ETV Bharat / state

সুনীল গগৈকাণ্ড : ঢকুৱাখনাত পুনৰ ফৰেনচিক বিশেষজ্ঞৰ দল - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 9:55 PM IST

Sensational murder of Dhakuakhana : সুনীল গগৈৰ সন্ধান ওলাবনে ? ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য় ভেদত আৰক্ষী সফল হোৱা নাই কিয় ?

Sensational murder of Dhakuakhana
সুনীল গগৈ ৰহস্যজনক কাণ্ড (ETV BHARAT ASSAM)

ঢকুৱাখনা, ১২ জুলাই: কেতিয়া ফাদিল হ’ব ৰাজ্য কঁপোৱা সুনীল গগৈৰ ৰহস্যজনক কাণ্ডৰ ? লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু সুনীল গগৈৰ ৰহস্যজনক সন্ধানহীন হোৱা ঘটনাই আজি অতিক্ৰম কৰিলে ৪২ দিন । এতিয়াও সকলো ৰহস্য হৈয়ে আছে ৷ অসম আৰক্ষীৰ তদন্তৰ ব্যৰ্থতাৰ পিচত অভিযান আৰম্ভ কৰা চি আই ডিয়েও যোৱা ১৪ দিনে এই হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিব পৰা নাই । এইবাৰ গুজৰাটৰ পৰা চি আই ডিয়ে আনিলে ভাৰতৰ প্ৰখ্যাত ফৰেনচিক বিশেষজ্ঞ । আজি বিয়লি ৫ বজাত ঢকুৱাখনাৰ সাপতীয়াৰ জাহাংগীৰ হুছেইন হত্যাকাণ্ডৰ ঘটনাস্থলীত উপস্থিত হয় প্ৰখ্যাত ফৰেনচিক বিশেষজ্ঞ গুজৰাট আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান কেশৱ কুমাৰ আৰু চি আই ডিৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নেতৃত্বত এটা বৃহৎ চি আই ডিৰ দল ।

ফৰেনচিক বিশেষজ্ঞগৰাকীৰ সৈতে অহা সহকৰ্মীয়ে ঘটনাস্থলীত প্ৰায় আধা ঘন্টা বিভিন্ন তথ্যৰ সন্ধানত অভিযান চলায় ৷ ঘটনাস্থলীৰ পৰা চি আই ডিৰ দলটোৱে বিভিন্ন ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰে । দলটোৱে ঘটনাস্থলীলৈ যোৱাৰ পূৰ্বেই ঢকুৱাখনা থানাত উপস্থিত হৈ আৰক্ষীৰ সৈতে এক আলোচনাতো মিলিত হয় । ইয়াৰ পূৰ্বেও ঘটনাৰ পিচতেই অসম আৰক্ষীয়ে আনিছিল গুজৰাটৰ বিশেষজ্ঞগৰাকীক । জাহাংগীৰ হত্যাৰ ৰহস্যও আজিও ৰহস্যই হৈ থাকিল ৷ আনহাতে, এতিয়াও সন্ধানহীন হৈ থকা সুনীল গগৈৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক:সুনীল গগৈৰ পত্নী-পুত্ৰক মাৰাথন জেৰা : তথাপিও সুনীল গগৈৰ নাই কোনো শুংসূত্ৰ - Dhakuakhana murder case

উল্লেখযোগ্য যে সুনীল গগৈৰ পত্নীক চি আ ইডিৰ আই জি পি সংযুক্তা পৰাশৰে দুদিনমান পূৰ্বে প্ৰশ্ন কৰিছিল " আপুনি কিয় বিধৱা সাঁজ পিন্ধি আছে ? আপোনাৰ স্বামী জীয়াই আছে ।" যোৱা ১ জুনৰ নিশা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল । হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীৰ সন্ধানৰ লগতে ছিন্নমুণ্ডৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে অসম আৰক্ষী । ঘটনাটো সংঘটিত হোৱাৰ ৩৮ দিনৰ পাচত পুনৰ মঙলবাৰে বিয়লি ঢকুৱাখনাত উপস্থিত হৈছিল চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰ । চি আই ডিৰ এটা পাঁচজনীয়া তদন্তকাৰী দলে ঢকুৱাখনাত বাহৰ পাতি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি সাপতীয়া চেতিয়া গাঁৱৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত দিনে-নিশাই চলাই আহিছে অভিযান । ইয়াৰ বিপৰীতে যোৱা ৪ জুলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ঢকুৱাখনা ভ্ৰমণৰ সময়ত সাক্ষাৎ কৰি সুনীলৰ পত্নী পুষ্পা গগৈ (বনশ্ৰী)য়ে " মই বিধৱা হৈ থাকিম নে সধৱা হৈ থাকিম " বুলি সোধা প্ৰশ্নৰ উত্তৰ মঙলবাৰে সুনীলৰ বাসগৃহত প্ৰথমবাৰৰ বাবে উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ হৈ উত্তৰ দি গ'ল চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰে ।

ইফালে, সুনীলৰ পত্নীয়ে বিষয়াগৰাকীক প্ৰশ্ন কৰি কয়," যদি জীয়াই আছে মোৰ স্বামীক উলিয়াই দিয়ক । যদি মোৰ মানুহজন জীয়াই আছে তেন্তে আমাক কিয় আনৰ মৃতদেহ সৎকাৰ কৰিবলৈ দিয়া হ'ল ? আমাক কিয় ধৰ্মীয় নীতি-নিয়মেৰে শ্ৰাদ্ধ পাতিবলৈ দিয়া হ'ল ?" সুনীলৰ পত্নীৰ প্ৰশ্নৰ উত্তৰত দায় সাৰিবলৈ গৈ চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰে ডি এন এৰ প্ৰতিবেদনত সেই মৃতদেহ জাহাংগীৰৰ বুলি পলমকৈ লাভ কৰা বুলিহে কয় ।

লগতে পঢ়ক:সুনীল গগৈ জীয়াই আছে ! পত্নীক বৈধব্যৰ সাজ এৰিবলৈ আহ্বান সংযুক্তা পৰাশৰৰ - DHAKUAKHANA MURDER CASE

ঢকুৱাখনাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ : জনালে জি পি সিঙে - Dhakuakhana murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.