৱাৰে । ইফালে বিগত কেইবাবছৰ আগৰ পৰা মন্দিৰৰ আইগৰাকীয়ে বিভিন্ন ৰোগত ভুগি থকা অথবা ভূত বা আত্মাই লম্ভা বহুজনক হেনো কৰি আহিছে শুশ্ৰূষা !
এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । বিজ্ঞানৰ যুগতো এইদৰে অন্ধবিশ্বাসে স্থান পোৱা কাৰ্যক লৈ এতিয়া জোনাইত বহুজনৰ মুখে মুখে চলিছে চৰ্চা । অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰকৃতিকৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাই কয়, "আজি এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনত এনে কাৰ্য অতি নিন্দনীয় । আজিও যে এনে অন্ধবিশ্বাস চলি আছে এনে কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি লাগে আৰু ৰাইজ সচেতন হ'ব লাগে ।"
আনহাতে জোনাইৰ অন্ধবিশ্বাসকাণ্ডৰ আইগৰাকীক আটক কৰি বৰ্তমান জোনাই আৰক্ষীৰ জিম্মাত ৰখা হৈছে । বিভিন্ন সংবাদমাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পিছতে জোনাইৰ মিগম দলুঙৰ জ্যোতিৰ্লিংগ মন্দিৰৰ মূল আইগৰাকীক আটক কৰে জোনাই আৰক্ষীয়ে । জোনাই আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বৰ্তমানে অভিযুক্ত আইগৰাকীক সোধাপোছা অব্যাহত ৰাখিছে ।
তাৰোপৰি আত্মা খেদাৰ নামত শিৱৰ ত্ৰিশূলেৰে নিৰ্যাতিত হোৱা মহিলাগৰাকীক জোনাই আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে গহপুৰ ৰজাবাৰীৰ পৰা জোনাই আৰক্ষী থানালৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে জোনাই আৰক্ষী প্ৰশাসনে ।

